Morning Routine: পুৱাৰ সময়ত নকৰিব এই ৩টা ভুল! অন্যথা হ’ব ডাঙৰ সমস্যা…

Morning Routine: সকলোৰে বাবে পুৱাৰ সময়খিনি গুৰুত্বপূৰ্ণ। পুৱাৰ সময়ত কৰা কামে আমাৰ দিনটো নিৰ্ধাৰণ কৰে। এই সময়খিনিত কিছুমান কাম এৰি চলিব লাগে। অন্যথা বিভিন্ন সমস্যা হ'ব পাৰে।

Morning Routine: পুৱাৰ সময়ত নকৰিব এই ৩টা ভুল! অন্যথা হব ডাঙৰ সমস্যা...

পুৱাৰ ৰুটিন

Published: 

12 Dec 2025 | 06:33 AM

পুৱাৰ সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ। কোৱা হয়, পুৱাৰ সময়খিনি যদি ভালদৰে আৰম্ভ নকৰে তেন্তে দিনটো অশান্তিত পাৰ হ’ব পাৰে। এক কথাত আপুনি পুৱা কি কাম কৰে বা আপোনাৰ ৰুটিন (Morning Routine) কি সেই কথাই গোটেই দিনটো নিৰ্ধাৰণ কৰে। বহু মানুহে নজনাকৈ কিছুমান ভুল কৰে যাৰ বাবে গোটেই দিনটো তেওঁলোকে বিভিন্ন শাৰীৰিক সমস্যাত ভুগি থাকে। বহুতে গেছ, এছিডিটি, দুৰ্বল আদি অনুভৱ কৰে। এইবোৰৰ পৰা বাছি থাকিবলৈ পুৱাৰ সময়ত কিছুমান কাম কৰিব নালাগে। এই সন্দৰ্ভত ইনষ্টাগ্ৰামত সবিশেষ জনাইছে হেলছ কোচ উৰ্বশী আগৰৱালে

ৰ’দঃ বহু মানুহে পুৱা উঠি মোবাইল ব্যৱহাৰ কৰা আৰম্ভ কৰে বা বেলেগ কাম কৰে। যাৰ বাবে পুৱাৰ ৰ’দ তেওঁলোকে নাপায়। কিন্তু পুৱাৰ সময়ৰ ৰ’দখিনি স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। মাত্ৰ ৫-১০ মিটিত পুৱাৰ ৰ’দত বহিলে ‘হেপি হৰম’ন’ অৰ্থাৎ চেৰোটোনিন বৃদ্ধি পায়। যদি আপুনি পুৱাৰ ৰ’দ নলয়, তেন্তে আপোনাৰ মুড বেয়া হ’ব পাৰে। ইযাৰ ফলত গোটেই দিনটো এলাহ লাগি থাকিব পাৰে।

খালী পেটত চাহ-কফিঃ বহু লোকৰ খালী পেটত চাহ-কফি খোৱাৰ অভ্যাস আছে। কিন্তু এই অভ্যাস বেয়া। খালী পেটত কেফিন আৰু এচিডিক ড্ৰিংকে এচিডিটি বৃদ্ধি কৰে। ইয়াৰ ফলত বাৰে বাৰে উগাৰ অহা, বমি বমি ভাব, পেটৰ বিষ, পেট ফুলা আদি সমস্যা হ’ব পাৰে। গতিকে পুৱা উঠি প্ৰথমে কুহুমীয়া পানী খাব লাগে।

শাৰীৰিক কাৰ্যকলাপঃ বহুতে দিনটো ব্যস্ততাৰ অন্তত সন্ধিয়া জিমলৈ যায়। কিন্তু সন্ধিয়া ৱাৰ্ক আউট কৰিলে শৰীৰ বেছি এক্টিভ হৈ যায় আৰু মগজু শান্ত হ’ব নোৱাৰে। ইয়াৰ ফলত নিশা দেৰিকৈ টোপনি আহিব পাৰে আৰু হৰম’নৰ ভাৰসাম্যহীনতাৰ সৃষ্টি হয়। এনে অৱস্থাত আপোনাৰ এলাহ, দুৰ্বলতা বৃদ্ধি পাব পাৰে। গতিকে পুৱাৰ সময়খিনি ৱাৰ্কআউট কৰিবলৈ ভাল।

উল্লেখ্য যে, এই লেখাটোত কেৱল সাধাৰণ দিশ উল্লেখ কৰা হৈছে। কিন্তু আপোনাৰ যদি কিবা বিশেষ ৰোগ আছে তেন্তে যিকোনো বস্তু কৰা বা খোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ শীতকালত প্ৰতিদিনে মটৰ খালে কি কি ৰোগৰ আশংকা কম হয়? জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...