নাভিৰ কাষত বিষ হৈ থাকে নেকি? ই কি ৰোগৰ লক্ষণ, জানক…

মহিলাসকলৰ প্ৰায়ে নাভিৰ ওচৰত বিষ হৈ থকা দেখা যায়। কেতিয়াবা এই বিষ হোৱা সাধাৰণ কথা। কিন্তু যদি দীৰ্ঘদিন ধৰি এই বিষ হৈ থাকে তেন্তে ইয়াক সহজভাৱে ল'ব নালাগে। ই কোনো সমস্যাৰ ইংগিত হ'ব পাৰে।

নাভিৰ কাষত বিষ হৈ থাকে নেকি? ই কি ৰোগৰ লক্ষণ, জানক...

নাভিৰ বিষ

Published: 

03 Dec 2025 | 10:05 PM

আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় সমস্যা হোৱা দেখা যায়। গতিকে নিজৰ যত্ন লোৱা অতিকে প্ৰয়োজন। কেতিয়াবা মহিলাসকলৰ নাভিৰ চাৰিওফালে বিষ অনুভৱ হয়। এনে অৱস্থাত বহুতে এয়া সাধাৰণ বা মাহেকীয়াৰ বিষ বুলি আওকাণ কৰে। কিন্তু সকলো সময়তে ই সাধাৰণ নহ’ব পাৰে। ইয়াৰ আঁৰত থাকিব পাৰে অন্য কাৰণ। কেতিয়াবা নাভিৰ চাৰিওফালে হোৱা বিষে কিছুমান ৰোগৰ সংকেত দিয়ে। গতিকে এই সন্দৰ্ভত সবিশেষ তলত উল্লেখ কৰা হ’ল।

কিয় বিষ হয়

গেছ,পাচনতন্ত্ৰৰ সমস্যাঃ   সাধাৰণ কাৰণ হ’ল পেটৰ সমস্যা। গেছৰ বাবে বিষ হ’লে বেছিভাগ খোৱাৰ আগত বা পাছত হয়। এই বিষ কিছুসময় থাকি পাছলৈ নোহোৱা হৈ যায়। পেটৰ অন্য সমস্যাতো বিষ হয়। কিন্তু বিষ যদি দীৰ্ঘদিন আৰু দৈনিক হৈ থাকে তেন্তে এয়া সহজভাৱে ল’ব নালাগে।

এণ্ডোমেট্ৰিয়াছিছঃ এণ্ডোমেট্ৰিয়াছিছৰ ফলতো নাভিৰ চাৰিওফালে হ’ব পাৰে। এই অৱস্থাত জৰায়ুৰ ভিতৰৰ আৱৰণৰ দৰে কোষবোৰ শৰীৰৰ আন অংশত বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। এই কোষবোৰ কেতিয়াবা অন্ত্ৰ বা পেটৰ বেৰত উপনীত হয়,  এনে অৱস্থাত নাভিৰ চাৰিওফালে বিষ হ’বলৈ আৰম্ভ কৰে। মাহেকীয়াৰ সময়ত এই বিষ বাঢ়িব পাৰে।

ডিম্বাশয়ৰ লগত জড়িত সমস্যাঃ ডিম্বাশয়ত চিষ্ট বা যিকোনো ধৰণৰ ফুলাৰ সমস্যা থাকিলেও এই বিষ হ’ব পাৰে। যদি কোনো মহিলাৰ চিষ্টৰ সমস্যা থাকে তেন্তে নাভিৰ এফালে বিষ হয়। ইয়াৰ লগতে ভাগৰ, দুৰ্বলতা আদি হ’ব পাৰে।

পেলভিক প্ৰদাহজনিত ৰোগঃ জৰায়ু, ফেল’পিয়ান টিউব বা ডিম্বাশয়লৈ সংক্ৰমণ বিয়পিলে নাভিৰ চাৰিওফালে বিষ হয়। ইয়াৰ লগতে জ্বৰ, বিষ বা আন লক্ষণ দেখা দিব পাৰে।

নাভিৰ ওচৰত ফুলাঃ যদি নাভিৰ ওচৰত ফুলি যায় তেন্তে ই হাৰ্নিয়াৰ লক্ষণ হ’ব পাৰে। অন্ত্ৰৰ সমস্যা হ’লে এনে হয়।

 

ওপৰত কিছুমান সাম্ভাব্য কাৰণ বিষয়ে উল্লেখ কৰা হৈছে। কিন্তু আপুনি যদি দীৰ্ঘদিন ধৰি নাভিৰ বিষৰ সমস্যাত ভোগে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

 

অন্য খবৰ পঢ়কঃ হেপাটাইটিছ বিৰ লক্ষণসমূহ কি কি? জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব