Morning routine: পুৱাৰ সময়ত গঢ়ি তোলক এই অভ্যাস! জীৱন হৈ পৰিব ধুনীয়া আৰু স্বাস্থ্যবান…

Morning routine: প্ৰতিগৰাকী ব্যক্তিৰ বাবে পুৱাৰ সময়খিনি অতি গুৰুত্বপূৰ্ণ। যদি আপুনি পুৱা ভালদৰে আৰম্ভ কৰে তেন্তে দিনটো ভালে যায়। এনে অৱস্থাত জীৱন সুন্দৰ আৰু ধুনীয়া হৈ পৰে।

Morning routine: পুৱাৰ সময়ত গঢ়ি তোলক এই অভ্যাস! জীৱন হৈ পৰিব ধুনীয়া আৰু স্বাস্থ্যবান...

পুৱাৰ সময়

Published: 

03 Oct 2025 | 06:38 AM

আমাৰ সকলোৰে বাবে পুৱাৰ সময়খিনি অতি গুৰুত্বপূৰ্ণ। কোৱা হয়, যদি পুৱাৰ আৰম্ভণি ভালদৰে হয় তেন্তে দিনটো ভালে যায়। কিন্তু যদি পুৱাৰ আৰম্ভণি ভালকে নহয় তেন্তে দিনটোত বিভিন্ন সমস্যা আহিব পাৰে। গতিকে পুৱাৰ সময়ত এনে কিছুমান কাম কৰিব লাগে যিয়ে আপোনাক স্বাস্থ্যবান কৰি ৰখাৰ লগতে দিনটো পজিটিভ ৰখাত সহায় কৰে। এনে কিছুমান পুৱাৰ ভাল কাম তলত উল্লেখ কৰা হ’ল-

পুৱা সোনকাল উঠাঃ প্ৰতিদিনে নিশা সোনকালে শুই পুৱা সোনকালে উঠিব লাগে। যদি দেৰিকৈ উঠে তেন্তে দিনটো এলাহ লাগি থাকিব পাৰে আৰু কামবোৰ সময়মতে নহয়। যাৰ বাবে পুৱা সোনকাল উঠাৰ অভ্যাস গঢ় দিব লাগে।

হাইড্ৰেটঃ শৰীৰ হাইড্ৰেট কৰি ৰাখিবলৈ পানী খোৱাৰ প্ৰয়োজন। গতিকে প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। নিশা শুৱাৰ পাছত পুৱা শৰীৰটোক হাইড্ৰেট কৰা অতি প্ৰয়োজন। গতিকে চাহ-কফিতকৈ এগিলাচ কুহুমীয়া পানী খাব পাৰে।

ব্যায়ামঃ মানুহৰ শাৰীৰিক কাৰ্যকলাপৰ অতি প্ৰয়োজন। গতিকে প্ৰতিদিনে ব্যায়াম বা অন্য শাৰীৰিক কাৰ্যকলাপ কৰিব পাৰে। ইয়াৰ ফলত স্বাস্থ্য ভালে থাকে আৰু দিনটো সতেজ অনুভৱ হয়।

মেডিটেশ্যনঃ আপুনি প্ৰতিদিনে পুৱা অলপ সময়ৰ বাবে ধ্যান বা মেডিটেশ্যন কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ মানসিক স্বাস্থ্য ঠিক আছে। এনে অৱস্থাত আপোনাৰ দিনটো ভালে যায়।

পুৱাৰ খাদ্যঃ পুৱাৰ খাদ্যও শৰীৰৰ বাবে অতি জৰুৰী। আপুনি পুৱাৰ খাদ্যত প্ৰটিনযুক্ত খাদ্য, ফল, শাক-পাচলি আদি খাব পাৰে। পুৱাৰ সময়ত বেছি তেলযুক্ত খাদ্য খোৱাৰ পৰা আঁতৰত থাকিব লাগে। এনে কৰিলে দিনটো আপোনাৰ গেছ বা অন্য সমস্যা হোৱাৰ পৰা ৰেহাই পাব পাৰে।

লক্ষ্যঃ আপুনি প্ৰতিদিনে মনতে এটা লক্ষ্য স্থিৰ কৰি লব লাগে যে দিনটো কি কি কৰিব। ইয়াৰ ফলত আপোনাৰ কোনো কামৰ সমস্যা নহয় আৰু সকলো ভালদৰে হৈ উঠে।

 

অন্য খবৰ পঢ়কঃ বেছি তেল, নিমখ,চেনিযুক্ত খাদ্য খাই নেকি? হ’ব পাৰে ডাঙৰ সমস্যা, জানক বিশেষজ্ঞৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব