পুৰুষসকলৰ এই সাধাৰণ অভ্যাসে প্ৰভাৱিত কৰে প্ৰজনন ক্ষমতাক, জানক…
আজিকালি পুৰুষসকলৰ মাজত প্ৰজননৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। যুৱকসকলৰ মাজত বৃদ্ধি পোৱা এই সমস্যা এতিয়া ডাঙৰ কাৰণ হৈ পৰিছে। অৱশ্যে ইয়াৰ আছে কিছুমান কাৰণ।

প্ৰতীকী ফটো
আজিকালি বেছিভাগ মানুহ ডেস্কৰ কামৰ লগত জড়িত। বিশেষকৈ কোৰোনা মহামাৰীৰ পাছত এতিয়াও বহুতে ঘৰৰ পৰা কাম কৰে। এনে অৱস্থাত অফিচলৈ যোৱা লোকৰ সংখ্যা কমি গৈছে আৰু মানুহ এটা ঠাইতে বহি পুৱাৰ পৰা ৰাতিলৈ কাম কৰিবলগীয়াত পৰে। দিনৰ বেছিভাগ সময় বহুতে লেপটপ আগত লৈ কাম কৰি থাকিবলগীয়া হয়।ইয়াৰোপৰি ঘৰৰ পৰা কাম কৰাৰ বাবে বহুতৰে কাম কৰা সময়ৰ পৰিমাণো বৃদ্ধি পায়।
এই ব্যৱস্থা দেখাত সহজ যেন লাগিলেও ই মানুহৰ স্বাস্থ্যৰ বহু ক্ষতি কৰিছে। ইয়াৰ ফলত কঁকালৰ বিষ, পিঠিৰ বিষ, মেৰুদণ্ডৰ সমস্যা, আঁঠুৰ বিষ বা অন্য ৰোগ বৃদ্ধি পোৱা দেখা যায়। কিন্তু ই পুৰুষসকলৰ মাজত এক ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে। সেয়া হ’ল পুৰুষৰ প্ৰজনন ক্ষমতা। বিশেষজ্ঞৰ মতে, ডেক্সৰ কাম কৰা পুৰুষৰ মাজত বন্ধ্যাত্বৰ সমস্যা বেছিকৈ দেখা যায়।
পৰিসংখ্যা অনুসৰি, বিশ্বৰ প্ৰতি ছয়জন লোকৰ ভিতৰত এজনে বন্ধ্যাত্বত ভোগে। ইয়াৰে আধা ৰোগী পুৰুষ। বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে যে বহু সময় একেৰাহে বহি থকা, লেপটপৰ উত্তাপ, ওজন বৃদ্ধি, মানসিক সমস্যা, টোপনিৰ অভাৱৰ বাবে এনে হৈছে। এইবোৰে শুক্ৰানুত প্ৰভাৱ পেলায়। গতিকে প্ৰশ্ন হয়, ডেস্কৰ চাকৰি কৰিলে কি হয়। এই বিষয়ে তলত উল্লেখ কৰা হ’ল-
তাপ– শুক্ৰাণু উৎপাদনত শৰীৰৰ বাকী অংশতকৈ শীতল উষ্ণতাৰ প্ৰয়োজন হয়। যেতিয়া কোনোৱে ভৰি দুখনত লেপটপ ৰাখি কাম কৰে তেতিয়া অণ্ডকোষৰ উষ্ণতা বৃদ্ধি পাব পাৰে, যাৰ ফলত সময়ৰ লগে লগে শুক্ৰাণু উৎপাদনৰ ক্ষতি হ’ব পাৰে।
দীৰ্ঘ সময় বহি থকা – অধ্যয়নত দেখা গৈছে যে দীৰ্ঘ সময় বহি থকাটো বীৰ্যৰ গুণাগুণ নষ্ট কৰিব পাৰে। শাৰীৰিক কাৰ্যকলাপ নাথাকিলে এই সমস্যা হ’ব পাৰে। গতিকে দৈনন্দিন ব্যায়াম বা খোজকাঢ়িব পাৰে।
ওজন আৰু বিপাকীয় ক্ৰিয়া – বেছিসময় ডেক্সত বহি কাম কৰিলে ওজন বৃদ্ধি হ’ব পাৰে। বহু গৱেষণাত প্ৰকাশ পাইছে যে মেদবহুলতাই শুক্ৰাণুৰ সংখ্যা, গতিশীলতা আৰু গুণগত মান হ্ৰাস পায়।
মানসিক চাপ আৰু টোপনি – মানসিক চাপ আৰু বহু সময় স্ত্ৰীণ ব্যৱহাৰ কৰিলে টোপনিত প্ৰভাৱ পৰে। টোপনিয়ে শুক্ৰাণুৰ ঘনত্ব কম কৰে আৰু দীৰ্ঘদিনীয়া মানসিক চাপে টেষ্টষ্টেৰন হ্ৰাস কৰে। ই প্ৰজনন ক্ষমতাত প্ৰভাৱিত কৰে।
প্ৰতিকাৰৰ উপায়
- লেপটেপ টেবুলত থৈ ব্যৱহাৰ কৰিব।
- ভৰি দুখন ক্ৰছ কৰি লেপটপ নলব
- প্ৰতি ৩০-৪০ মিনিটৰ মূৰে মূৰে থিয় হব।
- বিৰতি লব।
- ব্যায়াম কৰিব।
- খোজ কাঢ়িব।
- ভাল খাদ্য খাওক।
- পৰ্যাপ্ত টোপনি লওক।
অন্য খবৰ পঢ়কঃ কেৱল মিঠা নহয়! এইসমূহ খাদ্য হ’ব পাৰে ব্লাড চুগাৰ বৃদ্ধিৰ কাৰণ, জানক সকলো…