Lungs Cancer Symptoms: হাওঁফাওঁৰ কৰ্কট ৰোগ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা….

Lung Cancer Symptoms: হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ সময়ত বিভিন্ন লক্ষণে দেখা দিয়ে। কিন্তু বহুতে এইবোৰ সাধাৰণ বুলি আওকাণ কৰি চলে। গতিকে হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণ সন্দৰ্ভত জনাইছে বিশেষজ্ঞই।

Lungs Cancer Symptoms: হাওঁফাওঁৰ কৰ্কট ৰোগ হলে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা....

হাওঁফাওঁ কৰ্কট ৰোগ

Published: 

28 Nov 2025 | 12:19 PM

হাওঁফাওঁৰ কৰ্কট ৰোগৰ বিভিন্ন লক্ষণ প্ৰাৰম্ভিক অৱস্থাত দেখা নাযায়। যাৰ বাবে ইয়াক চাইলেন্ট কিলাৰ বুলি কোৱা হয়। ইয়াৰোপৰি কিছুমান লক্ষণ দেখা দিয়ে যদিও মানুহে এইবোৰ আওকাণ কৰি চলে। যেতিয়া হাওঁফাওঁৰ কোষবোৰ অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাই তেতিয়া ইয়াক হাওঁফাওঁৰ কৰ্কট (Lung Cancer) ৰোগ বোলে। সময়মতে চিকিৎসা কৰিলে এই ৰোগৰ পৰা হাত সাৰিব পাৰি। গতিকে ইয়াৰ লক্ষণবোৰ জনা দৰকাৰ। এই সন্দৰ্ভত সবিশেষ জনাইছে মেক্স হাস্পতালৰ অংক’লজিষ্ট ডাঃ ৰোহিত কাপুৰে

ধূমপান,ধঁপাত, পাৰিবাৰিক ইতিহাস আদি বিভিন্ন কাৰণত হাওঁফাওঁৰ কৰ্কট ৰোগ হ’ব পাৰে। প্ৰতিবছৰে বহু মানুহ এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়।

পুৱাৰ লক্ষণ

  • পুৱাৰ ভাগত তীব্ৰ জ্বৰ উঠিব পাৰে। দীৰ্ঘদিন ধৰি এনে হৈ থাকিলে পাছত সমস্যা হ’ব পাৰে।
  • পুৱা বহুত ঘাম ওলাব পাৰে।
  • যদি তিনি সপ্তাহতকৈ বেছিদিন শুকান কাহৰ সমস্যা থাকে তেন্তে এয়া হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।
  • হাওঁফাওঁৰ কৰ্কট ৰোগৰ সাধাৰণ লক্ষণ হ’লে থুত তেজ ওলোৱা। ডিঙিৰ ভিতৰত ঘাঁ সদৃশ বস্তু হোৱা বাবে এনে হয়।

অন্য লক্ষণ

  • উশাহ লোৱাত কষ্ট
  • বুকুত বিষ
  • ওজন হ্ৰাস পোৱা
  • কণ্ঠস্বৰত সমস্যা
  • ভাগৰ আৰু দুৰ্বল অনুভৱ
  • কাহত তেজ ওলোৱা আদি।

যদি দীৰ্ঘদিন ধৰি এই লক্ষণসমূহ দেখা দি থাকে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক। হাওঁফাওঁৰ কৰ্কট ৰোগ হ’লে প্ৰাৰম্ভিক অৱস্থাত লক্ষণবোৰ একেবাৰে সাধাৰণ হয়। যাৰ বাবে এই ৰোগ লাহে লাহে বাঢ়ি যায়। গতিকে দীৰ্ঘসময় কোনো লক্ষণ দেখা দি থাকিলে সহজভাৱে নল’ব। ইয়াৰোপৰি সুষম খাদ্য,ভাল জীৱনশৈলী, ধূমপান ত্যাগ কৰি এই ৰোগৰ আশংকা কম কৰিব পাৰি।

 

অন্য খবৰ পঢ়়কঃ ব্লাড চুগাৰ বৃদ্ধি পালে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

ফলৰ জৰিয়তে কমাব পাৰিব ওজন! এই ফলকেইবিধে আপোনাক দিব যাদুকৰী সমাধান
প্ৰয়োজনতকৈ অধিক খাদ্য খালে শৰীৰে কি কি ইংগিত দিয়ে, জানক...
৩০ দিন একেৰাহে জিৰা পানী খালে শৰীৰৰ কি কি পৰিবৰ্তন হ'ব?জানক...
দৈনিক ৰঙা চাহ খালে স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পাৰে? জানক...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি