ভ্ৰমণ কৰিবলৈ নাপাহৰিব ! অসমৰ ৭ খন বিখ্যাত পৰ্যটন স্থান চাওক... | offbeat places to visit in assam Assam news - Assam Tv9

ভ্ৰমণ কৰিবলৈ নাপাহৰিব ! অসমৰ ৭ খন বিখ্যাত পৰ্যটন স্থান চাওক…

Published: 

04 Aug 2024 14:11 PM

এফালে নদী, আনফালে পাহাৰ । অসমৰ এই প্ৰাকৃতিক সৌন্দৰ্য্যই প্ৰতিবছৰে পৰ্যটকক আকৰ্ষণ কৰি আহিছে । এই প্ৰতিবেদনত অসমৰ ৭ খন বিখ্যাত ঠাইৰ নাম উল্লেখ কৰা হৈছে ।

1 / 8এফালে নদী, আনফালে পাহাৰ । অসমৰ এই প্ৰাকৃতিক সৌন্দৰ্য্যই প্ৰতিবছৰে পৰ্যটকক আকৰ্ষণ কৰি আহিছে । এই প্ৰতিবেদনত অসমৰ ৭ খন বিখ্যাত ঠাইৰ নাম উল্লেখ কৰা হৈছে ।

এফালে নদী, আনফালে পাহাৰ । অসমৰ এই প্ৰাকৃতিক সৌন্দৰ্য্যই প্ৰতিবছৰে পৰ্যটকক আকৰ্ষণ কৰি আহিছে । এই প্ৰতিবেদনত অসমৰ ৭ খন বিখ্যাত ঠাইৰ নাম উল্লেখ কৰা হৈছে ।

2 / 8

বিশ্বৰ সৰ্ববৃহৎ নদী-দ্বীপ মাজুলী । সত্ৰ নগৰী মাজুলী মুখা শিল্পৰ বাবে বিখ্যাত । পোন্ধৰ শতিকাত শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাটকত এনে মুখা ব্যৱহাৰ কৰা হৈছিল। প্ৰাচীন শিল্পকলা চাবলৈও আপুনি মাজুলী ভ্ৰমণ কৰিব পাৰে।

3 / 8

বিশ্বৰ ঐতিহ্য স্থান হিচাপে ইউনেস্ক'ৰ স্বীকৃতিপ্ৰাপ্ত মানস ৰাষ্ট্ৰীয় উদ্যান। ইয়াক ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল (Project Tiger Reserve), হস্তী সংৰক্ষিত বনাঞ্চল (Elephant Reserve), তথা বায়’ছফিয়েৰ ৰিজাৰ্ভ (Biosphere Reserve) বুলি জনা যায় ।

4 / 8

চিংফো চাহ বাগিচা - চিংফো চাহ বাগিচা চাবলৈ ডিব্ৰুগড়ৰ পৰা চিংফো গাঁওলৈ বাছত উঠিব লাগে। চাহ পুলি ৰোপণৰ পৰা আৰম্ভ কৰি চাহপাত ছিঙালৈকে চাহ উৎপাদনৰ প্ৰতিটো খোজ ইয়াত দেখা পোৱা যায়।

5 / 8

হাফলং - হাফলং অসমৰ ডিমহাচাও জিলাত অৱস্থিত । প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ইয়াৰ জলবায়ুৰ বাবে হাফলঙক উত্তৰ-পূব ভাৰতৰ চুইজাৰলেণ্ড বুলি কোৱা হয়। শিলচৰৰ পৰা হাফলংলৈ যাবলৈ সুবিধা আছে।

6 / 8

মাইবং - মাইবং হাফলঙৰ পৰা ৪৫ কিলোমিটাৰ দূৰত্বত। এই ঠাইখন এসময়ত অসমৰ কছাৰী ৰজাসকলৰ ৰাজধানী আছিল।

7 / 8

শিৱসাগৰ - অসমৰ ঐতিহাসিক চহৰখন হৈছে শিৱসাগৰ । আহোম ৰাজত্ব কালত নিমাৰ্ণ কৰা বিভিন্ন কীৰ্তিচিহ্ন সমগ্ৰ শিৱসাগৰ জিলাতে আছে।

8 / 8

যোৰহাট - বৰ্তমান যোৰহাটৰ প্ৰধান আকৰ্ষণ হৈছে মুলাই বনাঞ্চল। যাদৱ পায়েঙে সৃষ্টি কৰা এই মুলাই বনাঞ্চলত এতিয়া পৃথিৱী সৰ্ববৃহৎ হাতীৰ জাকটো আছে বুলি কোৱা হয় । ইফালে যোৰহাট ভ্ৰমণ কৰি আপুনি গিবন অভয়াৰণ্য চাব পাৰে ।

আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...
ভাৰতৰ পৰা সৰ্বাধিক সুৰা ক্ৰয় কৰে এইখন মুছলমান দেশে! কিমান?
নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...