Mouth Smell: মুখৰ পৰা বেয়া গোন্ধ ওলাই নেকি? হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক সকলো…

Mouth Smell Cause: বহু মানুহে মুখৰ পৰা দুৰ্গন্ধ ওলোৱাৰ সমস্যাত ভোগে। কেতিয়াবা মুখৰ পৰা দুৰ্গন্ধ ওলোৱা সাধাৰণ কথা। কিন্তু প্ৰায়ে যদি আপোনাৰ সৈতে এই সমস্যা হয় তেন্তে ইয়াক সহজভাৱ লব নালাগে। ই সমস্যাৰ ইংগিত হ'ব পাৰে।

Mouth Smell: মুখৰ পৰা বেয়া গোন্ধ ওলাই নেকি? হব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক সকলো...

মুখৰ দুৰ্গন্ধ

Updated On: 

10 Dec 2025 | 05:22 PM

বহু মানুহে মুখৰ পৰা দুৰ্গন্ধ ওলোৱাৰ সমস্যাত ভোগে। ই মানুহক অস্বস্তি দিয়াৰ লগতে আনৰ আগত লাজতো পেলায়। কেতিয়াবা মুখৰ পৰা গোন্ধ ওলোৱা সাধাৰণ কথা। কিন্তু প্ৰায়ে যদি আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলাই থাকে তেন্তে ই ৰোগৰ লক্ষণ হ’ব পাৰে। চাইন্স ডেইলীৰ মতে, এজন ব্যক্তিয়ে উশাহ এৰিলে প্ৰায় ৩৫০০ যৌগ নিৰ্গত হয়। এনে অৱস্থাত মুখৰ দুৰ্গন্ধই আপোনাক বিভিন্ন ৰোগৰ ইংগিত দিব পাৰে। তলত ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল।

দুৰ্গন্ধৰ কাৰণ

ফলৰ দৰে দুৰ্গন্ধঃ যদি ফলৰ গোন্ধ বা নেলপলিচ ৰিমুভাৰৰ দৰে গোন্ধ ওলাই তেন্তে এয়া ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে। ইয়াক কেট’এচিড’ছিছ বুলি কয়। যেতিয়া শৰীৰে প্ৰয়োজনীয় ইনচুলিন লাভ নকৰে তেতিয়া শক্তিৰ বাবে ফেটি এচিড ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত এচিডিক কিট’ন উৎপন্ন হয়, যাৰ ফলত দুৰ্গন্ধ ওলায়।

কণীৰ দৰে দুৰ্গন্ধঃ যদি আপোনাৰ মুখৰ পৰা কণীৰ দৰে দুৰ্গন্ধ ওলাই তেন্তে ই পেটৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। অন্ত্ৰত থকা মাইক্ৰ’বায়’টাই চালফাৰ ভাঙি যায়। এনে অৱস্থাত কণীৰ দৰে গোন্ধ ওলায়। যেতিয়া এচিড পেটৰ লগত জড়িত কামবোৰ সম্পন্ন কৰিবলৈ ওপৰলৈ আহে তেতিয়া এনে হয়।

মাছৰ দৰে দুৰ্গন্ধঃ যদি আপোনাৰ মুখৰ পৰা মাছৰ দৰে দুৰ্গন্ধ ওলাই তেন্তে ই বৃক্ক বিকল হোৱাৰ ইংগিত হ’ব পাৰে। এই সময়চোৱাত বৃক্কই তেজত বেয়া পদাৰ্থ ফিল্টাৰ কৰিব নোৱাৰে। যাৰ বাবে এই বেয়া পদাৰ্থই শৰীৰৰ অংগক প্ৰভাৱিত কৰে। এনে অৱস্থাত মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে।

অন্য কাৰণঃ অণুজীৱ জমা বা বৃদ্ধি,চাইনাছৰ সংক্ৰমণৰ বাবেও মুখৰ পৰা দুৰ্গন্ধ ওলায়।এই সংক্ৰমণৰ ফলত প্ৰায়ে নাক বা চাইনাছত শ্লেষ্মা জমা হয়। এনে অৱস্থাত দুৰ্গন্ধ ওলায়।

মুখৰ কৰ্কট ৰোগঃ ইয়াৰোপৰি মুখৰ কৰ্কট ৰোগ হ’লে মুখৰ পৰা দুৰ্গন্ধ, মুখত ঘাঁ, তেজ ওলোৱা আদি বিভিন্ন সমস্যা হ’ব পাৰে।

যদি ব্ৰাছ কৰাৰ পাছতো আপোনাৰ মুখৰ দুৰ্গন্ধ কম নহয় তেন্তে ইয়াক সহজভাৱে নলব। দীৰ্ঘদিন ধৰি এনে হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। কিয়নো ই ডাঙৰ সমস্যাৰ ইংগিত হ’ব পাৰে।

অন্য খবৰ পঢ়কঃ Geeta: ধ্বংস হ’ব জীৱন! কেতিয়াও নকৰিব এই ৩টা মহাপাপ, গীতাৰ পৰা জানক সকলো…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...