গৰমৰ দিনত এইসমূহ প্ৰাকৃতিক বস্তুৰে দূৰ কৰক মূৰৰ বিষ, নোহোৱা হ’ব ভাগৰ…
গ্ৰীষ্মকালত অত্যধিক আৰ্দ্ৰতা বা দুপৰীয়াৰ সময়ত তাপমাত্ৰা বৃদ্ধি হ’লে বহুতৰে মূৰৰ বিষ এটা সাধাৰণ সমস্যা। ইয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে ডিহাইড্ৰেচন (পানীৰ অভাৱ)। এই প্ৰতিবেদনত আমি এনে চাৰিটা প্ৰাকৃতিক বস্তুৰ বিষয়ে জানিব পাৰিম যিয়ে গ্ৰীষ্মকালত মূৰৰ বিষৰ পৰা সকাহ দিয়ে।

মূৰৰ বিষ
যদি আপোনাৰো গৰমৰ দিনত মূৰৰ বিষ হয়, তেন্তে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বাৰে বাৰে ঔষধ সেৱন কৰা উচিত নহয়, কাৰণ বিষনাশক ঔষধ বৃহৎ পৰিমাণে সেৱন কৰিলেও ই শৰীৰৰ ক্ষতি কৰে। প্ৰকৃততে শৰীৰৰ উষ্ণতা বেছি হ’লে মূৰৰ বিষ হয়। এই সময়ত বহু সময়ত নিশা টোপনি নাহে, যাৰ ফলত মুডৰ পৰিৱৰ্তনৰ লগতে মূৰৰ বিষ হয়। প্ৰচণ্ড সূৰ্যৰ তাপৰ বাবে পানীৰ অভাৱতো মূৰৰ বিষ হ’ব পাৰে। ইয়াৰ বাবে আপুনি মানসিকভাৱে অতি ভাগৰুৱা আৰু খিংখিঙীয়া হ’বলৈ আৰম্ভ কৰে। কিছুমান লোকৰ গৰম বতৰত মাইগ্ৰেইন ট্ৰিগাৰ হোৱাৰ বাবে মূৰৰ বিষৰ সমস্যা হয়। ইয়াতো আপোনাৰ বাবে প্ৰাকৃতিক বস্তুবোৰ অতি উপযোগী হ’ব পাৰে।
বিশেষজ্ঞসকলেও কয় যে প্ৰাকৃতিক বস্তুৰ পৰা পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনা অতি কম আৰু যিকোনো ধৰণৰ প্ৰভাৱ থাকিলেও সেয়া অতি সামান্য। এই প্ৰতিবেদনত আমি কিছুমান প্ৰাকৃতিক কথা ক’ম, যিবোৰ আপুনি মূৰৰ বিষৰ পৰা সকাহ পাবলৈ বাবে প্ৰতিকাৰ হিচাপে ল’ব পাৰে। ইয়াৰ ফলত আপোনাৰ মুড ভালে থাকিব।
পদিনা চাহ (Peppermint Tea)
পদিনাত মেন্থল থাকে, যিয়ে স্বাভাৱিকতে গ্ৰীষ্মকালত মূৰৰ বিষ কমোৱাত সহায় কৰে। ইয়াৰ শীতল প্ৰভাৱৰ বাবে গ্ৰীষ্মকালত সতেজতা অনুভৱ কৰা হয়। মূৰৰ বিষৰ পৰা সকাহ পাবলৈ পদিনা পাত ডেৰ কাপ পানীত উতলাই লওক, এই পানী একাপ হোৱা পিছত কুহুমীয়া চাহ খাব লাগে। ইয়াৰ ফলত আপোনাৰ মুড সতেজ হৈ পৰিব। পদিনা গোন্ধ পালে মূৰৰ বিষো কমি যায়।
লেমনগ্ৰাছ অইল উপকাৰী (Lemongrass Oil)
ঘৰতে সহজে খেতি কৰিব পৰা লেমনগ্ৰাছত প্ৰদাহ নিবাৰণকাৰী গুণৰ লগতে সতেজ সুগন্ধি থাকে। ইয়াৰ তেল কপালত লগালে ই মানসিক চাপ কমায় আৰু গৰমৰ ফলত হোৱা মূৰৰ বিষৰ পৰা সকাহ দিয়ে। ইয়াৰ সুগন্ধিয়ে মুড উন্নত কৰাত ফলপ্ৰসূ, গতিকে এই ঘাঁহ থেতেলিয়াই বা ইয়াৰ তেলৰ গোন্ধ ল’ব পাৰে। লেমনগ্ৰাছ অইল এয়াৰ ফ্ৰেছনাৰ হিচাপেও ব্যৱহাৰ কৰা হয়।
চন্দনৰ পেষ্ট লগাওক
যদি গৰমৰ বাবে মূৰৰ বিষৰ সৃষ্টি হৈছে, তেন্তে চন্দন আপোনাৰ বাবে অতি উপযোগী হ’ব, কাৰণ ই শীতল গুণেৰে ভৰপূৰ। ইয়াৰ লগতে ইয়াৰ সুগন্ধিয়ে সকাহ দিয়াৰ কাম কৰে। সতেজ চন্দন পিহি কপালত লগালে গৰমৰ পৰা সকাহ পোৱাই নহয় গৰমৰ দিনত হোৱা মূৰৰ বিষো কমি যায়।
তুলসী চাহ খাওক বা গোন্ধ লওক (Tulsi Tea)
আয়ুৰ্বেদত তুলসীক ঔষধৰ শ্ৰেণীত ৰখা হয়। ইয়াত উপস্থিত থকা এন্টি-অক্সিডেন্টবোৰে বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰা মুক্তি লাভ কৰাত ফলপ্ৰসূ। তুলসী চাহে শীতকালত চৰ্দি, কাহ আৰু মূৰৰ বিষৰ পৰা উপশম দিয়ে, আনহাতে গ্ৰীষ্মকালত মূৰৰ বিষৰ বাবেও উপকাৰী আৰু মাইগ্ৰেইনৰ পৰাও সকাহ দিয়ে।
এই সকলোবোৰ প্ৰাকৃতিক ঔষধ মানুহে বহু দিনৰ পৰাই চেষ্টা কৰি আহিছে, গতিকে ইয়াৰ পৰা কোনো ক্ষতি হোৱাৰ সম্ভাৱনা নাই। যদি আপুনি গ্ৰীষ্মকালত মূৰৰ বিষত ভুগে, তেন্তে আপুনি এইবোৰ ব্যৱহাৰ কৰিব পাৰে।
লগতে পঢ়ক: ভিটামিন Eৰ অভাৱত কি কি ৰোগ হ’ব পাৰে? ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় জানক…