হাওঁফাওঁৰ কৰ্কট ৰোগ হ’লে পুৱাৰ সময়ত দেখা দিয়ে এই লক্ষণ! জানক চিকিৎসকৰ পৰা…

হাওঁফাওঁৰ কৰ্কট ৰোগ এক গুৰুতৰ ৰোগ। যাক চাইলেন্ট কিলাৰ বুলি কোৱা হয়। যেতিয়া এই কৰ্কট ৰোগ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ লক্ষণৰ বিষয়ে জনা দৰকাৰ।

হাওঁফাওঁৰ কৰ্কট ৰোগ হলে পুৱাৰ সময়ত দেখা দিয়ে এই লক্ষণ! জানক চিকিৎসকৰ পৰা...

হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণসমূহ

Published: 

09 Sep 2025 15:22 PM

বিশ্বৰ লগতে দেশতো বৃদ্ধি পাইছে পাইছে কৰ্কট ৰোগীৰ সংখ্যা। কৰ্কট ৰোগ বিভিন্ন প্ৰকাৰৰ থাকে। ইয়াৰ ভিতৰত হাওঁফাওঁৰ কৰ্কট ৰোগ অন্যতম। বহু সময়ত এই ৰোগৰ লক্ষণ দেখা নিদিয়ে। কেতিয়াবা দেখা দিয়ে যদিও সাধাৰণ বুলি বহু মানুহে ইয়াক আওকান কৰি চলে। মূলতঃ ধূমপানৰ বাবে হাওঁফাওঁৰ কৰ্কট ৰোগ হয়। ইয়াৰোপৰি বায়ু প্ৰদূষণ, ভেপিং আদিৰ ফলতো এই সমস্যা হ’ব পাৰে।

যেতিয়া হাওঁফাওঁৰ কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰে তেতিয়া এই কৰ্কট ৰোগ হয়। ই এক গুৰুতৰ ৰোগ। গতিকে সময়মতে চিনাক্ত কৰি ইয়াৰ চিকিৎসা কৰিব পাৰিলে ভাল। এই কৰ্কট ৰোগত চাইলেন্ট কিলাৰ বুলিও কোৱা হয়। কিয়নো ইয়াৰ লক্ষণ হঠাতে দেখা দিয়ে। যেতিয়ালৈ লক্ষণ স্পষ্ট হয় তেতিয়ালৈকে এই ৰোগ গুৰুতৰ হৈ পৰিব পাৰে।

কাৰণ

হাওঁফাওঁৰ কৰ্কট ৰোগৰ বিভিন্ন কাৰণ থাকিব পাৰে। ইয়াৰে কেইটামান কাৰণ তলত উল্লেখ কৰা হ’ল-

  • পাৰিবাৰিক ইতিহাস। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যই পূৰ্বতে এই ৰোগত আক্ৰান্ত হৈছিল তেতিয়া হ’লে অন্য লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে,
  • ধূমপান,
  • গুটখা খোৱা,
  • কিছুমান কেমিকেলৰ কাৰখানাত কাম কৰা,
  • বায়ু প্ৰদূষণ আদি।

বিশেষজ্ঞৰ মতে, ৮০ শতাংশ ৰোগীৰ ধূমপানৰ বাবে এই কৰ্কট ৰোগ হয়। প্ৰাৰম্ভিক অৱস্থাত এই কৰ্কট ৰোগৰ লক্ষণ অতি সাধাৰণ। যাৰ বাবে মানুহে ইয়াক কোনো সাধাৰণ সমস্যা বুলি আওকান কৰি চলে।

লক্ষণ

মেক্স হাস্পতালৰ অংক’লজিষ্ট ডাঃ ৰোহিত কাপুৰে হাওঁফাওঁৰ কৰ্কট ৰোগৰ বিভিন্ন লক্ষণৰ বিষয়ে জনাইছে। কিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল-

  • স্থায়ী কাহ, ঔষধ খোৱাৰ পাছতো এই কাহ নকমে,
  • উশাহ-নিশাহত সমস্যা,
  • বুকুৰ বিষ,
  • কোনো কাৰণ নোহোৱাকৈ ওজন কমি যোৱা,
  • কাহত তেজ অহা আদি।

পুৱা দেখা দিয়া কিছুমান লক্ষণ

  • হাওঁফাওঁৰ কৰ্কট ৰোগ হ’লে কিছুমানৰ বিশেষকৈ পুৱা তীব্ৰ জ্বৰ হয়। ঔষধ খোৱাৰ পাছতে বাৰে বাৰে এই জ্বৰ হয়।
  • কেতিয়াবা হঠাতে ঘাম অহা এই কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে। পুৱাৰ সময়ত এই ঘাম বেছি হ’ব পাৰে।
  • শুকান কাহ এই ৰোগৰ লক্ষণ হ’ব পাৰে। এই কাহ ৩ সপ্তাহতকৈ অধিক দিন থাকিব পাৰে।
  • থু’ত তেজ ওলোৱা ইয়াৰ লক্ষণ হ’ব পাৰে। ভিতৰত ঘাঁ হোৱাৰ বাবে তেজ ওলায়।
  • হঠাতে উশাহ বন্ধ হৈ যোৱাৰ দৰে অনুভৱ আদি।

যদি এই লক্ষণসমূহে দেখা দিয়ে তেন্তে লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। সময়ৰ লগে লগে এই সমস্যা আৰু অধিক বৃদ্ধি পায়। গতিকে সময় থাকোতে ইয়াৰ প্ৰতি সচেতন হোৱা ভাল।

 

 

অন্য খবৰ পঢ়কঃ থিয় হোৱাৰ পাছত হঠাতে মূৰ ঘূৰাই নেকি? ই কি ৰোগৰ লক্ষণ, জানক সকলো…

 

স্বামীৰ বাবে সৌভাগ্য কঢ়িয়াই আনে এই ৪ গুণৰ মহিলাই, জানক...
খালী পেটত চাহ খোৱা অভ্যাস আছে নেকি? হ’ব পাৰে এই ৩টা গুৰুতৰ সমস্যা...
জীৱনলৈ আহিব দুৰ্ভাগ্য! কেতিয়াও ব্যৱহাৰ নকৰিব আনৰ এইসমূহ বস্তু...
জীৱন হ'ব ধ্বংস, কেতিয়াও বিশ্বাস নকৰিব এইসকল লোকক!
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী
বৰপেটাতো হব বৃহৎ উচ্ছেদঃ মুখ্যমন্ত্ৰী
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...