কেৱল উপহাৰেৰে নহয়, Kiss Dayত এইদৰে বিশেষ অনুভৱ কৰাওক আপোনাৰ সংগীক

সমাগত ভেলেণ্টাইন ডে। এই দিনটোত আপুনি আপোনাৰ সংগীৰ সৈতে আপোনাৰ মৰম আদান-প্ৰদান কৰিব পাৰে। কাইলৈ Kiss Day, কেৱল উপহাৰেৰে নহয়, আপোনাৰ সংগীক অনুভৱ কৰাওক বিশেষ।

কেৱল উপহাৰেৰে নহয়, Kiss Dayত এইদৰে বিশেষ অনুভৱ কৰাওক আপোনাৰ সংগীক
Published: 

12 Feb 2025 | 08:48 PM

১৪ তাৰিখে ভেলেণ্টাইন ডে’। এই দিনটোত প্ৰেমিক-প্ৰেমিকাসকলে ইজনে সিজনৰ দিনটোক বিশেষ কৰি তোলাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰে। বহুতে নিজৰ সংগীৰ সৈতে ওলাই যায়, চিনেমা চাবলৈ যায় বা নিশাৰ আহাৰ একেলগে খায়। কাইলৈ Kiss Day এই দিনটোত বেছিভাগ সংগীয়ে ইজনে সিজনক উপহাৰ দিয়ে। কেৱল উপহাৰেৰে নহয়, কিছু বিশেষ ধৰণেৰে সংগীক প্ৰেমৰ অনুভৱ কৰাব পাৰে।

প্ৰেম পত্ৰ

ছ’চিয়েল মিডিয়াৰ যুগৰ পূৰ্বে মানুহে নিজৰ সংগীৰ বাবে প্ৰেমৰ চিঠি লিখিছিল। তথাপিও আপুনি আপোনাৰ সংগীলৈ প্ৰেম পত্ৰ লিখিব পাৰে, এইটোৱেই হ’ব পাৰে প্ৰেম প্ৰকাশৰ আটাইতকৈ মধুৰ উপায়। ইয়াত আপুনি আপোনাৰ অনুভৱ প্ৰকাশ কৰিব পাৰে, তেওঁৰ সৈতে কটোৱা সেই বিশেষ মুহূৰ্তবোৰ মনত কৰাব পাৰে। এই চিঠিখনে আপোনাৰ প্ৰেমৰ গভীৰতা আৰু আপোনাৰ সম্পৰ্কৰ শক্তিৰ প্ৰতিফলন ঘটাব। এইটো এটা মৰমৰ উপহাৰ যিটো তেওঁ চিৰদিনৰ বাবে নিজৰ লগত ৰাখিব পাৰিব।

বিশেষ নিশাৰ আহাৰৰ পৰিকল্পনা

ৰোমান্টিক ডিনাৰৰ জৰিয়তে আপোনাৰ সংগীৰ সৈতে ভেলেণ্টাইন ডে’ বা চুম্বন দিৱস উদযাপন কৰিব পাৰে। এই দিনটোক অধিক বিশেষ কৰি তুলিবলৈ আপুনি আপোনাৰ প্ৰিয় সংগীতৰ ব্যৱস্থাও কৰিব পাৰে, যিয়ে পৰিৱেশটোক অধিক ৰোমান্টিক কৰি তুলিব।

মেছেজৰ এলবাম তৈয়াৰ কৰি দিয়ক

আপোনাৰ সংগীৰ সৈতে সম্পৰ্কৰ সুন্দৰ মুহূৰ্তবোৰৰ ফটোৰ এলবাম বনোৱাৰ লগতে, প্ৰেমৰ আৰম্ভণিৰ কথোপকথনৰ এটা এলবাম দিব পাৰে। এই উপহাৰে আপোনাৰ সংগীক সুখী কৰি তুলিব।

বিশেষ ঠাই ভ্ৰমণ কৰক

যদি আপোনাৰ সংগী প্ৰকৃতিপ্ৰেমী তেন্তে আপুনি আপোনাৰ সংগীক বিশেষ ধৰণে surprise দিব পাৰে, সূৰ্য উদয় বা সূৰ্যাস্তৰ সময়ত কোনোবা ধুনীয়া ঠাইলৈ লৈ যাব পাৰে। শান্তিপূৰ্ণ আৰু প্ৰাকৃতিক পৰিৱেশত সময় কটোৱাটো অতি ৰোমান্টিক হ’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...