Mother’s Day Wishes: আইৰ সমান হ’ব কোন নৈৰ সমান ব’ব কোন… মাতৃ দিৱসৰ পৱিত্ৰ ক্ষণত প্ৰতিগৰাকী মাতৃক এইদৰে দিয়ক শুভেচ্ছা

‘মা’ এক এনে শব্দ য’ত সোমাই থাকে মমতা, উদ্বেগ, সংশয়, সপোন আদিৰ সমাহাৰ। এই মাতৃৰ ত্যাগ, কষ্ট স্বীকাৰ কৰিবলৈ যে এই দিৱসেই যথেষ্ঠ নহয়। প্ৰত্যেক বছৰৰ এটা বিশেষ দিনত উদযাপন কৰা হয় মাতৃ দিৱস । মাতৃ দিৱসৰ পৱিত্ৰ ক্ষণত প্ৰতিগৰাকী মাতৃক এইদৰে দিয়ক শুভেচ্ছা।

Mother’s Day Wishes: আইৰ সমান হব কোন নৈৰ সমান বব কোন... মাতৃ দিৱসৰ পৱিত্ৰ ক্ষণত প্ৰতিগৰাকী মাতৃক এইদৰে দিয়ক শুভেচ্ছা

মাতৃ দিৱসৰ পৱিত্ৰ ক্ষণত প্ৰতিগৰাকী মাতৃক এইদৰে দিয়ক শুভেচ্ছা

Published: 

10 May 2025 14:51 PM

মাতৃ দিৱস হৈছে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদ্‌যাপন কৰা এক দিৱস। ইয়াৰ দ্বাৰা, মাতৃ, মাতৃত্ব, সমাজলৈ মাতৃৰ ভূমিকা আৰু শিশু তথা মাতৃৰ সম্পৰ্কক সোঁৱৰা হয়। পৃথিৱীৰ বিভিন্ন দেশসমূহে বিভিন্ন সময়ত এই দিৱস উদ্‌যাপন কৰা দেখা যায়।

মাতৃ আৰু মাতৃত্বৰ ব্যক্তিত্বক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে এটা বিশেষ দিনত উদযাপন কৰা হয়। মাতৃ দিৱসৰ দিনটোতে মাতৃ সকলে পৰিয়াল আৰু সমাজলৈ আগবঢ়োৱা ত্যাগ আৰু অমূল্য অৱদানক স্বীকৃতি দিয়া হয়।

‘মা’ এক এনে শব্দ য’ত সোমাই থাকে মমতা, উদ্বেগ, সংশয়, সপোন আদিৰ সমাহাৰ। এই মাতৃৰ ত্যাগ, কষ্ট স্বীকাৰ কৰিবলৈ যে এই দিৱসেই যথেষ্ঠ নহয়। প্ৰত্যেক বছৰৰ এটা বিশেষ দিনত উদযাপন কৰা হয় মাতৃ দিৱস । এই দিনটোতে মাতৃ সকলে পৰিয়াল আৰু সমাজলৈ আগবঢ়োৱা ত্যাগ আৰু অমূল্য অৱদানক স্বীকৃতি দিয়া হয় ।

 এই বিশেষ দিনটোত আপোনাৰ মাতৃক জনাওক শুভেচ্ছা( Mother’s Day Wishes)

  • মাতৃ কেৱল এটা শব্দ নহয়, সমগ্ৰ সৃষ্টিৰ ভেটি আৰু তেওঁ সৰ্বশক্তিশালী। Happy Mother’s Day!
  • বেদনা বুকুত বান্ধি হাঁহিৰে জগত জিনিবলৈ শিকোৱা মোৰ জীৱনৰ বিশেষ মানুহগৰাকীক মাতৃ দিৱসৰ শুভেচ্ছা।
  • তোমাৰ কোমলতাত লুকাই আছে শক্তি, তোমাৰ হাঁহিটো লুকাই আছে বহু সংগ্ৰাম। তুমিয়েই মোৰ গোটেই পৃথিৱী…মাতৃ দিৱসৰ শুভেচ্ছা।
  • আইৰ সমান হ’ব কোন নৈৰ সমান ব’ব কোন…মাতৃ দিৱসৰ শুভেচ্ছা মা।
  • আইৰ সমান নিস্বাৰ্থ ভালপোৱা পৃথিৱীত আন দ্বিতীয় জন নোলাব। আইৰ কষ্ট , দুখ , ভাগৰ সমকলো দূৰ কৰা আমাৰ দায়িত্ব। আপোনালৈ মাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ।
  • মা তোমাৰ অবিহনে আমি অসম্পূৰ্ণ। তোমাৰ কষ্ট, ত্যাগ, প্ৰেৰণাই এই জীৱনৰ ডাঙৰ উপহাৰ। তোমাৰ প্ৰতি থকা শ্ৰদ্ধা, মৰম মই ভাষাৰে বুজাব নোৱাৰো। মাতৃ দিৱসৰ শুভেচ্ছা।
  • মা তুমি সঁচাকৈ অতুলনীয়। তোমাক মোৰ জীৱনত পাই মই কৃতজ্ঞ। মোৰ পথ প্ৰদৰ্শক পোহৰ হোৱাৰ বাবে আৰু মোক সদায় বিশ্বাস কৰাৰ বাবে ধন্যবাদ। মাতৃ দিৱসৰ শুভেচ্ছা জনালো।

 

 

 

মৃতকৰ ভোজ খোৱা ভাল নে বেয়া? ক'লে প্ৰেমানন্দ মহাৰাজে...
নিমিষতে নাইকীয়া হ'ব শুকান কাহ, গ্ৰহণ কৰক এইসমূহ ঘৰুৱা উপায়...
গ্ৰীষ্মকালত গেছৰ সমস্যাৰ পৰা উপশম পাবলৈ খাওক এইবোৰ ফল
ছালৰ যত্নৰ পৰা বাচনৰ দাগ আঁতৰ কৰালৈ,,, কণীৰ বাকলিৰ উপকাৰিতা...