Pomegranate Benefits: প্ৰতিদিনে ডালিম খালে কি লাভ হয়? জানক ইয়াৰ উপকাৰী গুণ…

Pomegranate Benefits: শৰীৰ সুস্থ আৰু শক্তিশালী কৰি ৰাখিবলৈ ডালিমে সহায় কৰে। ডালিমত বিভিন্ন প্ৰকাৰৰ পুষ্টিকৰ উপাদান থাকে। গতিকে ডালিম খালে কি কি লাভ হয় জনা দৰকাৰ।

Pomegranate Benefits: প্ৰতিদিনে ডালিম খালে কি লাভ হয়? জানক ইয়াৰ উপকাৰী গুণ...

ডালিমৰ গুণ

Published: 

30 Nov 2025 | 03:28 PM

শৰীৰ শক্তিশালী আৰু শৰীৰক পৰা বহু ৰোগ আঁতৰাই ৰখাৰ ক্ষেত্ৰত ফল-মূলে সহায় কৰে। বিভিন্ন ফল-মূলত বিভিন্ন প্ৰকাৰৰ ভিটামিন, প্ৰটিন, এন্টিঅক্সিডেন্টছ গুণ আদি থাকে। শৰীৰৰ বাবে উপকাৰী তেনে এবিধ ফল হ’ল ডালিম (Pomegranate)। ই স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। ডালিম খাবলৈ যিমান ভাল সিমানেই ই স্বাস্থ্যৰ বাবে ফলপ্ৰসূ। বহুতে ডালিম সাধাৰণভাৱে আৰু কিছুমানে জুচ খাই ভাল পায়। গতিকে ডালিম খালে কি কি ভাল ফল পোৱা যায় সবিশেষ উল্লেখ কৰা হ’ল।

ডালিমত কি কি থাকে?

ডালিমক ভিটামিন এ, চি, বি, মেগনেছিয়াম, পটেছিয়াম, ফচফৰাচ, ফাইবাৰ, কেলছিয়াম, এন্টিঅক্সিডেন্টছ, আয়ৰণ, ফলিক এচিড,জিংক আদি পুষ্টিকৰ উপাদান থাকে। কোৱা হয়, ১০০ গ্ৰাম ডালিমত ১.৬ গ্ৰাম প্ৰটিন, ৮৭ কেলৰ্জ, ১.১৭ গ্ৰাম চৰ্বি, ১২ গ্ৰাম মেগনেছিয়াম, ০.২ গ্ৰাম পটেছিয়াম থাকে।

কিহৰ বাবে ভাল

  • তেজ বৃদ্ধিঃ ডালিম খালে শৰীৰত তেজৰ অভাৱ পূৰণ হয়। এনিমিয়াত ভোগাসকলে ডালিম খাব পাৰে। ইয়াৰোপৰি তেজ বিশুদ্ধ কৰাতো ই সহায় কৰে।
  • পুৰুষঃ পুৰুষসকলৰ বাবে ডালিম বিশেষভাৱে উপকাৰী বুলি কব পাৰি। পুৰুষসকলৰ টেষ্টোষ্টেৰণৰ মাত্ৰা বৃদ্ধি কৰাৰ বাবে ডালিম লাভদায়ক। ইয়াৰোপৰি ই স্পাৰ্ম কাউন্ট বৃদ্ধি কৰে। মেল ফাৰ্টিলিটি বৃদ্ধি কৰাৰ বাবে ই ভাল।
  • হৃদযন্ত্ৰঃ হৃদযন্ত্ৰৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত ডালিম ফলপ্ৰসূ। হৃদযন্ত্ৰৰ বাবে ডালিম ভাল।
  • ৰোগ প্ৰতিৰোধ ক্ষমতাঃ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত ডালিম ভাল। ই শক্তি বৃদ্ধি কৰাত সহায় কৰে।
  • ডায়েবেটিছঃ ডায়েবেটিছ ৰোগীসকলৰ বাবে ডালিম ভাল। ই চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে। গতিকে ডালিম খাব পাৰে।

 

অন্য খবৰ পঢ়কঃ হাওঁফাওঁৰ কৰ্কট ৰোগ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা….

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...