কিয় পালন কৰা হয় নাগ পঞ্চমী? মাতৃয়ে কি অভিশাপ দিছিল সাপবোৰক…

এই দিনটোত বিভিন্নজনে সৰ্প দেৱতাক পূজা কৰে। অতীজৰে পৰা হিন্দু ধৰ্মত সৰ্প দেৱতা পূজাৰ পৰম্পৰা চলি আহিছে। নাগ পঞ্চমীৰ দিনা এই পূজা কৰিলে মনৰ কামনা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। 

কিয় পালন কৰা হয় নাগ পঞ্চমী? মাতৃয়ে কি অভিশাপ দিছিল সাপবোৰক...

নাগ পঞ্চমী

Published: 

30 Jul 2024 | 06:40 AM

হিন্দু ধৰ্মত শাওণৰ মাহটোৰ গুৰুত্ব অধিক। এই মাহৰ প্ৰায় প্ৰতিটো দিনৰেই থাকে বিশেষ মহত্ব। হিন্দু পঞ্জিকা অনুসৰি এইবাৰ শাওণৰ নাগ পঞ্চমী ২০২৪ চনৰ ৯ আগষ্ট শুকুৰবাৰে পালন কৰা হ’ব। এই দিনটোত বিভিন্নজনে সৰ্প দেৱতাক পূজা কৰে। অতীজৰে পৰা হিন্দু ধৰ্মত সৰ্প দেৱতা পূজাৰ পৰম্পৰা চলি আহিছে। নাগ পঞ্চমীৰ দিনা এই পূজা কৰিলে মনৰ কামনা পূৰণ হয় বুলি বিশ্বাস কৰা হয়।

কেতিয়াৰ পৰা পালন কৰা হয় নাগ পঞ্চমী

কেতিয়াৰ পৰা নাগ পঞ্চমী উদযাপনৰ কৰি অহা হৈছে সেই বিষয়ে কোনোৱে সঠিকভাৱে কব নোৱাৰে। কিন্তু মুখে বাগৰি আহিছে বহু পৌৰাণিক কাহিনী।  ভৱিষ্য পুৰাণৰ মতে সাগৰ মন্থনৰ সময়ত নাগবোৰে মাতৃৰ কথা শুনা নাছিল যাৰ বাবে তেওঁলোকক অভিশাপ দিয়া হৈছিল। জন্মেজয়ৰ যজ্ঞত নাগকেইটাক জ্বলাই ছাই কৰি পেলোৱা হ’ব বুলি কোৱা হৈছিল। ইয়াৰ পিছত মহাভাৰত কালত জন্মেজয়ৰ নাগ যজ্ঞৰ সময়ত ডাঙৰ ডাঙৰ সাপ আহি জুইত জ্বলিছিল।

এই কথাত ভয় খাই  সাপবোৰে ভগৱান ব্ৰহ্মাৰ ওচৰত সহায় বিচাৰিছিল। তেতিয়া ব্ৰহ্মই কৈছিল যে,নাগ বংশৰ মহাত্মা জৰতকাৰুৰ পুত্ৰ আষ্টিকে সকলো নাগক ৰক্ষা কৰিব। ভগৱান ব্ৰহ্মাই এই প্ৰতিকাৰ পঞ্চমী তিথিৰ দিনাই কৈছিল। একে সময়তে আস্তিক মুনিয়ে শাওন মাহৰ পঞ্চম দিনা গাখীৰ ঢালি যজ্ঞত সাপবোৰ জ্বলোৱাৰ পৰা ৰক্ষা কৰিছিল। তেতিয়াৰ পৰা আজিলৈকে নাগ পঞ্চমী উৎসৱ পালন কৰা হয়।

আন এক মান্যতা অনুসৰি যেতিয়া সমুদ্ৰ মন্থন হৈছিল তেতিয়া কোনেও ৰছী বিচাৰি নাপালে। এই সময়ত বাসুকী নগাক ৰছী হিচাপে ব্যৱহাৰ কৰা হৈছিল। দেৱতাসকলে বাসুকী নাগৰ পাছফালে আৰু অসুৰে মুখত ধৰি ৰাখিছিল। মন্থনৰ সময়ত যেতিয়া প্ৰথমে বিষ ওলাই তেতিয়া সেই শিৱই ডিঙিত ধাৰণ কৰি জগতক ৰক্ষা কৰে। তাৰ পাছতে মন্থনৰ পৰা ওলোৱা অমৃত খাই দেৱতাসকলে অমৰত্ব লাভ কৰে। তেতিয়াৰ পৰা এই তাৰিখটো নাগ পঞ্চমী হিচাপে পালন কৰা হয়।

আন এক বিশ্বাস অনুসৰি শুক্ল পক্ষৰ পঞ্চমীৰ দিনাহে ভগৱান শ্ৰীকৃষ্ণই জনক নাগক পৰাস্ত কৰি বৃন্দাবনবাসীক ৰক্ষা কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই সাপৰ ওপৰত নৃত্য কৰিছিল।তেতিয়াৰ পৰাই সাপ পূজাৰ পৰম্পৰা চলি আহিছে।  গতিকে নাগ পঞ্চমীৰ লগত জড়িত এনে বহু ধৰণৰ কাহিনী প্ৰচলিত হৈ আছিল। এই পূজাৰ মহত্ব হিন্দু ধৰ্মত অধিক।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...