ঘা, ৰক্তক্ষৰণ…মুখৰ কৰ্কট ৰোগ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

দেশত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। এইসমূহৰ ভিতৰত মুখৰ কৰ্কট ৰোগো অন্যতম। যেতিয়া এই ৰোগ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

ঘা, ৰক্তক্ষৰণ...মুখৰ কৰ্কট ৰোগ হলে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা...

মুখৰ কৰ্কট ৰোগ

Published: 

27 Aug 2025 | 05:44 PM

দেশত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। বিভিন্ন কৰ্কট ৰোগৰ লগতে মুখৰ কৰ্কট ৰোগৰী সংখ্যাও বৃদ্ধি পাইছে। গ্ল’ব’কনৰ তথ্য অনুসৰি সকলো ধৰণৰ কৰ্কট ৰোগৰ প্ৰায় ১১ শতাংশই ওঁঠ আৰু মুখৰ কৰ্কট ৰোগ। প্ৰতিবছৰে এই ৰোগত আক্ৰান্ত হৈ বহু লোকে মৃত্যুকো সাৱতি হয়। কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা একাংশৰ ভিতৰত গাল, জিভা আদিত হোৱা কৰ্কট ৰোগ অন্যতম। এই কৰ্কট ৰোগৰ লক্ষণসমূহ অতি সোনকালে দেখা দিবলৈ আৰম্ভ কৰে। কিন্তু বহু মানুহে ইয়াক সাধাৰণ বুলি আওকান কৰি চলে। যেতিয়া সমস্যা গুৰুতৰ হয় তেতিয়া চিকিৎসকৰ ওচৰলৈ যায় যদিও অসুবিধাৰ সৃষ্টি হয়।

কাৰণ

দিল্লীৰ মেক্স হাস্পতালৰ ডিঙিৰ কৰ্কট ৰোগৰ মুখ্য অস্ত্ৰোপচাৰ বিশেষজ্ঞ তথা পৰামৰ্শদাতা ডাঃ অক্ষত মালিকে কয় যে,মুখৰ কৰ্কট ৰোগৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে ধঁপাত সেৱন কৰা। চিগাৰেট, খাইনী, গুটখা আদিৰ ফলত মুখৰ কৰ্কট ৰোগ হ’ব পাৰে। ইয়াৰোপৰি যিসকলে ধঁপাতৰ লগতে মদ খাই তেওঁলোকৰ মুখৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰোপৰি মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাত গুৰুত্ব প্ৰদান নকৰিলেও এই কৰ্কট ৰোগ হ’ব পাৰে। ধূমপানৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰো সম্ভাৱনা বৃদ্ধি পায়।

লক্ষণ

তেওঁ কয় যে, মুখৰ কৰ্কট ৰোগ হ’লে কিছুমান লক্ষণে দেখা দিয়ে। জিভাত ঘা, মুখত ঘা, দাঁত ক্ষয় আৰু দাঁতৰ আঁলুৰ পৰা ৰক্তক্ষৰণ আৰু খাদ্য খোৱাৰ সময়ত খাদ্য গিলিবলৈ অসুবিধা হোৱা আদি মুখৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ।

  • লিউকোপ্লাকিয়া: মুখ বা ডিঙিত চেপেতা বগা বা ধোৱা ৰঙৰ দাগ হ’ব পাৰে।
  • ইৰিথ্ৰ’প্লাকিয়া: পাছলৈ এই দাগ ৰঙা হ’ব পাৰে। কেতিয়াবা তেজ ওলাব পাৰে।
  • ইৰিথ্ৰ’লিউকোপ্লাকিয়াঃ এনে অৱস্থাত দাগ ৰঙা আৰু বগা হ’ব পাৰে।

কিছুমান লক্ষণ-

  • ওঁঠ আৰু মুখৰ ভিতৰত ঘা। যাৰ পৰা সহজে তেজ ওলাব পাৰে আৰু দুসপ্তাহতকৈও অধিক সময় থাকে।
  • ওঁঠ, আলু বা মুখৰ ভিতৰত খোলাযুক্ত অংশ।
  • মুখ আৰু ডিঙিত অজ্ঞানতা।
  • গিলিবলৈ অসুবিধা।
  • ওজন হ্ৰাস
  • কাণৰ বিষ
  • মুখৰ বেয়া গোন্ধ।

পৰিত্ৰাণৰ উপায়

  • ধূমপানৰ পৰা আঁতৰি থাকক।
  • মুখৰ পৰিস্কাৰ-পৰিচ্চন্নতাৰ ওপৰত গুৰুত্ব দিয়ক।
  • মুখৰ প্ৰতিদিনে চাফা কৰিব।
  • পুৱা আৰু শুৱাৰ পূৰ্বে দাঁত চাফা কৰিব।
  • ব্যায়ম কৰিব।

চিকিৎসকে কয় যে, প্ৰথম পৰ্যায়ত কেমোথেৰাপি আৰু ৰেডিওথেৰাপী দিয়া হয়। ইয়াৰোপৰি অস্ত্ৰোপচাৰ কৰা হয়। চিকিৎসকে অস্ত্ৰোপচাৰৰ জৰিয়তে কেন্সাৰ সৃষ্টি কৰা টিউমাৰটো আঁতৰাই পেলায়। উল্লেখ্য যে, যদি দীৰ্ঘদিন ধৰি এই লক্ষণসমূহে দেখা দিয়ে তেন্তে শীঘ্ৰেই বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ সঘনাই চৰ্দি-জ্বৰ হৈ থাকে নেকি? তেন্তে হ’ব পাৰে এই সমস্যাৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...