Male breast cancer: পুৰুষৰো হয় স্তনৰ কৰ্কট ৰোগ, জানক ইয়াৰ লক্ষণ আৰু কাৰণ…

Male breast cancer: মহিলা নহয়, পুৰুষৰো হ'ব পাৰে স্তনৰ কৰ্কট ৰোগ। অৱশ্যে এই ক্ষেত্ৰত বহু পুৰুষ এতিয়াও সচেতন নহয়। পুৰুষৰ স্তনৰ কৰ্কট ৰোগৰ আছে কিছুমান লক্ষণ। আহক জানো, বিশেষজ্ঞই কি কয়...

Male breast cancer: পুৰুষৰো হয় স্তনৰ কৰ্কট ৰোগ, জানক ইয়াৰ লক্ষণ আৰু কাৰণ...

পুৰুষৰ স্তন কৰ্কট ৰোগৰ লক্ষণ

Published: 

27 Oct 2024 | 04:13 PM

বৰ্তমান সময়ত কৰ্কট ৰোগ এটি ডাঙৰ সমস্যা। যুৱক- যুৱতীৰ পৰা আৰম্ভ কৰি প্ৰাপ্ত বয়স্কলৈ বহুতো এই ৰোগত আক্ৰান্ত হয়। কৰ্কট ৰোগ বহু প্ৰকাৰৰ থাকে, ইয়াৰ ভিতৰত স্তনৰ কৰ্কট ৰোগ অন্যতম। স্তনৰ কৰ্কট ৰোগ বুলি ক’লে সাধাৰণতে ইয়াক মহিলাৰ লগতে সংযোগ কৰা হয়। ভবা হয়, স্তন কেন্সাৰ কেৱল মহিলাসকলৰ হয়। কিন্তু এনে নহয়, পুৰুষৰ মাজতো দেখা দিয়ে স্তনৰ কৰ্কট ৰোগে। কিন্তু আজিৰ সময়তো বহু পুৰুষ এই সম্পৰ্কে সচেতন নহয়।

পুৰুষৰ ক্ষেত্ৰত এই ৰোগ বিৰল, অৰ্থাৎ অতি কম সংখ্যক পুৰুষৰ ক্ষেত্ৰতহে এই ৰোগ হয়। পুৰুষৰ স্তন কেন্সাৰ অতি পলমকৈ ধৰা পৰে যাৰ বাবে ই অতি বিপদজনক হৈ পৰে।

কেনেকৈ হয়

কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ বিনীত তালৱাৰে কয় যে, শৰীৰৰ কোনো ঠাইত অস্বাভাৱিক কোষ বৃদ্ধি হোৱাৰ ফলতেই কৰ্কট ৰোগ হয়। যেতিয়া এই কোষবোৰ স্তনত বৃদ্ধি হ’বলৈ ধৰে তেতিয়া ইয়াক স্তন কেন্সাৰ বুলি কোৱা হয়। পুৰুষৰ ক্ষেত্ৰতো যেতিয়া স্তনৰ অংশত কোষবোৰ অনিয়মিতভাৱে বৃদ্ধি পায় তেতিয়া পুৰুষৰ স্তনৰ কৰ্কট ৰোগ হয়। মহিলাতকৈ পুৰুষৰ স্তনৰ টিচিউ কম থাকে যাৰ বাবে পুৰুষৰ দেহত স্তনৰ কৰ্কট ৰোগ হোৱাৰ আশংকা কম।

কাৰণ

  • বয়স বৃদ্ধিৰ লগে লগে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পায়। পুৰুষৰ যেতিয়া বয়স বৃদ্ধি পায় তেতিয়া এই ৰোগৰ আশংকা বাঢ়ে।
  • কিছুমান জিনৰ বংশগত মিউটেচনৰ বাবেও পুৰুষৰ ক্ষেত্ৰত স্তন কেন্সাৰ হয়।
  • জেনেটিক কাৰণত পুৰুষৰ স্তনৰ কৰ্কট ৰোগ হয়।  আপোনাৰ পৰিয়ালত পূৰ্বতে যদি কাৰোবাৰ দেহত এই ৰোগ থাকে তেন্তে পৰৱৰ্তী সময়ত অন্যৰো হোৱাৰ সম্ভাৱনা থাকে।
  • লিভাৰ চিৰ’ছিছৰ ক্ষেত্ৰত ইষ্ট্ৰজেনৰ মাত্ৰা বৃদ্ধি হোৱাৰ বাবে পুৰুষৰ স্তনৰ কৰ্কট ৰোগ হ’ব পাৰে।
  • অত্যাধিক সুৰা পান কৰিলেও পুৰুষৰ স্তনৰ কৰ্কট ৰোগ হ’ব পাৰে।

লক্ষণ

  • স্তন কেন্সাৰত স্তনৰ চাৰিওফালে বিষহীন গোট গঠন হয়। ই বিশেষকৈ নিপলৰ চাৰিওফালে দেখা দিয়ে।
  • ইয়াৰ ফলত স্তনৰ কিছু পৰিবৰ্তন হ’ব পাৰে। নিপল ৰঙা পৰা, তৰল পদাৰ্থ নিৰ্গত হোৱা আদি সমস্যাই দেখা দিব পাৰে।
  • স্তন ঘাঁ বা সৰু সৰু ফোহা হ’ব পাৰে।

কেনেকৈ সুৰক্ষিত থাকিব

  • সুৰাপান বন্ধ কৰিলে হৰম’ন সুস্থ হৈ থাকে আৰু ইয়াৰ ফলত কৰ্কট ৰোগৰ আশংকা কম হয়।
  • শৰীৰৰ পৰা অতিৰিক্ত চৰ্বি কমিলে ইষ্ট্ৰজেনৰ মাত্ৰা হ্ৰাস পায় যাৰ ফলত কৰ্কট ৰোগৰ সম্ভাৱনাও হ্ৰাস পায়।
  • মাজে সময়ে শাৰীৰিক পৰীক্ষাৰ দৰকাৰ।  যদি এনে সমস্যাই দেখা দিছে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...