নাৰিকল তেলৰ সৈতে এই ৫ বিধ সামগ্ৰী মিহলাই লগাওক, উজ্জ্বল হৈ পৰিব আপোনাৰ মুখ

Coconut Oil Benefits: নাৰিকল তেলত কিছুমান বিশেষ বস্তু মিহলাই প্ৰয়োগ কৰিলে ছালখন ৰাতিটোৰ ভিতৰতে সুস্থ, চিকচিকিয়া আৰু কোমল হ’ব পাৰে। যদি আপুনি আপোনাৰ ছালখন দাপোনৰ দৰে জিলিকাব বিচাৰে তেন্তে তাত কিছুমান প্ৰাকৃতিক বস্তু মিহলাই লগাওক।

নাৰিকল তেলৰ সৈতে এই ৫ বিধ সামগ্ৰী মিহলাই লগাওক, উজ্জ্বল হৈ পৰিব আপোনাৰ মুখ

নাৰিকল তেলৰ সৈতে মিহলাওক এই ৫ বিধ সামগ্ৰী

Updated On: 

12 Apr 2025 | 04:18 PM

ছালৰ যত্নৰ বাবে বজাৰত বহু দামী প্ৰসাধন সামগ্ৰী পোৱা যায় যদিও প্ৰাকৃতিক বস্তুৰ লগত তুলনা কৰিব নোৱাৰি। বিশেষকৈ নাৰিকল তেলৰ কথা আহিলে আমাৰ ঘৰত যুগ যুগ ধৰি ব্যৱহাৰ হৈ আহিছে। নাৰিকল তেলত এন্টিঅক্সিডেন্ট, এন্টিবেক্টেৰিয়েল আৰু মইশ্ব’ৰাইজিং গুণ থাকে যিয়ে ছালখনক পুষ্টিৰ লগতে ছালখনক গ্লোয়িং কৰি তোলে।

যদি আপুনি নাৰিকল তেল ইয়াত ঘৰতে বনোৱা আৰু ফলপ্ৰসূ কিছুমান বস্তু মিহলাই ব্যৱহাৰ কৰে, তেন্তে ইয়াৰ প্ৰভাৱ আৰু অধিক হৈ পৰিব। এই ৫বিধ বস্তুৰ বিষয়ে জানক, যিবোৰ নাৰিকল তেলৰ লগত মিহলাই লগালে ছালত জিলিকনি আহিব পাৰে।

হালধী আৰু নাৰিকল তেল

হালধীত এন্টিচেপ্টিক আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে। নাৰিকল তেলৰ লগত মিহলাই মুখত লগালে ছালখন গভীৰভাৱে পৰিষ্কাৰ কৰে আৰু দাগ কমায়। ইয়াৰ বাবে এচামুচ নাৰিকল তেলত অলপ হালধী মিহলাই মুখত ১০-১৫ মিনিট লগাব লাগে। পিছত কুহুমীয়া পানীৰে ধুব।

মৌ আৰু নাৰিকল তেল

মৌ এবিধ প্ৰাকৃতিক মইশ্ব’ৰাইজাৰ। ই ছালত আৰ্দ্ৰতা প্ৰদান কৰি ইয়াক কোমল কৰি তোলে। নাৰিকল তেল আৰু মৌ সমান পৰিমাণে মিহলাই মুখত লগালে মৃত ছাল আঁতৰি যায়। ১৫ মিনিট লগাই ৰখাৰ পিছত কুহুমীয়া পানীৰে ধুব লাগে।

নেমুৰ ৰস আৰু নাৰিকল তেল

নেমুত ভিটামিন চি আৰু ব্লিচিং গুণ থাকে, যিয়ে ছালৰ ৰং উজ্জ্বল কৰি তোলে। যদি আপোনাৰ ছালখন তেলীয়া আৰু তাত টেনিং বা পিগমেণ্টেচন থাকে, তেন্তে নেমুৰ ৰসৰ কেইটোপালমান মিহলাই নাৰিকল তেল প্ৰয়োগ কৰিলে উপকাৰী হ’ব পাৰে। মনত ৰাখিব যে নেমুৰ ৰস এচিডিক, গতিকে সপ্তাহত মাত্ৰ ১-২ বাৰহে লগাব লাগে আৰু প্ৰয়োগ কৰাৰ আগতে পেচ টেষ্ট কৰিব লাগে।

চন্দনৰ গুড়ি আৰু নাৰিকল তেল

চন্দনৰ গুড়িয়ে ছাল ঠাণ্ডা কৰি দাগ আঁতৰাই পেলায়। এচামুচ চন্দনৰ গুৰি নাৰিকল তেলত মিহলাই পেষ্টৰ দৰে মুখত লগাওক। ১৫-২০ মিনিট ৰাখি থৈ শুকোৱাৰ পিছত ধুই পেলাওক। ইয়াৰ নিয়মীয়া ব্যৱহাৰে ছালখন উজ্জ্বল কৰি তোলে।

এলোভেৰা জেল আৰু নাৰিকল তেল

সমান পৰিমাণৰ এলোভেৰা জেলৰ সৈতে নাৰিকল তেল মিহলাই ছালত লগালে ইয়াক গভীৰভাৱে মইশ্ব’ৰাইজ কৰা হয়, যাৰ ফলত মুখখন জিলিকি থকা আৰু সতেজ দেখা যায়। শুকান আৰু সংবেদনশীল ছালৰ বাবে ইয়াক অতি উপকাৰী ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...