২৩ কিলো ওজন হ্ৰাস কৰিলে নেহা ধুপিয়াই, ক’লে কেনেদৰে এয়া হ’ল সম্ভৱ…

মই মোৰ বেষ্ট দিছিলো। এতিয়া মই নিজকে আগতকৈ বেছি ফিট আৰু আত্মবিশ্বাসী অনুভৱ কৰিছো। দুটি সন্তানৰ মাতৃ, এগৰাকী অভিনেত্ৰী, উদ্যোগী হিচাপে এই কথা শ্বেয়াৰ কৰিবলৈ পাই সুখী হৈছো''।

২৩ কিলো ওজন হ্ৰাস কৰিলে নেহা ধুপিয়াই, কলে কেনেদৰে এয়া হল সম্ভৱ...

নেহা

Published: 

15 Jul 2024 | 04:10 PM

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত নেহা ধুপিয়াও অন্যতম।  অভিনয়ৰ লগতে সবল ব্যক্তিত্বৰে এক সুকীয়া পৰিচয় দাঙি ধৰে নেহাই। কেৰিয়াৰৰ লগত নিজৰ ব্যক্তিগত জীৱনৰ ভাৰাসাম্য বজাই ৰাখিছে নেতাই। ৪৩ বছৰীয়া নেহা ধুপিয়াই ২০১৮ চনত অংগদ বেদীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। নেহাৰ  দুটি সন্তান আছে,  মেহৰ আৰু গুৰিক। প্ৰতিগৰাকী মহিলাৰ দৰে নেহা ধুপিয়াইও প্ৰসৱৰ পিছত শৰীৰৰ পৰিৱৰ্তনৰ সন্মুখীন হ’বলগীয়া হৈছিল। দুয়োটা সন্তানৰ জন্মৰ পিছত নেহাৰ ওজন বহুত বাঢ়ি গৈছিল । কিন্তু নেহাই বহু কষ্ট কৰি ২৩ কেজি ওজন কমায়।

নেহা ধুপিয়াই নিজৰ ওজন হ্ৰাসৰ কৰাৰ বিষয়ে শ্বেয়াৰ কৰি কয় যে যেতিয়া তেওঁৰ ওজন বাঢ়িছিল তেতিয়া বহুতে কিবা কিবি কৈছিল। সেয়া অতি কঠিন সময় আছিল কিন্তু কেতিয়াও হাৰ মনা নাছিল। আৰু এতিয়া ওজন হ্ৰাস হৈছে নেহাৰ। কেনেদৰে নেহাই নিজৰ ওজন হ্ৰাস কৰিলে সেই বিষয়ে অনুৰাগীসকলক জনাইছে।

নেহা ধুপিয়াই তেওঁৰ দুখন ফটো একেলগে শ্বেয়াৰ কৰে। ইয়াৰে এখনত তেওঁ কেজুৱেল লুকত দেখা গৈছে আৰু আনখন ফটোত তেওঁক যোগাসন কৰি থকা দেখা গৈছে। নেহা ধুপিয়াই লিখিছে যে মোৰ ওজন ২৩ কেজি কমিছে আৰু এয়া বাস্তৱত হৈছে। নেহাই কয় যে, ওজন বাঢ়ি অহা আৰু সেই ওজন হ্ৰাস কৰাৰ সহজ নাছিল। দুবাৰকৈ প্ৰসৱ হোৱাৰ পাছত ওজন বাঢ়ি গৈছিল। কিন্তু ওজন বঢ়া শৰীৰ লৈ মই থাকি ভাল নাপাওঁ। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ পোৱা অতি কঠিন আছিল।

 

 

নেহাই কয়, মই যেতিয়াই কৰবালৈ গৈছিলো তাতেই ওজন বৃদ্ধি হোৱা বা আন কিছুমান পৰামৰ্শক লৈ আলোচনা হৈ আছিল। এই সকলোবোৰ শুনি মই মূৰ তল কৰি বহি থাকো। কাৰণ এই সকলোবোৰ শুনি শুনি মই ভাগৰি পৰিছিলো। তাৰ পাছতে ওজন হ্ৰাস কৰাৰ এই যাত্ৰা আত্মপ্ৰেমৰ সৈতে প্ৰায় ১ বছৰ আগৰ পৰা আৰম্ভ কৰিছিলো।

তেওঁ কয় যে, ওজন কমাবলৈ নেহা ধুপিয়াই প্ৰথমে নিজৰ প্ৰিয় প্ৰশিক্ষকক ফোন কৰিছিল আৰু তাৰ পিছত ঠিক পিছদিনাৰ পৰা প্ৰশিক্ষণ আৰম্ভ হৈছিল। তেওঁ ভাল ৰুটীন আৰু ডায়েট মানি চলিছিল। তেওঁ কয় যে,, মই বিষ অনুভৱ কৰিছিলো কিন্তু সেয়া কাকো দেখুওৱা নাছিলো। দুটাকৈ সন্তানৰ মাতৃ, কাম তাৰ আৰু তাৰ মাজেৰে গতি কৰা সহজ নাছিল।

নেহা ধুপিয়াই কয় যে তেওঁ ওজন কমাওঁতে চেনি একেবাৰেই নাখাইছিল ।  ১৪ ঘন্টা খোৱাৰ পৰা বিৰতি লৈছিল। তেওঁ কয়,’ মই মোৰ বেষ্ট দিছিলো। এতিয়া মই নিজকে আগতকৈ বেছি ফিট আৰু আত্মবিশ্বাসী অনুভৱ কৰিছো। দুটি সন্তানৰ মাতৃ, এগৰাকী অভিনেত্ৰী, উদ্যোগী হিচাপে এই কথা শ্বেয়াৰ কৰিবলৈ পাই সুখী হৈছো”।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...