Liver: যকৃতৰ সমস্যা হ’লে ছালে দিয়ে এই ৬টা সংকেত! জানক…

Liver Problem Symptoms: আজিকালি বহু মানুহৰ যকৃতৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়। যকৃতৰ সমস্যা হ'লে ইয়াৰ লক্ষণ ছালতো দেখা দিয়ে। এই সন্দৰ্ভত সবিশেষ উল্লেখ কৰা হ'ল।

Liver: যকৃতৰ সমস্যা হলে ছালে দিয়ে এই ৬টা সংকেত! জানক...

যকৃতৰ সমস্যা

Published: 

07 Dec 2025 | 10:25 PM

যকৃত আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ। ই আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰাৰ লগতে বিভিন্ন কাম কৰে। কিন্তু যেতিয়া যকৃতে ভালদৰে কাম নকৰে তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। যকৃতৰ সমস্যাৰ লক্ষণ মুখতো দেখা যায়। যেতিয়া শৰীৰত বিলিৰুবিন বৃদ্ধি পাই, বিষাক্ত পদাৰ্থ জমা হয় বা হৰম’নৰ সমস্যা হয় তেতিয়া ইয়াৰ সংকেত মুখতো দেখা দিয়ে। গতিকে মুখত দেখা দিয়া কি কি লক্ষণ যকৃতৰ সমস্যাৰ কাৰণ হ’ব পাৰে সেই সন্দৰ্ভত সবিশেষ উল্লেখ কৰা হ’ল।

মুখত দেখা দিয়া লক্ষণ

জণ্ডিছঃ ছাল আৰু চকু হালধীয়া পৰা যকৃতৰ সমস্যা হোৱাৰ ইংগিত হ’ব পাৰে। কিয়নো যকৃতে বিলিৰুবিনক ঠিকমতে পৰিষ্কাৰ কৰিব নোৱাৰিলে এনে হয়।

ভাগৰুৱা আৰু শেতাঃ শৰীৰৰ পৰা বেয়া পদাৰ্থ বাহিৰ ওলাব নোৱাৰিলে শৰীৰত এইবোৰে সমস্যা কৰে। এনে অৱস্থাত মুখৰ পৰা প্ৰাকৃতিক উজ্বলতা কম হৈ যায় আৰু মুখখন শেতা পৰা যেন লাগে।

ফুলাঃ যকৃতৰ সমস্যা হ’লে মুখ আৰু চকুৰ তলখিনি ফুলিব পাৰে। ইয়াৰোপৰি ফেটি লিভাৰৰ হৰম’নৰ ভাৰসাম্যহীনতাৰ ফলত ডিঙিৰ কাষত আৰু ডিঙিত গুটি গুটি ওলাব পাৰে।

ক’লা দাগঃ চকুৰ তলত ক’লা দাগ পৰিব পাৰে। ইয়াৰোপৰি ছালৰ ৰং ক’লা হৈ যাব পাৰে। ই লিভাৰ ছিৰ’চিছৰ সংকেত হ’ব পাৰে।

স্পাইডাৰ এঞ্জিঅমাঃ যকৃত বিকল হ’লে ছালত মকৰাৰ ছালৰ দৰে দাগ দেখা যায়। ই লিভাৰ ছিৰ’চিছৰ ফলত হ’ব পাৰে। হৰম’নৰ ভাৰসাম্যহীনতাৰ ফলত এনে হয়।

ঘাঁঃ যকৃতে তেজ জমা কৰাত সহায় কৰে। যেতিয়া যকৃতে ভালদৰে কাম নকৰে তেতিয়া শৰীৰত অতি সহজে আঘাত লাহে। ইয়াৰোপৰি সামান্য আঘাত পালেই নীলা বা বেঙুনীয়া ৰঙৰ দাগ দেখা যায়।

যকৃতৰ সমস্যা হ’লে প্ৰায়ভাগ লক্ষণ গুৰুতৰ অৱস্থাত দেখা যায়। গতিকে এইবোৰ আওকাণ কৰিব নালাগে। যদি আপোনাৰ শৰীৰতো দীৰ্ঘদিন ধৰি এনে লক্ষণে দেখা দিয়ে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল। ইয়াৰোপৰি যকৃত সুস্থ ৰাখিবলৈ জীৱনশৈলী উন্নত কৰা দৰকাৰ। লগতে ভাল খাদ্যভাস,ব্যায়াম আৰু মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ ৩০ দিন প্ৰতিদিনে ৩ লিটাৰকৈ পানী খালে কি হ’ব? জানক বিশেষজ্ঞৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...