প্ৰতিদিনে পুৱা কৰক এই কাম, আপুনি হৈ পৰিব ধুনীয়া আৰু স্বাস্থ্যবান…

পুৱাৰ সময়খিনি আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। পুৱাৰ আৰম্ভণি ভালদৰে কৰিলে আমাৰ দিনটো ভালে যায়। গতিকে প্ৰতিদিনে পুৱা উঠি এনে কিছুমান কাম কৰিব পাৰে যিয়ে আপোনাৰ শৰীৰ আৰু মন ভালে ৰাখে।

প্ৰতিদিনে পুৱা কৰক এই কাম, আপুনি হৈ পৰিব ধুনীয়া আৰু স্বাস্থ্যবান...

সুপ্ৰভাত

Published: 

09 Jan 2025 06:59 AM

স্বাস্থ্য ভালে থকাটো সকলোৰে কাম্য। শৰীৰ ভালে ৰখাৰ লগতে ছাল আৰু চুলি মজবুত কৰি ৰখাও প্ৰয়োজন। আমাৰ প্ৰত্যোকৰে বাবে পুৱাৰ সময়খিনি অতি গুৰুত্বপূৰ্ণ। যদি পুৱাৰ আৰম্ভণি ভালদৰে হয় তেতিয়া আমাৰ শৰীৰ আৰু মন ভালে থাকে। লগতে এনে কিছুমান কাম আছে যি পুৱা কৰিলে আমাৰ শৰীৰৰ লগতে আমাৰ ছাল ভালে থাকে। গতিকে তলত উল্লেখিত কামসমূহ কৰিলে আপোনাৰ স্বাস্থ্যৰ লগতে ছালো ভালে থাকিব।

ড্ৰাই ফ্ৰুটছ

প্ৰতিদিনে পুৱা উঠি খালী পেটত তিয়াই থোৱা ড্ৰাই ফুটছ খাব লাগে। ইয়ে আমাৰ শৰীৰত শক্তি প্ৰদান কৰাৰ লগতে ছাল ধুনীয়া কৰাত সহায় কৰে। গতিকে প্ৰতিদনে পুৱা বাদাম. আলমণ্ড, খেজুৰ আদি খাব পাৰে। ইয়াৰোপৰি পুৱাৰ সময়ত আপুনি গঁজালি ওলোৱা মগু, গঁজালি ওলোৱা বুট আদি খাব পাৰে।

ডাৰ্ক চকলেট

ডাৰ্ক চকলেট স্বাস্থ্যৰ বাবে বহু উপকাৰী লগতে ই আমাৰ ছাল সুন্দৰ কৰাত সহায় কৰে। প্ৰতিদিনে পুৱা ১ বা ২ টুকুৰা ডাৰ্ক চকলেট খালে ছাল ভালে থাকে। আপুনি পুৱাৰ কফিৰ লগত ডাৰ্ক চকলেট মিহলাই খাব পাৰে। ইয়াত থকা ফ্লেভন’ইড গুণে ছালখন সুন্দৰ কৰি ৰখাত সহায় কৰে।

ব্যায়াম

শৰীৰ আৰু ছাল সুন্দৰ কৰি ৰাখিবলৈ প্ৰতিদিনে পুৱা ব্যায়াম কৰা প্ৰয়োজন। ই আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে ৰখাত সহায় কৰে। গতিকে আপুনি প্ৰতিদিনে নিজৰ বাবে অলপ সময় উলিয়াই ব্যায়াম কৰিলে শুভ ফল লাভ কৰিব।

পুৱা সোনকালে উঠা

পুৱা সোনকালে উঠা স্বাস্থ্যৰ বাবে ভাল। নিশা সোনকালে শুই পুৱা সোনকালে উঠিলে মানুহৰ বহু লাভ হয়। এনে কৰিলে শৰীৰ ভালে থকাৰ লগতে আপোনাৰ সকলো কাম সময়মতে হয়। পুৱা সোনকালে উঠিলে মানুহে বহু সতেজ অনুভৱ কৰে।

হাইড্ৰেট

স্বাস্থ্যবান হৈ থাকিবৰ বাবে হাইড্ৰেট থকা অতি জৰুৰী। সেয়ে দিনৰ আৰম্ভণি চাহ বা কফিৰ পৰিৱৰ্তে এগিলাচ পানীৰে কৰা ভাল। শুই উঠাৰ পাছত আপোনাৰ শৰীৰটোক হাইড্ৰেট কৰি ৰখা অতি জৰুৰী। ইয়ে আপোনাৰ শৰীৰৰ শক্তি প্ৰদান কৰে আৰু হজম শক্তি ভাল কৰে।

ব্ৰেকফাষ্ট

পুৱাৰ খাদ্য অতি প্ৰয়োজনীয়। ইয়ে আমাৰ শৰীৰত শক্তি প্ৰদান কৰে। গতিকে পুৱা উঠি আমি ভাল খাদ্য খাব লাগে। এই খাদ্যত শাক-পাচলি, ফল, হোলগ্ৰেণ,প্ৰটিন আদি অন্তৰ্ভুক্ত কৰিব লাগে। চেনি থকা খাদ্য খোৱাৰ পৰা বিৰত থাকক। চেনিয়ে আমাৰ শৰীৰত বেয়া প্ৰভাৱ পেলায়। গতিকে চেনি কমাই খোৱা আৰম্ভ কৰক।

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...