বাৰিষা এই ৫টা সাধাৰণ ভুল হৈ পৰিব পাৰে আপোনাৰ সংকটৰ কাৰক, এতিয়াই হওক সাৱধান

বাৰিষাত নিজকে সুস্থ-সবল আৰু নিৰোগী কৰি ৰখাৰ বাবে কিছুমান সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এই সময়ত কৰা কিছুমান ভুলে আপোনাক অসুস্থ কৰি তুলিব পাৰে।

বাৰিষা এই ৫টা সাধাৰণ ভুল হৈ পৰিব পাৰে আপোনাৰ সংকটৰ কাৰক, এতিয়াই হওক সাৱধান

প্ৰতিনিধিত্বমূলক ছবি

Published: 

11 Aug 2025 | 09:45 AM

ৰাজ্যৰ অধিকাংশ স্থানতে শেহতীয়া কিছুদিনত বাৰিষাৰ প্ৰভাৱ দেখা গৈছে সাধাৰণতে বাৰিষাৰ বতৰত ভাইৰাছজনিত ৰোগৰ আশংকা বৃদ্ধি পায়। ইয়াৰ উপৰিও এই সময়ত ভাইৰাছ আৰু বেক্টেৰিয়াৰ বৃদ্ধিৰ প্ৰক্ৰিয়াও বৃদ্ধি পায় ইয়াৰ ফলত ডেংগু, মেলেৰিয়া, চিকুংগুনিয়া, টাইফয়েড, চৰ্দি আৰু কাহ, ভাইৰাছজনিত জ্বৰ, টাইফয়েড, জণ্ডিচ আৰু গেষ্ট্ৰ’ (পাচন) সমস্যাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। এই সময়ছোৱাত কৰা কিছুমান সাধাৰণ ভুলে স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰে, গতিকে কিছুমান সৰু সৰু কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ হৈ পৰে।

বাৰিষাত নিজকে সুস্থসবল আৰু নিৰোগী কৰি ৰখাৰ বাবে কিছুমান সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এই সময়ত কৰা কিছুমান ভুলে আপোনাক অসুস্থ কৰি তুলিব পাৰে। জানো আহক এই বিষয়ে

বাহিৰৰ খাদ্য খোৱাঃ বাৰিষাৰ সময়ত অতি সোনকালে পাচনতন্ত্ৰৰ সমস্যা হয় অস্বাস্থ্যকৰ খাদ্যই এনে পৰিস্থিতিত খাদ্য বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। এই সময়ছোৱাত বেক্টেৰিয়া দ্ৰুতগতিত বিয়পে, গতিকে বাহিৰত খাদ্য গ্ৰহণ পৰাপক্ষত সম্পূৰ্ণৰূপে আওকাণ কৰা উচিত।

ঘৰত বায়ু চলাচলৰ অভাৱঃ স্বাভাৱিকতেই ঘৰৰ ভিতৰত বায়ু চলাচলৰ ব্যৱস্থা প্ৰতিটো সময়তে ভাল হ’ব লাগে কিন্তু বাৰিষাৰ সময়ত এইক্ষেত্ৰত অধিক যত্ন লোৱা প্ৰয়োজন ঘৰৰ ভিতৰৰ পৰিৱেশ আৰ্দ্ৰতামুক্ত তথা বেক্টেৰিয়ামুক্ত কৰি ৰাখিলে ৰোগে সহজে আপোনাক আক্ৰান্ত কৰিব নোৱাৰে

অপৰিষ্কাৰ পানী খোৱাঃ বাৰিষাৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। বিশেষকৈ এই সময়ছোৱাত কেৱল ফিল্টাৰ কৰা বা গৰম পানীহে খাব লাগে। ফিল্টাৰ নকৰা পানী খালে টাইফয়েড হোৱাৰ সম্ভাৱনা থাকে।

তিতা কাপোৰ আৰু তিতা ভৰি আওকাণ কৰাঃ যদি বৰষুণৰ সময়ত তিতি যায় আৰু বহুসময় ধৰি তিতা কাপোৰ পৰিধান কৰি থাকে, তেতিয়া অসুস্থ হ’ব পাৰে। তদুপৰি তিতা ভৰিৰে পোনে পোনে ঘৰলৈ অহাৰ ফলতো বহুতো বেক্টেৰিয়া বৃদ্ধি পায়।

পুষ্টি সমৃদ্ধ খাদ্য আওকাণ কৰাঃ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰি ৰাখিব পৰাকৈ বৰষুণৰ সময়ত পুষ্টি সমৃদ্ধ খাদ্য গ্ৰহণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ অস্বাস্থ্যকৰ খাদ্যাভ্যাস ৰোগ বৃদ্ধিৰ আটাইতকৈ প্ৰধান কাৰণ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব