পুৱা সোনকালে উঠি কৰক এই কাম! জীৱন হৈ পৰিব ধুনীয়া, লাভ কৰিব শান্তি…

সুস্থ হৈ থকাতো আমাৰ সকলোৰে কাম্য। কোৱা হয়, প্ৰতিদিনে পুৱা সোনকালে উঠি কিছুমান কাম কৰিলে ভাল ফল পোৱা যায়। ই আমাৰ স্বাস্থ্য ভালে ৰখাৰ লগতে মন শান্ত কৰি ৰাখে।

পুৱা সোনকালে উঠি কৰক এই কাম! জীৱন হৈ পৰিব ধুনীয়া, লাভ কৰিব শান্তি...

সুপ্ৰভাত

Published: 

07 Jan 2025 | 07:02 AM

আমাৰ বয়োবৃদ্ধসকলে প্ৰায়ে কয় যে পুৱা সোনকালে উঠা স্বাস্থ্যৰ বাবে ভাল। বৰ্তমান শীতকাল আৰু এনে সময়ত বহুতে বেছি দেৰিলৈ শুই থাকি ভাল পায়। কিন্তু নিশা সোনকালে শুই পুৱা সোনকালে উঠা স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াৰফলত আমাৰ দিনটো ভালদৰে পাৰ হয়। পুৱা উঠিলে দিনটো সতেজ অনুভৱ কৰাৰ লগতে মন ভালে থাকে আৰু সকলো কাম সময়মতে হয়। ইয়াৰোপৰি পুৱা শুই উঠাৰ পাছত আপুনি কিছুমান এনে বস্তু খাব পাৰে যাৰ ফলত আপুনি দিনটো অধিক সক্ৰিয় অনুভৱ কৰিব। গতিকে আহক জানো পুৱা উঠি কি কি খালে স্বাস্থ্য ভালে থাকে।

পানী

স্বাস্থ্য বিশেষজ্ঞই কয় যে, প্ৰতিদিনে পুৱা উঠি পানী খাব লাগে। কুহুমীয়া গৰম পানী খোৱা স্বাস্থ্যৰ বাবে ভাল। পানীত আপুনি মৌ, নেমু, হালধি আদি মিহলি কৰি খাব পাৰে। ইয়াৰ পাছত আপুনি চাহ বা কফি খাব পাৰে। এনে কৰিলে আপোনাৰ পাচন তন্ত্ৰ শক্তিশালী হয়।

অমেগা

শাৰীৰিক স্বাস্থ্যৰ লগতে ছালৰ যত্ন লোৱা অতি জৰুৰী। সেয়ে ছাল কোমল আৰু ধুনীয়া কৰিবলৈ অমেগা ২ ফেটী এছিড খাব পাৰে। ইয়াৰ বাবে আপুনি প্ৰতিদিনে নিশা অখৰোত তিয়াই থৈ পুৱা খাব কৰে। বা ইয়াৰ প্ৰকৃত তেল ব্যৱহাৰ কৰিব পাৰে।

ধ্যান

পুৱা উঠি বিভিন্নজনে খাই লৈ অফিচ বা স্কুল আদিলৈ যোৱা দেখা যায়। কিন্তু পুৱা ধ্যান কৰা অতি জৰুৰী। শুই উঠি ব্ৰাছ কৰাৰ পাছত আপুনি প্ৰায় ১০ মিনিট সময় ধ্যান কৰিলে আপোনাৰ শৰীৰ আৰু মন ভালে থাকিব। অৱশ্যে কিছুমানে জীম যায়। গতিকে দিনটোত যিকোনো লোকৰ বাবে কিছু সময়ৰ শাৰীৰিক চৰ্চা অতি জৰুৰী।

সূৰ্য নমস্কাৰ

মন আৰু মগজু শান্ত কৰিবলৈ প্ৰতিদিনে সূৰ্য নমস্কাৰ কৰিব লাগে। প্ৰতিদিনে প্ৰায় ৭ মিনিট সময় সূৰ্য নমস্কাৰ কৰাৰ পাছত বহুত উপকাৰ পোৱা যায়। ই আমাৰ শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণ কৰে।লগতে আপুনি শৰীৰ আৰু মনৰ বহু পৰিবৰ্তন অনুভৱ কৰিব।

গতিকে এনে বহু কাম আপুনি পুৱাৰ সময়ত কৰিলে ভাল ফল লাভ কৰিব। ইযাৰোপৰি পুৱাৰ ভাগত খোৱা লোৱাৰ পৰা বিভিন্ন দিশত গুৰুত্ব দিব লাগে।  ব্ৰেকফাষ্টত সদায় প্ৰটিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে।  ইয়াৰ ভিতৰত আপুনি গঁজালি ওলোৱা মগু, গঁজালি ওলোৱা বুট আদি খাব পাৰে। এনে বস্তুবোৰ স্বাস্থ্যৰ লগতে ছালৰ বাবেও ভাল।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...