Pineapple Benefits: আনাৰস খালে কি কি ৰোগৰ আশংকা কম হয়? জানক…

Pineapple Benefits: আনাৰস এক পুষ্টিকৰ ফল। ইয়াত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে যিয়ে শৰীৰক বিভিন্ন ধৰণৰ ৰোগৰ পৰা দূৰত ৰাখে। গতিকে আনাৰস খালে কি কি সমস্যা কম হ'ব পাৰে সেয়া জনা দৰকাৰ।

Pineapple Benefits: আনাৰস খালে কি কি ৰোগৰ আশংকা কম হয়? জানক...

আনাৰস

Published: 

16 Dec 2025 09:45 AM

শৰীৰক সুস্থ-সবল কৰি ৰাখিবলৈ ফল-মূল খোৱা দৰকাৰ। বিভিন্ন ধৰণৰ ফল-মূলৰ ভিতৰত মাটিকঠাল বা আনাৰস (Pineapple) অন্যতম। এই ফল বিধত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে যিয়ে বিভিন্ন ৰোগৰ পৰা শৰীৰক দূৰত থকাত সহায় কৰে। আনাৰসত ভিটামিন চি, ভিটামিন বি৬, ফাইবাৰ, মেগনেছিয়াম, পটেছিয়াম, আয়ৰণ, কপাৰ আদিকে ধৰি বিভিন্ন পুষ্টিকৰ উপাদান থাকে। বহুতে ইয়াক ফল হিচাপে খাই আৰু কিছুমানে জুচ বনাই খোৱা দেখা যায়। গতিকে আনাৰস খালে শৰীৰৰ বাবে কি কি ভাল সেয়া তলত উল্লেখ কৰা হ’ল।

আনাৰসৰ উপকাৰিতা

পাচনতন্ত্ৰঃ যদি আপোনাৰ পাচতন্ত্ৰৰ লগত জড়িত সমস্যা আছে তেন্তে আনাৰস খাব পাৰে। ইয়াত ব্ৰোমেলেন নামৰ এঞ্জাইম থাকে যিয়ে প্ৰ’টিনক পাচন কৰাত সহায় কৰে। ইয়াৰোপৰি এয়া খালে বদহজম, গেছ আদিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। ইয়াত ফাইবাৰ থাকে যিয়ে শৌচ ভাল কৰে।

হৃদযন্ত্ৰঃ আনাৰসত পটেছিয়াম, এন্টিঅক্সিডেন্ট আজি থাকে। যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আনাৰস খালে হৃদযন্ত্ৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। ইয়াৰোপৰি ই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতাঃ আনাৰসত ভিটামিন চি থাকে। এনে অৱস্থাত ই চৰ্দি, কাহ আদিৰ পৰা সকাহ দিয়াত সহায় কৰে। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি বিভিন্ন সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

ছালঃ আনাৰসত ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে। যিয়ে ছাল ধুনীয়া কৰি ৰখাত সহায় কৰে। ইয়াৰ লগতে ছালত বয়সত প্ৰভাৱ পৰাৰ পৰা ই ৰক্ষা কৰে।

ওজন নিয়ন্ত্ৰণঃ আনাৰসত ফাইবাৰ থাকে। এনে অৱস্থাত পেট বহু সময়লৈকে ভৰি থাকে। গতিকে অতিৰিক্তি খাদ্য গ্ৰহণৰ ক্ষেত্ৰত ই বাধা দিয়ে। এনেকৈ আনাৰসে ওজন নিয়ন্ত্ৰণত সহায় কৰে।

 

কিন্তু কিছুমানৰ বাবে আনাৰস ভাল নহয়। মাহেকীয়া, গৰ্ভৱতী মহিলা বা আপোনাৰ যদি কিবা বিশেষ ৰোগ আছে তেন্তে যিকোনো বস্তু খোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ লব লাগে।

 

অন্য খবৰ পঢ়কঃ প্ৰতিদিনে এটাকৈ মধুৰিআম খালে শৰীৰৰ কি কি ৰোগ ঠিক হয়? জানক…

শীতকালত হিটাৰ কেনেকৈ ব্যৱহাৰ কৰিব? ভুল কৰিলে হ'ব বিপদ!
বাৰে বাৰে গুপ্তাংগৰ খজুৱতিয়ে আমনি কৰিছে নেকি? ই কি ৰোগৰ কাৰণ জানক
এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...