মহিলাসকলৰ নাভিৰ চাৰিওফালে বিষ হৈ থকা কি ৰোগৰ লক্ষণ? জানক বিশেষজ্ঞৰ পৰা…

মহিলাসকল প্ৰায়ে পেটৰ বিষৰ সমস্যাত ভোগা দেখা যায়। কেতিয়াবা নাভিৰ ওচৰত বিষ হয়। সকলো সময়তে ই সাধাৰণ নহ'ব পাৰে। ইয়াৰ আঁৰত থাকিব পাৰে ডাঙৰ কাৰণ।

মহিলাসকলৰ নাভিৰ চাৰিওফালে বিষ হৈ থকা কি ৰোগৰ লক্ষণ? জানক বিশেষজ্ঞৰ পৰা...

নাভিৰ ওচৰত বিষ

Published: 

07 Aug 2025 14:29 PM

বহু সময়ত পেটত হৈ থকা সাধাৰণ বিষ আমি আওকান কৰো। বিশেষকৈ মহিলাসকলৰ নাভিৰ চাৰিওকাষে হোৱা বিষ সাধাৰণ বুলি গণ্য কৰা হয়। কিন্তু আপুনি জানেনে সকলো সময়তে ই সাধাৰণ নহয়। ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। কেৱল গেছ বা হজমৰ লগত জড়িত সমস্যা বুলি ইয়াক আওকান কৰা ঠিক নহয়। যদি বাৰে বাৰে এই বিষ হৈ থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

যেতিয়া পেটৰ মাজভাগত, নাভিৰ ওচৰত বিষ স্থায়ী হৈ ৰয় বা অবিৰতভাৱে হৈ থাতে তেন্তে সেয়া স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সংকেত হ’ব পাৰে।  এই ধৰণৰ বিষ কেতিয়াবা কেইমিনিটমান থাকে আৰু তাৰ পিছত নাইকিয়া হয়। কিন্তু কিছুমান ক্ষেত্ৰত ই ঘন্টা বা দিন ধৰি থাকিব পাৰে। কেতিয়াবা এই বিষ সামান্য হয় আৰু কেতিয়াবা তীব্ৰ হয়। কিন্তু প্ৰশ্ন হয়, যেতিয়া এই বিষ বাৰে বাৰে হয় আৰু ঠিক নহয় ই কি ৰোগৰ লক্ষণ হ’ব পাৰে।

নাভিৰ চাৰিওফালে বিষৰ সম্ভাৱ্য কাৰণ

গেছ আৰু পাচনতন্ত্ৰৰ সমস্যাঃ ইয়াৰ সাধাৰণ কাৰণ হ’ল- গেছ বা বদহজম। কিন্তু গেছৰ বিষ বেছিভাগেই খোৱাৰ কিছু সময়ৰ পিছত হয় আৰু লাহে লাহে নাইকীয়া হৈ যায়। যদি বিষটো ইয়াতকৈ বেছি দিন থাকে বা দৈনিক হয়, তেন্তে কথাটো আন কিবা হ’ব পাৰে।

এণ্ডোমেট্ৰিয়াছিছঃ মহিলাসকলৰ নাভিৰ ওচৰত বিষ হোৱাৰ আন এটা কাৰণ এণ্ডোমেট্ৰিয়াছিছও হ’ব পাৰে। এই অৱস্থাত জৰায়ুৰ ভিতৰৰ আৱৰণৰ দৰে কোষবোৰ শৰীৰৰ আন অংশত বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। কেতিয়াবা এই কোষবোৰ অন্ত্ৰ বা পেটৰ বেৰত উপনীত হয়, যাৰ ফলত নাভিৰ ওচৰত বিষ হয়। পিৰিয়ডৰ সময়ত এই বিষ বেছিকৈ বাঢ়িব পাৰে।

ডিম্বাশয়ৰ লগত জড়িত সমস্যাঃ ডিম্বাশয়ত চিষ্ট বা যিকোনো ধৰণৰ ফুলা থাকিলেও এই বিষ হব পাৰে। চিষ্টৰ সমস্যা হ’লে নাভিৰ এফালে বিষ হয়। বিষৰ লগতে যদি ভাগৰুৱা, দুৰ্বল অনুভৱ হয় তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

পেলভিক প্ৰদাহজনিত ৰোগঃ জৰায়ু, ফেল’পিয়ান টিউব বা ডিম্বাশয়লৈ সংক্ৰমণ বিয়পিলে নাভিৰ চাৰিওফালে বিষ হয়। ইয়াৰ লগতে জ্বৰ, স্ৰাৱ, দুৰ্বলতা আদি হব পাৰে।

নাভিৰ ওচৰত ফুলাঃ যদি নাভিৰ ওচৰত ফুলি যায় তেন্তে ই হাৰ্নিয়াৰ লক্ষণ হ’ব পাৰে। যেতিয়া অন্ত্ৰত কোনো সমস্যা হয় তেতিয়া এনে হয়।

বিশেষজ্ঞই কি কয়

নাভিৰ চাৰিওফালে হৈ থকা বিষ সকলো সময়তে সাধাৰণ নহ’ব পাৰে। যদি এই বিষ বাৰে বাৰে হৈ থাকে ই গুৰুতৰ সমস্যা সৃষ্টি কৰিব পাৰে। বহু সময়ত মহিলাসকলে ইয়াক ঋতুস্ৰাৱৰ বিষ বুলি ভাবি আওকাণ কৰে, আনহাতে ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। গতিকে এনে সমস্যা দেখা দিলে স্বাস্থ্য পৰীক্ষা কৰোৱা দৰকাৰ।

 

 

অন্য খবৰ পঢ়কঃ তেজত বেয়া কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক…

মুৰ্গীৰ লিভাৰ খোৱাটো শৰীৰৰ বাবে ভাল বা বেয়া, কি কয় পুষ্টিবিদসকলে?
ৰাখী পিন্ধোৱাৰ সময়ত ভাতৃয়ে কোন দিশত বহিব লাগে? ভুল কৰিলে সৰ্বনাশ!
ওঁঠৰ চাৰিওফালে ক'লা দাগ পৰিছে নেকি? এনেকৈ কৰক আঁতৰ...
আপোনাৰ শোৱা কোঠাত কেলেণ্ডাৰ আছে নেকি? জীৱনত কি প্ৰভাৱ পৰিব পাৰে জানেনে?