হাওঁফাওঁৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি জানেনে? ভুলতো নকৰিব আওকান, জানক সকলো…

বৰ্তমান দেশত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। বিভিন্ন কৰ্কট ৰোগৰ ভিতৰত হাওঁফাওঁৰ কৰ্কট ৰোগো অন্যতম। যেতিয়া এই কৰ্কট ৰোগ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে।

হাওঁফাওঁৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি জানেনে? ভুলতো নকৰিব আওকান, জানক সকলো...

হাওঁফাওঁ কৰ্কট ৰোগৰ লক্ষণ

Published: 

17 Aug 2025 19:21 PM

কৰ্কট ৰোগ বিভিন্ন ভাগ আছে। তাৰ ভিতৰত হাওঁফাওঁৰ কৰ্কট ৰোগ অন্যতম। যেতিয়া হাওঁফাওঁৰ কৰ্কট ৰোগ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। কিন্তু বহু সময়ত মানুহে এই লক্ষণসমূহ আওকান কৰি চলে। হাওঁফাওঁৰ কৰ্কট ৰোগৰ মূল কাৰণ হৈছে ধূমপান। ইয়াৰোপৰি বায়ু প্ৰদূষণ, ভেপিং আদিৰ ফলতো এই কৰ্কট ৰোগ হ’ব পাৰে। যেতিয়া হাওঁফাওঁত কোষবোৰ অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি হয় তেতিয়া এই ৰোগ হয়।

হেলথ লাইনৰ মতে, প্ৰথম অৱস্থাত এই কৰ্কট ৰোগ ধৰা পৰিলে সহজে ইয়াক ঠিক কৰিব পাৰি। কিন্তু প্ৰথম পৰ্যায়ত এই কৰ্কট ৰোগৰ বিশেষ কোনো লক্ষণে দেখা নিদিয়ে। যাৰ ফলত ইয়াৰ চিনাক্ত কৰাত দেৰি হয় আৰু তেতিয়ালৈকে কেন্সাৰ বিয়পি পৰে।

কাৰণ

মেক্স হাস্পতালৰ অংক’লজিষ্ট ডাঃ ৰোহিত কাপুৰে কয় যে হাওঁফাওঁৰ কৰ্কট ৰোগৰ বিভিন্ন কাৰণ থাকিব পাৰে। তাৰ ভিতৰত

  • পাৰিবাৰিক ইতিহাস
  • চিগাৰেট
  • চিগাৰ
  • পাইপ বা অন্য বস্তুৰে ধূমপান কৰা আদি।
  • হাওঁফাওঁৰ কৰ্কট ৰোগীৰ ৮০ শতাংশৰ ক্ষেত্ৰত ধূমপানৰ কাৰণ।

লক্ষণ

ডাঃ ৰোহিত কাপুৰে কয় যে হাওঁফাওঁৰ কৰ্কট ৰোগ হ’লে প্ৰথম অৱস্থাত বিশেষ একো লক্ষণে দেখা দিয়ে। যেতিয়া কিছুমান সাধাৰণ লক্ষণে দেখা দিয়ে তেতিয়া মানুহে লক্ষণৰ ওপৰত ভিত্তি কৰি ঔষধ খায়। ঔষধ খোৱাৰ পাছত লক্ষণ ঠিক হয় যদিও পাছলৈ পুনৰ একেই সমস্যা হয়।

কিছুমান লক্ষণ হ’ল-

  • স্থায়ী কাহ।
  • উশাহ-নিশাহৰ সমস্যা
  • বুকুৰ বিষ
  • ওজন কমি যোৱা
  • শব্দৰ পৰা হুৰহুৰাই শব্দ অহা
  • ভাগৰুৱা অনুভৱ
  • কঁকালৰ বিষ
  • ভোক নলগা আদি

গুৰুতৰ লক্ষণ-

  • কাহত তেজ অহা
  • উশাহত বহুত কষ্ট
  • দ্ৰুত গতিত ওজন হ্ৰাস পোৱা

অন্য কিছুমান লক্ষণ

অধিকাংশ হাওঁফাওঁৰ কৰ্কট ৰোগীয়ে ডিঙি বা ডিঙিৰ কাষত গোট, হাড়ৰ বিষ, পিঠিৰ বিষ, নিতম্বত বিষ,মূৰৰ বিষ, মূৰ ঘূৰোৱা, হাত বা ভৰিৰ অজ্ঞানতা, ছাল আৰু চকু হালধীয়া হোৱা অৰ্থাৎ জণ্ডিচ, চকুৰ পতা তললৈ যোৱা, চকুৰ ছানি সংকুচিত হোৱা, মুখৰ এফালে ঘাম ওলোৱা, কান্ধৰ বিষ, মুখমণ্ডল আৰু শৰীৰৰ ওপৰৰ অংশত ফুলা আদি হ’ব পাৰে।এই কৰ্কট ৰোগতো বহু ধৰণৰ হৰম’ন নিৰ্গত হয়। যাৰ বাবে পেশীৰ বিষ, বমি, মূৰ ঘূৰোৱা, উচ্চ ৰক্তচাপ, বিভ্ৰান্তি আদি হয়।  গতিকে এনে লক্ষণসমূহ দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। সঠিক চিকিৎসাৰ সহায়ত এই ৰোগ ভাল হয়।

 

 

অন্য খবৰ পঢ়কঃ হৃদযন্ত্ৰ দুৰ্বল হ’লে শৰীৰে দিয়ে এই ৫টা সংকেত! জানক চিকিৎসকৰ পৰা…

 

UMANG এপৰ জৰিয়তে আপোনাৰ আধাৰক UAN ৰ সৈতে সহজে লিংক কৰক, কেনেকৈ কৰিব? জানক
এই ৭ টা অভ্যাসে অকালতে বৃদ্ধ কৰি তুলিব আপোনাৰ ছাল!
মানসিক চাপত ভুগিলে কি কি লক্ষণে দেখা দিয়ে? জানক,,,
মহিলাৰ HIV সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি ? জানক