Mother’s Day 2025: কোন দিনা মাতৃ দিৱস? এই দিনটোৰ ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

মাতৃ আৰু মাতৃত্বৰ ব্যক্তিত্বক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে এটা বিশেষ দিনত উদযাপন কৰা হয়। মাতৃ দিৱসৰ দিনটোতে মাতৃ সকলে পৰিয়াল আৰু সমাজলৈ আগবঢ়োৱা ত্যাগ আৰু অমূল্য অৱদানক স্বীকৃতি দিয়া হয়।

Mother’s Day 2025: কোন দিনা মাতৃ দিৱস? এই দিনটোৰ ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

কোন দিনা মাতৃ দিৱস?

Published: 

10 May 2025 | 01:54 PM

‘মা’ এক এনে শব্দ য’ত সোমাই থাকে মমতা, উদ্বেগ, সংশয়, সপোন আদিৰ সমাহাৰ। এই মাতৃৰ ত্যাগ, কষ্ট স্বীকাৰ কৰিবলৈ যে এই দিৱসেই যথেষ্ঠ নহয়। প্ৰত্যেক বছৰৰ এটা বিশেষ দিনত উদযাপন কৰা হয় মাতৃ দিৱস । এই দিনটোতে মাতৃ সকলে পৰিয়াল আৰু সমাজলৈ আগবঢ়োৱা ত্যাগ আৰু অমূল্য অৱদানক স্বীকৃতি দিয়া হয় ।

মাতৃ দিৱস হৈছে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদ্‌যাপন কৰা এক দিৱস। ইয়াৰ দ্বাৰা, মাতৃ, মাতৃত্ব, সমাজলৈ মাতৃৰ ভূমিকা আৰু শিশু তথা মাতৃৰ সম্পৰ্কক সোঁৱৰা হয়। পৃথিৱীৰ বিভিন্ন দেশসমূহে বিভিন্ন সময়ত এই দিৱস উদ্‌যাপন কৰা দেখা যায়। বিশেষকৈ মাৰ্চ আৰু মে’ মাহত এই দিৱস পালন কৰা হয়। বিশ্বৰ বিভিন্ন প্ৰান্তত যেনে— উত্তৰ গোলাৰ্ধত এপ্ৰিল-মে’ত, আৰ্জেণ্টিনাত অক্টোবৰত, অষ্ট্ৰেলিয়াত মে’ মাহত মাতৃ দিৱস পালন কৰা হয়। এই দিৱস পিতৃ দিৱসৰ বিপৰীত। অৱশ্যে উদ্দেশ্য আৰু বৈশিষ্ট্যসমূহ একেই।

প্ৰথমবাৰৰ বাবে আধুনিক মাতৃ দিৱস ১৯০৮ চনত পশ্চিম ভাৰ্জিনিয়াত আন্না জাৰ্ভিছে মাতৃ গ্ৰাফটনৰ স্মৃতিত পালন কৰে। অৱশ্যে ই অন্যান্য পৰম্পৰাগত অনুষ্ঠানৰ সৈতে একে নহয় (যিসমূহ বিশ্বই পৰম্পৰাগতভাৱে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি পলন কৰে)। ১৯১২ চনত আন্না জাৰ্ভিছে ছেকেণ্ড ছানডে’ ইন মে’ আৰু মাদাৰ্ছ ডে’ ইণ্টাৰনেশ্যনেল এছ’চিয়েছন গঠন কৰে। তেওঁ কৈছিল যে— “মাদাৰ্ছ শব্দটো পৃথিৱীৰ প্ৰতিগৰাকী মাতৃক স্মৃতি তৰ্পণ কৰা বহুবচনাত্মক সম্বন্ধ কাৰক নহয়, প্ৰতিটো পৰিয়ালে নিজ-নিজ মাতৃক সন্মান জনোৱাৰ বাবে একবচনাত্মক সম্বন্ধ কাৰক হোৱাহে উচিত।”

এইবাৰ মাতৃ দিৱস ১১ মে’ ২০২৫ তাৰিখে পালন কৰা হ’ব। এই বিশেষ দিৱসটো প্ৰতিগৰাকী মাতৃৰ মৰম, ত্যাগ আৰু তপস্যাক স্মৰণ কৰি তেওঁলোকক বিশেষ অনুভৱ কৰাই উদযাপন কৰা হয়। মাতৃ মমতাময়ী, মাতৃ কৰুণাময়ী। এই মাতৃৰ বাবেই আমি এই ধৰাৰ সুখ লোৱাৰ সৌভাগ্য পাইছো। প্ৰতিগৰাকী মাতৃলৈ প্ৰণিপাত।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...