এই বিশেষ কণীয়ে বৃদ্ধি কৰে কৰ্কট ৰোগৰ আশংকা! জানক বিশেষজ্ঞৰ পৰা…

Eggs: বহু মানুহে প্ৰ'টিনৰ বাবে দিনটোত কেইবাটাও কণী খায়। কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। অভিযোগ অনুসৰি একাংশই কুকুৰাত বিশেষ এন্টিবায়টিক ব্যৱহাৰ কৰে যি মানুহৰ বাবে ক্ষতিকাৰক।

এই বিশেষ কণীয়ে বৃদ্ধি কৰে কৰ্কট ৰোগৰ আশংকা! জানক বিশেষজ্ঞৰ পৰা...

কণী

Published: 

16 Dec 2025 | 02:37 PM

শেহতীয়াকৈ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণ (Food Safety and Standards Authority of India) য়ে দেশৰ বিভিন্ন প্ৰান্তৰ কণীৰ নমুনা পৰীক্ষাৰ বাবে আহ্বান জনাইছে। কিছুমান হাঁহ-কুকুৰাৰ পামত নাইট্ৰ’ফ্যুৰান (Nitrofurans ) ব্যৱহাৰ কৰা বুলি লাভ কৰা অভিযোগৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই এন্টিবায়োটিকৰ দ্বাৰা কুকুৰাৰ দ্ৰুত বৃদ্ধি আৰু সংক্ৰমণ প্ৰতিৰোধৰ কৰা হয়। এই এন্টিবায়োটিক ভাৰতত নিষিদ্ধ যদিও এতিয়া কিছুমানে ব্যৱহাৰ কৰা বুলি আশংকা কৰা হৈছে।

যদি কুকুৰাক নাইট্ৰ’ফিউৰান দিয়া হয় তেন্তে ইয়াত থকা ৰাসায়নিক পদাৰ্থবোৰো কণীলৈ যায়। গতিকে যিয়ে এই কণী খাই তেওঁলোকৰ বাবে ই ক্ষতিকাৰক হৈ পৰে।

কিয় বিপদজনক

দিল্লীৰ লেডী হাৰ্ডিং মেডিকেল কলেজৰ চিকিৎসা বিভাগৰ সঞ্চালক অধ্যাপক ডাঃ এল এইচ ঘোটেকাৰে এই সন্দৰ্ভত সবিশেষ জনাইছে। তেওঁ কয় যে, নাইট্ৰ’ফ্যুৰান (এন্টিবায়টিক) শৰীৰত প্ৰৱেশ কৰি ডি এন এৰ ক্ষতি কৰিব পাৰে। ইয়াৰোপৰি বহু ৰোগৰ আশংকা বৃদ্ধি পায়। এই ঔষধে যকৃত আৰু বৃক্কৰ কোষৰ ক্ষতি কৰে। ইয়াৰ ফলত ফেটি লিভাৰ আৰু কিডনীৰ লগত জড়িত বিভিন্ন ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। দীৰ্ঘসময় ধৰি এনে ক্ষতি খালে ই মাৰাত্মক হ’ব পাৰে।

তেওঁ আৰু কয় যে, জীৱ-জন্তৰ বৃদ্ধিৰ বাবে এই ঔষধ বেজীৰ সহায়ত দিয়া হয়। কিন্তু ভাৰতত ইয়াক নিষিদ্ধ কৰা হৈছে। কিন্তু কিছুমানে হয়তো এই ঔষধ আজিও ব্যৱহাৰ কৰি আছে। এনে পৰিস্থিতিত FSSAI এ সঠিক পদক্ষেপ গ্ৰহণ কৰিছে কিয়নো ইয়াক ব্যৱহাৰ কৰা পৰিমাণ বৃদ্ধি পালে মানুহৰ বাবে বিপদজনক হৈ পৰিব।

কৰ্কট ৰোগৰ আশংকা

নাইট্ৰ’ফিউৰানযুক্ত কণী এমাহ বা দুমাহ খালে কৰ্কট ৰোগৰ সম্ভাৱনা নাই। কিন্তু কোনো ব্যক্তিয়ে যদি বছৰ বছৰ ধৰি এই কণী খাই তেন্তে কৰ্কটৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এই ঔষধবোৰ যেতিয়া দীৰ্ঘদিন শৰীৰত প্ৰৱেশ কৰে তেতিয়া ই অন্ত্ৰৰ কোষবোৰক ক্ষতিগ্ৰস্ত কৰে, যাৰ ফলত প্ৰদাহ হয় আৰু কিছুমান ক্ষেত্ৰত কোষৰ দ্ৰুত বৃদ্ধি হয়, যাৰ ফলত পিছলৈ কেন্সাৰ হয়।

কেনেকৈ চিনিব

চিকিৎসকগৰাকীয়ে কয় যে, সাধাৰণভাৱে এই কণী চিনিব নোৱাৰি। কাৰণ ঔষধ ব্যৱহাৰ কৰাৰ ফলত ৰং, গোন্ধ বা সোৱাদৰ কোনো পৰিৱৰ্তন হয়। কেৱল লেব টেষ্টৰ জৰিয়তেহে ইয়াক ধৰা পেলাব পাৰি। গতিকে FSSAIৰ অনুজ্ঞাপত্ৰ থকা ষ্টোৰৰ পৰা কণী ক্ৰয় কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ আনাৰস খালে কি কি ৰোগৰ আশংকা কম হয়? জানক…

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...