পুৱা সাৰ পোৱাৰ পিছতে অনুভৱ হয় নেকি ডিঙিৰ বিষ? আঁৰত থাকিব পাৰে এনে কাৰণ…

ডিঙিৰ বিষৰ সাধাৰণতে বিভিন্ন কাৰণ থাকিব পাৰে— যেনে এলাৰ্জি, টনচিলাইটিছ, এচিড ৰিফ্লাক্স বা সাধাৰণ ভাইৰেল সংক্রমণৰ বাবেও এই সমস্যা হ’ব পাৰে। ফাৰিঞ্জাইটিছৰ ফলতো এনে হ’ব পাৰে। পিছে ডিঙিৰ বিষৰ কাৰণ ফাৰিঞ্জাইটিছ হয় নে নহয়, সেয়া কিদৰে জানিব?

পুৱা সাৰ পোৱাৰ পিছতে অনুভৱ হয় নেকি ডিঙিৰ বিষ? আঁৰত থাকিব পাৰে এনে কাৰণ...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

27 Jul 2025 | 12:15 AM

পুৱা বিচনাৰ পৰা উঠি অহাৰ পিছত বহু লোকে ডিঙিৰ বিষ অনুভৱ কৰা দেখা যায়। তদুপৰি কফ জমা হোৱা বা ডিঙিত চৰ্দিৰ প্ৰভাৱ থকা যেন অনুভৱ হ’ব পাৰে। এনে অৱস্থাত সাধাৰণতে আমাৰ অধিকাংশ লোকৰে মনত পোনপ্ৰথমে চৰ্দি বা ফাৰিঞ্জাইটিছ হোৱা বুলিয়ে মনলৈ আহে। কিন্তু বিশেষজ্ঞসকলৰ মতে, এই লক্ষণসূহ কেৱল ফাৰিঞ্জাইটিছৰ বাবে নহ’বও পাৰে। ডিঙিৰ বিষৰ সাধাৰণতে বিভিন্ন কাৰণ থাকিব পাৰে— যেনে এলাৰ্জি, টনচিলাইটিছ, এচিড ৰিফ্লাক্স বা সাধাৰণ ভাইৰেল সংক্রমণৰ বাবেও এই সমস্যা হ’ব পাৰে।

পিছে পোন প্ৰথমে আমাৰ মনলৈ অহা এই ফাৰিঞ্জাইটিছ মানে কি? ফাৰিঞ্জাইটিছ হৈছে সংক্ৰমণৰ ফলত ডিঙিৰ পিছফালৰ অংশত (Pharynx) হোৱা বিষ। সাধাৰণতে ভাইৰেল সংক্রমণ যেনে চৰ্দি বা ইনফ্লুৱেঞ্জাৰ বাবে এয়া হ’ব পাৰে। ফাৰিঞ্জাইটিছৰ মূল লক্ষণসমূহ জানো আহক-

১/ ডিঙিত খচখচনি বা ঘাঁ লগাৰ দৰে অনুভৱ

২/ আহাৰ বা পানী গিলিবলৈ অসুবিধা বা বিষ অনুভৱ

৩/ ডিঙি শুকান বা খজুৱতি হোৱা

৪/ মাত ভাঙি যোৱা বা মাত বহি যোৱা

৫/ জ্বৰ, মূৰৰ বিষ

৬/বগা বা হালধীয়া কফ জমা হোৱা

৭/ডিঙিৰ গ্ৰন্থি ফোলা

বহুসময়ত অৱশ্যে কফ জমা হোৱাৰ অৰ্থ ফাৰিঞ্জাইটিছ নহ’বও পাৰে। চিকিৎসকসকলে জানিবলৈ দিয়া মতে, কফ জমা হোৱাৰ আঁৰত তলত দিয়া অন্য কাৰণসমূহো থাকিব পাৰে-

১/ চাইনাছ সংক্রমণ বা বন্ধ নাকঃ চাইনাছৰ সংক্রমণ বা বন্ধ নাকৰ বাবে নিশা টোপনিৰ সময়ত ডিঙিত কফ জমা হ’ব পাৰে।

২. এলাৰ্জি বা ধূলিকণিকাৰ প্ৰভাৱঃ গাৰু বা বিচনাত থকা ধূলিয়ে ডিঙিত অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি কৰিব পাৰে।

৩/ এচিড ৰিফ্লাক্সঃ নিশাৰ সময়ত পেটৰ এচিড ওপৰলৈ উঠি আহি ডিঙিত জ্বলা-পোৰা, কফ বা খচখচনি হোৱাৰ দৰে সমস্যাৰ সৃষ্টি কৰে।

৪/ ফেন বা এচিৰ বতাহঃ গোটেই নিশাজুৰি ফেন বা এচিৰ বতাহ লৈ থাকিলে ডিঙি শুকাই যাব পাৰে। ইয়াৰ ফলত ডিঙি খচখচাই থকা বা কাহৰ দৰে সমস্যা হ’ব পাৰে।

যদি ডিঙিৰ বিষ, জ্বৰ বা কাহৰ সমস্যা বৃদ্ধি পায় আৰু ৩-৪ দিনতকৈ অধিক সময় থাকে, তেতিয়া সাৱধান হোৱা প্ৰয়োজন। যদি খাদ্য বা পানী গিলিবলৈ কষ্ট হয় তথা উশাহ লোৱাত অসুবিধা হয়, ডিঙিৰ গ্ৰন্থি ফুলাৰ দৰে হয় তেতিয়া সোনকালে চিকিৎসকৰ কাষ চপা উচিত। চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিকিৎসা কৰিলে এই সমস্যাৰ পৰা উপশম পাব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব