আপোনাৰ তেলীয়া ছালৰ সমস্যা দূৰ হ’ব নিমিষতে, দৈনিক অৱলম্বন কৰক মাত্ৰ এইকেইটা উপায়
তেলীয়া ছালৰ সমস্যাৰ পৰা এদিনতে পৰিত্ৰাণ পোৱা সম্ভৱ নহয়। তাৰ বাবে ছালৰ সঠিক যত্ন লোৱাৰ প্ৰয়োজন। বিশেষকৈ পুৱা কিছুমান কাম নিয়মিতভাৱে কৰিলে এই সকলোবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি।

প্ৰতিনিধিত্বমূলক ছবি
ব্যক্তি বিশেষে সকলো লোকৰে ছালৰ প্ৰকৃতি পৃথক পৃথক। বহুসংখ্যক লোকৰ ছালৰ ধৰণ তেলীয়া হোৱা দেখা যায়। স্বাভাৱিকতেই এয়া এক সমস্যাৰ দৰে হৈ পৰে। তেলীয়া ছালৰ ক্ষেত্ৰত সাধাৰণতে ব্ৰণ, দাগ পৰা বা অন্যান্য সমস্যা দেখা যায়। সময়ৰ লগে লগে এই দাগবোৰ অধিক হৈ পৰে। গতিকে এই সমস্যাবোৰৰ একমাত্ৰ সমাধান হ’ল ছালৰ পৰা অতিৰিক্ত তেল নিঃসৰণ বন্ধ কৰা। তেলীয়া ছালৰ সমস্যাৰ পৰা এদিনতে পৰিত্ৰাণ পোৱা সম্ভৱ নহয়। তাৰ বাবে ছালৰ সঠিক যত্ন লোৱাৰ প্ৰয়োজন।
বিশেষকৈ পুৱা কিছুমান কাম নিয়মিতভাৱে কৰিলে এই সকলোবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি। জানো আহক এই বিষয়ে–
১) তেলবিহীন ক্লিনজাৰঃ পুৱা কোমল, তেলবিহীন ক্লিনজাৰেৰে ছালখন পৰিষ্কাৰ কৰক। ই ছালৰ পৰা তেল, ময়লা, ঘাম দূৰ কৰে। কিন্তু ছালৰ প্ৰাকৃতিক আৰ্দ্ৰতা ধ্বংস নকৰে। সামগ্ৰী ক্ৰয় কৰাৰ সময়ত চেলিচিলিক এচিড বা টি ট্ৰি অইল থকা ক্লিনজাৰৰ প্ৰতি গুৰুত্ব দিয়ক। ই ছিদ্ৰ পৰিষ্কাৰ কৰে আৰু ব্ৰণ প্ৰতিৰোধ কৰাত সহায় কৰে।
২) টোনাৰঃ টোনাৰ ব্যৱহাৰ কৰিলে আপোনাৰ ছালৰ pH ভাৰসাম্য ৰক্ষা পৰে। উইচ হেজেল বা নিয়াচিনামাইড থকা এলক’হলমুক্ত টোনাৰ ব্যৱহাৰ কৰক, ই আপোনাৰ ছালৰ তেল নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু প্ৰদাহ কমায়।
৩) লঘু ছিৰামঃ নিয়াচিনামাইড, হাইলুৰনিক এচিড বা জিংক থকা লঘু ছিৰাম ব্যৱহাৰ কৰক। এই উপাদানসমূহে তেল নিয়ন্ত্ৰণ কৰাত সহায় কৰে, আৰ্দ্ৰতা ধৰি ৰাখে আৰু ব্ৰেকআউট বা ছাল ৰঙা পৰাৰ সমস্যা দূৰ কৰে।
৪) তেলবিহীন জেল মইশ্ব’ৰাইজাৰঃ তেলীয়া ছাল থাকিলেও মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। নন-কমেড’জেনিক, তেলমুক্ত মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰক, যি আপোনাৰ ছালখনক হাইড্ৰেটেড কৰি ৰাখিব। এলোভেৰা বা গ্ৰীণ টিৰ সৈতে জেল মইশ্ব’ৰাইজাৰো ব্যৱহাৰ কৰিব পাৰে।
৫) ছানস্ক্ৰীণঃ ছানস্ক্ৰীনে ছালখনক ক’লা দাগ, ৰ’দৰ ক্ষতি, অকালতে বয়স বৃদ্ধিৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰে। তেলীয়া ছালৰ বাবে তেলবিহীন ছানস্ক্ৰীণ ব্যৱহাৰৰ প্ৰতি গুৰুত্ব দিয়ক।