Papaya Benefits: অমিতা খালে কি কি ৰোগৰ সম্ভাৱনা কম হয়? জানক সকলো…

Papaya Benefits: অমিতা এবিধ সুস্বাদু ফল। মানুহে কেঁচা হওক বা পকা, বিভিন্ন প্ৰকাৰে অমিতা খায়। পিছে আপুনি জানেনে অমিতাৰ বহু উপকাৰী গুণ আছে। যি বহু ৰোগৰ বাবে ভাল।

Papaya Benefits: অমিতা খালে কি কি ৰোগৰ সম্ভাৱনা কম হয়? জানক সকলো...

অমিতাৰ উপকাৰিতা

Published: 

23 Nov 2025 | 12:56 PM

অমিতা এবিধ সুস্বাদু আৰু স্বাস্থ্য উপকাৰী ফল। কেঁচা হওক বা পকা, বিভিন্ন ধৰণে মানুহে অমিতা (Papaya) খায়। অমিতা গৰম প্ৰকৃতিৰ বাবে গৰ্ভাৱস্থাত ই ক্ষতিকাৰক। কিন্তু কিছুমানৰ বাবে অমিতা ভাল। অমিতাত ফাইবাৰ,ভিটামিন চি, কেৰটিন, খনিজ পদাৰ্থ আদি থাকে। যাৰ বাবে ই স্বাস্থ্যৰ বাবে বহু উপকাৰী। গতিকে কি কি ৰোগত অমিতা ভাল বা ইয়াৰ উপকাৰ কি, সেই সন্দৰ্ভত তলত উল্লেখ কৰা হ’ল।

অমিতাৰ উপকাৰ

বাতবিষঃ অমিতাত এন্টি-ইনফ্লেমেটৰী এনজাইম থাকে যিয়ে বাতবিষৰ বিষ উপশম কৰাত সহায় কৰে। ইয়াৰোপৰি অমিতাত থকা পেপেইন আৰু চাইম’পেপেইনৰ দৰে প্ৰ’টিনত হজম কৰা এনজাইম থাকে। ইয়াৰোপৰি অমিতাত ভিটামিন এ, চি, ই, আৰু বিটা-কেৰটিন থাকে, যাৰ বাবে ই প্ৰদাহ কমোৱাৰ বাবে উপকাৰী।

কলেষ্টেৰল নিয়ন্ত্ৰণঃ অমিতাত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। ইয়াৰোপৰি ইয়াত ভিটামিন চি আৰু এন্টিঅক্সিডেন্টছ গুণ থাকে। যিয়ে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

দুৰ্বলতা দূৰঃ অমিতাই অসুস্থতা দূৰ কৰাত সহায় কৰে। ইয়াত থকা পুষ্টিকৰ উপাদানে দুৰ্বলতা দূৰ কৰি মানুহত শক্তি প্ৰদানত সহায় কৰে।

কৰ্কটৰ সম্ভাৱনা কমঃ অমিতাত ফোলেট, ভিটামিন ই, ভিটামিন চি, বিটা-কেৰটিন আদি থাকে। এই পুষ্টিকৰ উপাদানে কেন্সাৰৰ সম্ভাৱনা কম কৰাত সহায় কৰে।

ওজন নিয়ন্ত্ৰণঃ অমিতাত ফাইবাৰ,পটাছিয়াম, ফ’লেট, আৰু ভিটামিন এ আৰু চি থাকে।এই সকলোবোৰ পুষ্টিকৰ উপাদান আপোনাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। ফাইবাৰে ওজন কম কৰাত সহায় কৰে।

ছালঃ অমিতাত থকা পুষ্টিকৰ উপাদানে ছাল ধুনীয়া কৰি ৰখাত সহায় কৰে। ইয়াক ফেচপেক হিচাপেও ব্যৱহাৰ কৰিব পাৰি। ই ছালৰ সংক্ৰমণ ৰোধ কৰি ছাল উজ্বল কৰি তোলে।

উল্লেখ্য যে, সকলোৰে বাবে  অমিতা ভাল নহয়। কিছুমান মানুহে অমিতাৰ পৰা একেবাৰে দূৰত থাকিব লাগে। গতিকে আপোনাৰ যদি স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্য আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ হ’ব সৰ্বনাশ! এইসকল লোকে ভুলতো নাখাব অমিতা, জানক সকলো 

সূৰ্যাস্তৰ পাছত আনক নিদিব এই ৫বিধ বস্তু!
এই ৫টা ভুলে মানুহক কৰি তোলে দৰিদ্ৰ! জানক সকলো...
নিশা বাৰে বাৰে টোপনি ভাঙে নেকি? এই বিৰক্তিকৰ সমস্যাৰ আঁৰত আপোনাৰেই এইসমূহ ভুল!
Avocado ফল নে পাচলি? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি