Weight loss:পুৱা কি কি খালে ওজন হ্ৰাস পায়? জানক চৰ্বি কম কৰাৰ সহজ উপায়….

Morning Routine: ওজন বৃদ্ধি এক ডাঙৰ সমস্যা। বহুতে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে। ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত খাদ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু আপুনি জানেনে, পুৱা গ্ৰহণ কৰা কিছুমান খাদ্যই আপোনাৰ ওজন হ্ৰাস কৰিব পাৰে।

Weight loss:পুৱা কি কি খালে ওজন হ্ৰাস পায়? জানক চৰ্বি কম কৰাৰ সহজ উপায়....

ওজন হ্ৰাস

Published: 

24 Dec 2025 23:03 PM

ওজন বৃদ্ধি আজিৰ সময়ত এক সাধাৰণ সমস্যা হৈ পৰিছে। ব্যস্ত জীৱনশৈলী, খাদ্যভাসে মানুহৰ শৰীৰত যথেষ্ঠ প্ৰভাৱ পেলায়। যাৰ ফলত সহজে মানুহৰ শৰীৰত চৰ্বি বৃদ্ধি পায়। এবাৰ চৰ্বি বৃদ্ধি হ’লে নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে। গতিকে ওজন নিয়ন্ত্ৰণত ৰখা দৰকাৰ। ইয়াৰোপৰি ওজন বৃদ্ধিৰ ফলত শৰীৰত নতুন নতুন ৰোগে জন্ম লয়। এনে অৱস্থাত চৰ্বি কম কৰাৰ বাবে মানুহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। কিছুমানে জিম যায়, ডায়েট কৰে বা আন কিবা। কিন্তু আপুনি জানেনে, পুৱা খালী পেটত কি কি খালে চৰ্বি কম কৰাত সহায় হয়?

পুৱা কি খাব লাগে

স্বাস্থ্য বিশেষজ্ঞৰ মতে, ওজন কম কৰাৰ বাবে পুৱাৰ সময়খিনি অতি গুৰুত্বপূৰ্ণ। কিয়নো পুৱা যি খোৱা হয় সেয়াই আমাক দিনটোৰ বাবে শক্তি যোগান কৰে। গতিকে পুৱাৰ খাদ্য প্ৰটিনযুক্ত হ’ব লাগে। পুৱা খালী পেটত সঠিক খাদ্য খালে স্বাস্থ্য ভালে থকাৰ লগতে ওজন নিয়ন্ত্ৰণত সহায়ক হয়।

কি পানীয় খাব

ওজন কম কৰাৰ বাবে পুৱা প্ৰথমে বিশেষ পানীয় খাব লাগে। উদাহৰণ স্বৰূপে, কুহুমীয়া পানীত নেমু আৰু মৌ মিহলাই খাব পাৰে। ইয়াৰোপৰি নিশা তিয়াই খোৱা জিৰা পানী,আমলখি পানী আদি খাব পাৰে।

  • আপুনি এক গিলাচ কুহুমীয়া পানীত আধা টুকুৰা নেমু আৰু এক চামুচ মৌ মিহলাই খাব পাৰে। ই শৰীৰক ডিটক্স কৰাৰ লগতে চৰ্বি কম কৰাত সহায় কৰে।
  • নিশা তিয়াই থোৱা জিৰা উতলাই ঠাণ্ডা কৰি খালে পাচন প্ৰক্ৰিয়া ভাল হয়। ইয়াৰ ফলত চৰ্বিও হ্ৰাস পায়।
  • ইয়াৰোপৰি খালী পেটত আমলখিৰ জুচ খালে বিপাকীয় ক্ৰিয়া ভাল হয় আৰু বেয়া পদাৰ্থ বাহিৰ হয়।

আৰু কি কৰিব

এই পানীয় গ্ৰহণ কৰাৰ পাছত নিশা তিয়াই থোৱা বাদাম, আখৰোট, অমিতা আদি খাব পাৰে। এইবোৰে ওজন কম কৰাত সহায় কৰে। তিয়াই থোৱা বাদাম আৰু আখৰোটত ভাল চৰ্বি আৰু প্ৰটিন থাকে। যি পেটক দীৰ্ঘসময় ধৰি পূৰ কৰি ৰাখে আৰু শৰীৰক শক্তি প্ৰদান কৰে। ইয়াৰোপৰি খালী পেটত অমিতা খালে পাচন প্ৰক্ৰিয়া ভাল হয় আৰু পেট চাফা হয়। এনে অৱস্থাত ই ওজন কম কৰাত সহায় কৰে।

উল্লেখ্য যে, সকলোৰে বাবে সকলো বস্তু ভাল নহয়। যদি আপোনাৰ গেছৰ সমস্যা আছে তেন্তে খালী পেটত নেমু খোৱা বেয়া হব পাৰে। ইয়াৰোপৰি আপোনাৰ যদি অন্য কিবা সমস্যা আছে তেন্তে যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ শীতকালত প্ৰস্ৰাৱৰ ৰং পৰিৱৰ্তন হোৱা কি ৰোগৰ লক্ষণ? জানক চিকিৎসকৰ পৰা…

শনি দেৱৰ পূজাত নকৰিব এই ৩ টা বস্তুৰ ব্যৱহাৰ, নহ’লে পৰিব বিপদত!
দৈনিক ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ ওলাই নেকি?
শীতকালত চুগাৰ বৃদ্ধি কৰে এই ৫ খাদ্যই! জানক সকলো...
এই সমস্যা থকা লোকে ভুলতো খাব নালাগে অমিতা! জানক...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা