Neck Pain: ডিঙিৰ বিষ হৈ থাকে নেকি? হ’ব পাৰে এই সমস্যাৰ লক্ষণ…

Neck Pain: প্ৰায়ভাগ মানুহৰে ডিঙি বিষৰ সমস্যা থাকে। কেতিয়াবা এই বিষ হোৱা সাধাৰণ কথা। কিন্তু দীৰ্ঘদিন ধৰি এনে বিষ হৈ থাকিলে ই চিন্তাৰ কাৰণ হ'ব পাৰে। ইয়াৰ আঁৰত থাকিব পাৰে আন কোনো কাৰণ।

Neck Pain: ডিঙিৰ বিষ হৈ থাকে নেকি? হব পাৰে এই সমস্যাৰ লক্ষণ...

ডিঙিৰ বিষৰ কাৰণ

Published: 

28 Dec 2025 | 08:20 PM

প্ৰায় বহু মানুহে ডিঙিৰ বিষৰ সমস্যাত ভোগে। মোবাইল বা লেপটপ দীৰ্ঘসময় সময় কৰা, বেয়াকৈ বহা, জিৰণি লোৱাৰ অভাৱ আদিৰ ফলত এনে হয়। মানুহে এই বিষ বহু সময়ত সাধাৰণ বুলি আওকাণ কৰে। কিন্তু কেতিয়াবা ইয়াৰ আঁৰত কোনো আন কাৰণ থাকিব পাৰে। বহুক্ষেত্ৰত পুষ্টিৰ অভাৱৰ বাবেও এনে হ’ব পাৰে। বিশেষকৈ যেতিয়া এই বিষ দীৰ্ঘ দিন থাকে, ডিঙিটো জঠৰ হৈ পৰে আনকি ডিঙি ঘূৰোৱাত সমস্যা আহি পৰে তেন্তে ইয়াৰ আঁৰত আন কাৰণ থাকিব পাৰে।

কিয় হ’ব পাৰে বিষ?

এই সন্দৰ্ভত সবিশেষ জনাইছে লেডী হাৰ্ডিং হাস্পতালৰ ডাঃ এল এইচ ঘোটেকাৰে। তেওঁ কয় যে, ভিটামিনৰ অভাৱৰ ফলতো ডিঙিৰ বিষ হ’ব পাৰে। ভিটামিন ডি (Vitamin D) আৰু ভিটামিন বি১২ (Vitamin B12) ৰ অভাৱৰ ফলত ডিঙিৰ বিষ হ’ব পাৰে। ভিটামিন ডিৰ অভাৱৰ ফলত হাড় দুৰ্বল হৈ পৰে আৰু পেশীবোৰ জঠৰ হৈ পৰে, যাৰ ফলত ডিঙিৰ বিষ হ’ব পাৰে।

ইয়াৰোপৰি স্নায়ুৰ বাবে প্ৰয়োজনীয় ভিটামিন বি ১২। যেতিয়া ইয়াৰ অভাৱ হয় তেতিয়া স্নায়ু দুৰ্বল, জিনজিননি আনকি বিষ পৰ্যন্ত হ’ব পাৰে। ইয়াৰ প্ৰভাৱ ডিঙিত পৰাও দেখা যায়। কেতিয়াবা এই বিষ ক্ৰমান্বয়ে বাঢ়ি যায় আৰু জিৰণি লোৱাৰ পাছতো ঠিক নহয়। গতিকে দীৰ্ঘদিন এনে হ’লে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।

কি কৰিব?

ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ পুৱাৰ ৰ’দত বহিব পাৰে। ইয়াৰোপৰি গাখীৰ, দৈ,কণী আদি খাব পাৰে। ইফালে ভিটামিন বি১২ ৰ অভাৱ দূৰ কৰিবলৈ দৈ, গাখীৰ, কণী, পনীৰ,আদি খাব পাৰে। নিৰামিষ খাদ্য খোৱাসকলৰ এই ভিটামিনৰ অভাৱ বেছি হোৱা দেখা যায়। গতিকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি পৰিপূৰক গ্ৰহণ কৰিব পাৰে।

গুৰুত্বপূৰ্ণ

  • সঠিক ভংগীমাত বহা দৰকাৰ।
  • একে অৱস্থাত বেছি সময় বহি থাকিব নালাগে।
  • ডিঙিৰ ব্যায়ম কৰক।
  • ফোন, লেপটপ কমকৈ ব্যৱহাৰ কৰক।
  • বিষ হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ  কৰক।

 

 

অন্য খবৰ পঢ়কঃ শীতকালত উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে ঠাণ্ডা পানীৰে গা ধুব লাগেনে নালাগে?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...