শৌচ কৰাৰ সময়ত মোবাইল ব্যৱহাৰ কৰাৰ অভ্যাস আছে নেকি? হ’ব পাৰে এইসমূহ ডাঙৰ ৰোগ…

আজিকালি বহু মানুহৰ মোবাইল ফোন টয়লেটলৈ লৈ যোৱাৰ অভ্যাস আছে। আপোনাৰো এনে অভ্যাস আছে নেকি? যদি আছে তেন্তে সাৱধান হোৱা ভাল। কিয়নো ই ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

শৌচ কৰাৰ সময়ত মোবাইল ব্যৱহাৰ কৰাৰ অভ্যাস আছে নেকি? হব পাৰে এইসমূহ ডাঙৰ ৰোগ...

মোবাইল

Updated On: 

17 Sep 2025 | 08:57 PM

আজিকালি মানুহৰ মাজত মোবাইল ফোনৰ জনপ্ৰিয়তা অধিক হৈ পৰিছে। পুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি নিশা শুৱালৈকে, বিভিন্নজনৰ মোবাইল ফোন এক অভ্যাসত পৰিণত হৈছে। কিন্তু মোবাইল ফোনৰ ভাল দিশৰ লগতে বেয়া দিশো আছে। মোবাইলে শাৰীৰিক আৰু মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায়। কিন্তু এই কথা জানিও মোবাইল ফোনৰ ব্যৱহাৰ কম নহয় বহুতৰ। বিভিন্নজনে আনকি টয়লেট বা শৌচালয়লৈ যোৱাৰ সময়ত মোবাইল ফোন লগত লৈ যায়।

এনেকৈ শৌচালয় বা বাথৰুমত যোৱাৰ সময়ত মোবাইল লৈ নিয়াৰ বাবে গম নোপোৱাকৈ বহু সময় পাৰ হৈ যায়। ই বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে।  স্বাস্থ্য বিশেষজ্ঞ জনাই যে এনে কেইটামান কাৰণ আছে যি জানিলে হয়তো আপুনি আৰু কেতিয়াও ফোন লৈ বাথৰুমলৈ নাযায়। এই কাৰণ কেইটা তলত উল্লেখ কৰা হ’ল।

  • ফোন লৈ শৌচ কৰিলে গম নোপোৱাকৈ বহু সময় পাৰ হয়। যাৰ সময়ত পাইলচৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে। গৱেষণা অনুসৰি ফোন ব্যৱহাৰ কৰি শৌচ কৰাৰ ফলত পাইলচৰ সমস্যা ৪৬ শতাংশ বৃদ্ধি পায়।
  • বহু গৱেষণাত প্ৰকাশ পাইছে যে যিসকলে শৌচ কৰাৰ সময়ত ফোন ব্যৱহাৰ কৰে সেইসকলে বাথৰুমত ৫ মিনিটতকৈ অধিক সময় কটায়। যাৰ ফলত শৰীৰৰ তলৰ অংশত প্ৰভাৱ পৰে, আৰু ককালৰ বিষৰ দৰে সমস্যা হ’ব পাৰে।
  • টয়লেটত বহি ফোনটো স্ক্ৰল কৰি থাকিলে দীৰ্ঘ সময়ৰ বাবে বহি থাকিব পাৰে, যিয়ে আপোনাৰ পেলভিক ফ্ল’ৰত হেঁচা দিব পাৰে। ই আপোনাৰ পাইলচৰ সম্ভাৱনা বৃদ্ধি কৰে।
  • দীৰ্ঘ সময় টয়লেটত বহি থাকিলে ভৰিৰ পেশীবোৰ প্ৰভাৱিত হ’ব পাৰে। যাৰ ফলত তেজ সঞ্চালনত সমস্যা আহিব পাৰে। ই ডীপ বেন থ্ৰোম্বিছিচিৰ দৰে ৰোগৰ সৃষ্টি কৰিব পাৰে।
  • টয়লেটত বহু বীজানু থাকে। ফোন লৈ যোৱাৰ ফলত সেই বীজানু ফোনটোতো লাগিব পাৰে। এনেস্থলত এই বীজানু আপোনাৰ মুখলৈ যাব পাৰে। কিয়নো শৌচ কৰাৰ পাছত আপুনি হাত-মুখ ধুব পাৰে কিন্তু ফোনটো পৰিষ্কাৰ কৰিব নোৱাৰে।
  • টয়লেটত বহি থাকিলে মেৰুদণ্ডৰ বিষ হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰোপৰি পিঠি আৰু ডিঙিতো বিষৰ সৃষ্টি হ’ব পাৰে।স্পণ্ডেলাইটিছৰ দৰে ৰোগো হ’ব পাৰে।
  • বাথৰুমত সাধাৰণতে কম পোহৰ থাকে। তেনে স্থলত আপুনি ফোন ব্যৱহাৰ কৰাৰ বাবে মোবাইলৰ নীলা ৰশ্মিয়ে আপোনাৰ চকুত বেয়াকৈ প্ৰভাৱ পেলাব পাৰে।

ইয়াৰোপৰি আৰু বহু দিশ আছে যিয়ে আপোনাৰ স্বাস্থ্যত বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হোৱা ভাল। বিশেষজ্ঞৰ মতে, শৌচালয়ত ফোন ব্য়ৱহাৰ কৰিব নালাগে।

 

অন্য খবৰ পঢ়কঃ পুৰুষসকলৰ এই সাধাৰণ অভ্যাসে প্ৰভাৱিত কৰে প্ৰজনন ক্ষমতাক, জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...