শৰীৰত জিংক আৰু মেগনেছিয়ামৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে, জানক…

শৰীৰত যেতিয়া মেগনেছিয়াম আৰু জিংকৰ অভাৱ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। কিন্তু বহুতে ইয়াক আওকান কৰি চলে। কিন্তু ইয়াৰ বিষয়ে জনা দৰকাৰ।

শৰীৰত জিংক আৰু মেগনেছিয়ামৰ অভাৱ হলে কি কি লক্ষণে দেখা দিয়ে, জানক...

মেগনেছিয়ামৰ অভাৱ

Published: 

22 Sep 2025 16:45 PM

মেগনেছিয়ামৰ অভাৱ হোৱা অৱস্থাটোক হাইপ’মেগনেছিয়াম বুলি কোৱা হয়। যেতিয়া শৰীৰত ইয়াৰ অভাৱ হয় তেতিয়া পেশী টানি ধৰা, উচ্চ ৰক্তচাপ, অন্য শাৰীৰিক-মানসিক সমস্যা আদি হ’ব পাৰে। কিন্তু বহুতে এই লক্ষণসমূহ আওকান কৰি চলে। যাৰ বাবে মেগনেছিয়ামৰ অভাৱ হ’লে বহুতে গম নাপায়।

মেগনেছিয়ামৰ লগতে জিংকৰ অভাৱে মগজুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। জিংকে মগজুৰ কোষক সক্ৰিয় কৰি ৰাখে আৰু মগজুত বাৰ্তা প্ৰেৰণ কৰা ৰাসায়নিক পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰে। যেতিয়া ইয়াৰ অভাৱ হয় তেতিয়া দুখ, ভাগৰ, হতাশা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। শিশু আৰু মহিলাসকলৰ বেছিকৈ জিংকৰ অভাৱ হোৱা দেখা যায়।

মেগনেছিয়ামৰ অভাৱ

আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ সঞ্চালক অধ্যাপক ডাঃ সুভাষ গিৰীয়ে কয় যে ডায়েবেটিছ, ক্ৰনিক ডায়েৰিয়া, চিলিয়াক ৰোগত আক্ৰান্তসকলৰ বেছিকৈ মেগনেছিয়ামৰ অভাৱ হোৱা দেখা যায়। মদ্যপান কৰা লোকসকলৰো এই সমস্যা বেছিকৈ হয়।

মেগনেছিয়ামৰ অভাৱৰ লক্ষণ

  • পেশী টানি ধৰাঃ পেশী টানি ধৰা, কপা আদি মেগনেছিয়ামৰ অভাৱৰ লক্ষণ।
  • মানসিক স্বাস্থ্যৰ অৱস্থাঃ মেগনেছিয়ামৰ অভাৱ হলে মানসিক সমস্যাইও দেখা দিয়ে। ইয়াৰ ফলত ডিপ্ৰেশ্যন, অজ্ঞানতা আদি হ’ব পাৰে।
  • অনিয়মিত হৃদস্পন্দন – অনিয়মিত হৃদস্পন্দন মেগনেছিয়ামৰ অভাৱৰ লক্ষণ হ’ব পাৰে।

জিংকৰ অভাৱ

জিংকৰ অভাৱত মগজুত চেৰ’টনিন আৰু ড’পামিনৰ দৰে সুখী হৰম’নৰ মাত্ৰা হ্ৰাস পায়। ইয়াৰ ফলত লোকজন খিংখিঙীয়া, হতাশা আদি সমস্যাৰ সন্মুখীন হয়। মনোযোগৰ ক্ষেত্ৰতো প্ৰভাৱ বেছি। গৱেষণাৰ পৰা পোহৰলৈ আহিছে যে ডিপ্ৰেশ্যনত ভোগা লোকসকলৰ জিংকৰ অভাৱ হোৱা দেখা যায়।

মেগনেছিয়ামৰ মাত্ৰা বৃদ্ধিৰ উপায়

  •  বাদাম
  • তিল
  • সূৰ্যমুখী গুটি
  • কাজু
  • আলমণ্ড
  • সেউজীয়া শাক-পাচলি
  • কল
  • মচুৰ দাইল আদি।

জিংকৰ মাত্ৰা বৃদ্ধিৰ উপায়

  • মচুৰ দাইল
  • বাদাম
  • চজিনা
  • ওটছ
  • গাখীৰ, দৈ, পনীৰ, কণী, মাছ, মাংস আদিতো জিংক প্ৰচুৰ পৰিমাণে পোৱা যায়।

এই ক্ষেত্ৰত আপুনি অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

অন্য খবৰ পঢ়ক- হাৰ্ট এটেক অহাৰ পূৰ্বে শৰীৰত দেখা দিয়ে এইসমূহ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

এই ৫ টা সাধাৰণ অভ্যাস হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ! জানক সকলো...
নৱৰাত্ৰিত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!