Morning Routine: পুৱাৰ সময়ত কৰা এই কামে সলনি কৰিব পাৰে আপোনাৰ জীৱন!

Morning routine: মানুহৰ বাবে পুৱাৰ সময়খিনি গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। কোৱা হয়, এই সময়চোৱাত কৰা কিছুমান কামে আপোনাৰ দিনটোৰ ওপৰত প্ৰভাৱ পেলায়। পুৱা যদি কিছুমান কাম কৰে তেন্তে আপোনাৰ দিনটো ভালে যোৱাত সহায় হয়।

Morning Routine: পুৱাৰ সময়ত কৰা এই কামে সলনি কৰিব পাৰে আপোনাৰ জীৱন!

পুৱাৰ ৰুটিন

Published: 

26 Sep 2025 | 06:38 AM

সকলো মানুহে এটা সুস্থ জীৱন বিচাৰে। ইয়াৰ বাবে মানুহৰ পুৱাৰ সময়খিনি অতি গুৰুত্বপূৰ্ণ। আপুনি পুৱা কি কৰে সেই দিশটোৱে আপোনাৰ দিনটোত প্ৰভাৱ পেলায়। কোৱা হয়, পুৱাৰ সময়খিনি ভালদৰে আৰম্ভ কৰিলে দিনটো ভাল হয়, কিন্তু এনে নকৰিলে দিনটো অশান্তি, খং, মানসিক চাপ আদিৰ মাজেৰে যায়। পুৱাৰ কেইটামান এনে কাম আছে যিয়ে আপোনাৰ জীৱন ধুনীয়া হৈ পৰাত সহায় কৰে।

পুৱা সোনকাল উঠাঃ প্ৰতিদিনে পুৱা সোনকাল উঠিব লাগে। ইয়াৰ ফলত দিনটো আপোনাৰ মন ভালে থাকে। যদি আপুনি পুৱা উঠাৰ সময়ত খৰখেদা কৰে তেন্তে আপোনাৰ সম্পূৰ্ণ দিনটোত ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

হাইড্ৰেটঃ পুৱা শুই উঠাৰ পাছতে শৰীৰৰ হাইড্ৰেট কৰা অতি প্ৰয়োজন। গতিকে পুৱা আপুনি উঠাৰ পাছতে কুহুমীয়া পানী খাব পাৰে। ইয়াৰ ফলত শৰীৰৰ হাইড্ৰেট হয় আৰু হজম শক্তিও ভাল হয়।

যোগাসনঃ দিনটো ভালে ৰাখিবলৈ হ’লে মানসিক স্বাস্থ্য ঠিকে ৰখা অতি প্ৰয়োজন। গতিকে প্ৰতিদিনে যোগাসন কৰা প্ৰয়োজন। ইয়ে আপোনাৰ মানসিক স্বাস্থ্য উন্নত কৰে। যদি মনটো ভালে নাথাকে তেন্তে ইয়াৰ প্ৰভাৱ আপোনাৰ ব্যক্তিগত জীৱনৰ লগতে কামত পৰিব পাৰ।

খাদ্যঃ পুৱাৰ খাদ্য এনে হব লাগে যিয়ে আপোনাক স্বাস্থ্যবান কৰি ৰখাত সহায় কৰে। শৰীৰত শক্তি পাবলৈ শাক-পাচলি, ফল-মূল, গোটা শস্য, প্ৰটিন আদি খাব পাৰে। বেছি চেনি খোৱাতো পৰিহাৰ কৰক।

লক্ষ্যঃ ইয়াৰোপৰি  আপুনি দিনটো কি কি কৰিব সেই লক্ষ্য নিৰ্ধাৰণ কৰাও প্ৰয়োজন। আপুনি নিজৰ মনতে এটা সময় নিৰ্ধাৰণ কৰিব পাৰে যে কোনটো সময়ত কি কৰিব। তেতিয়া আপোনাৰ কামত খেলিমেলি নালাগে, লগতে ইয়াৰ দ্বাৰা প্ৰেৰণা লাভ কৰা যায়।

 

অন্য খবৰ পঢ়কঃ ভৰিৰ বিষ, সিৰা দেখা দিয়া…সহজভাৱে নল’ব! হ’ব পাৰে এই ৰোগৰ লক্ষণ, জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...