Morning Diet: পুৱা খালী পেটত কি খাব লাগে? কেতিয়াও নহয় গেছৰ সমস্যা, জানক সকলো…

Morning diet: পুৱাৰ সময়খিনি আমাৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই সময়খিনিৰ ডায়েট ভাল হ'লে দিনটো ভালে যায় আৰু শৰীৰে শক্তি পায়। পুৱা উঠি আপুনি প্ৰথমে কি খাই ইয়াৰ ওপৰত দিনটোৰ স্বাস্থ্য নিৰ্ভৰ কৰে।

Morning Diet: পুৱা খালী পেটত কি খাব লাগে? কেতিয়াও নহয় গেছৰ সমস্যা, জানক সকলো...

পুৱা কি খাব...

Published: 

07 Oct 2025 | 08:18 AM

পুৱাৰ সময়খিনি আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ। যদি পুৱা ভালদৰে আৰম্ভ হয় তেন্তে দিনটো ভালে যায়। এই সময়খিনিৰ প্ৰভাৱ আমাৰ স্বাস্থ্য, শক্তি আৰু পাচন প্ৰক্ৰিয়াত পৰে। বিশেষকৈ খালী পেটত আপুনি কি খাই সেই দিশটোত মন দিয়া প্ৰয়োজন। খালী পেটৰ ডায়েট ভাল হ’লে পাচন প্ৰক্ৰিয়া ভালে থাকে, হজম শক্তি ভাল হয় আৰু শক্তি পোৱা যায়। কিন্তু পুৱাৰ খাদ্য কেতিয়াবা বেয়া হোৱা দেখা যায়। যাৰ ফলত গেছ, এচিডিটি আদি হোৱা দেখা যায়।

পুৱা গেছ হোৱাৰ কাৰণ

  • খালী পেটত কফি, চাহ আৰু টেঙা ফল খোৱাৰ ফলত গেছৰ সমস্যা হয়।
  • তেলযুক্ত খাদ্য, মচলাযুক্ত খাদ্য খালে গেছ হয়।
  • টোপনিৰ পাছত পেট সংবেদনশীল হয়, যাৰ বাবে হজম প্ৰক্ৰিয়া লেহেমীয়া হয়।
  • টোপনিৰ অভাৱৰ ফলতো গেছৰ সমস্যা হয়।
  • মানসিক উদ্বেগ গেছ হোৱাৰ অন্যতম কাৰণ হ’ব পাৰে।
  • শৰীৰ হাইড্ৰেট হৈ নাথাকিলে গেছৰ সমস্যা হয়।

কি খাব লাগে

কুহুমীয়া পানীঃ পুৱা উঠি আপুনি কুহুমীয়া পানী খাব পাৰে। ই পেটক ডিটক্স কৰে। এই পানীত আপুনি একেবাৰে অলপ নেমু মিহলি কৰি ল’ব পাৰে। যাৰ ফলত শৰীৰৰ পৰা বেয়া পদাৰ্থ বাহিৰ হয় আৰু হজম শক্তি ভাল হয়। ইয়ে গোটেই দিনটো আপোনাক সতেজ কৰি ৰাখিব।

অটছ বা দালিয়াঃ খালী পেটত তেলযুক্ত বা মচলাযুক্ত খাদ্য খাব নালাগে। ইয়াৰ পৰিৱৰ্তে অটছ আৰু দালিয়া খাব লাগে। ইয়াত ফাইবাৰ থাকে আৰু লাহে লাহে হজম হয়। যাৰ বাবে দীৰ্ঘসময় ধৰি পেট ভৰি থাকে।

ফল-মূলঃ আপুনি পুৱাৰ সময়ত কল, আপেল বা অমিতা খাব পাৰে। এইসমূহ ফল সহজে হজম হয় আৰু পেটক আৰাম দিয়ে। ইয়াত থকা ফাইবাৰ আৰু প্ৰাকৃতিক চেনিয়ে শৰীৰক শক্তি প্ৰদান কৰে।

ড্ৰাই ফ্ৰুটঃ নিশা তিয়াই থোৱা ড্ৰাই ফ্ৰুট আপুনি খালী পেটত খাব পাৰে। ই পাচন তন্ত্ৰৰ ভাল কৰাৰ লগতে শৰীৰক শক্তি প্ৰদান কৰে।

নাৰিকল পানীঃ শৰীৰ হাইড্ৰেট কৰি ৰাখিবলৈ পুৱা নাৰিকল পানী খাব পাৰে। ই শৰীৰ হাইড্ৰেট কৰাৰ লগতে ইলোক্ট্ৰল প্ৰদান কৰে। যাৰ ফলত শৰীৰে শক্তি লাভ কৰে।

উল্লেখ্য যে, পুৱাৰ সময়খিনি শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে এই সময়খিনিত নিজৰ যত্ন লোৱা অতি প্ৰয়োজন।

 

অন্য খবৰ পঢ়কঃ পুৱাৰ সময়ত কৰক এই ৫ কাম! ছাল হৈ পৰিব ধুনীয়া আৰু উজ্বল…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...