Liver Cirrhosis: লিভাৰ চিৰচি’ছ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…
Liver Cirrhosis: যকৃতৰ বিভিন্ন সমস্যাৰ ভিতৰত লিভাৰ চিৰ'চিছৰ সমস্যা অন্যতম। যেতিয়া এই ৰোগ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ। এইমছৰ চিকিৎসকে এই সন্দৰ্ভত সবিশেষ জনাইছে।

লিভাৰ চিৰ’চিছৰ লক্ষণ
পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যভাসে মানুহৰ মাজত বিভিন্ন ৰোগ বিয়পাই দিয়ে। বৰ্তমান সময়ত বিশেষকৈ মানুহ যকৃতৰ সমস্যাক লৈ চিন্তিত। যকৃতৰ লগত জড়িত বিভিন্ন সমস্যাৰ ভিতৰত অন্যতম লিভাৰ চিৰ’চিছ (Liver cirrhosis)। এই ৰোগে ক্ৰমান্বয়ে যকৃতৰ ক্ষতি কৰে, যদি সময়মতে চিকিৎসা গ্ৰহণ কৰা নহয় তেন্তে ই মাৰাত্মক হ’ব পাৰে। গতিকে এই ৰোগৰ কাৰণ, লক্ষণ আদি বিষয়ে জনা দৰকাৰ।
নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ মতে লিভাৰ চিৰ’ছিছ হৈছে এনে এক অৱস্থা য’ত যকৃতৰ টিশ্যু (কোষ) লাহে লাহে নষ্ট হৈ যায় আৰু তাৰ ঠাইত কঠিন কলা (ফাইব্ৰ’ছিছ) গঠন। যকৃতে শৰীৰৰ তেজ পৰিষ্কাৰ কৰাৰ লগতে পাচনতন্ত্ৰ, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। যেতিয়া যকৃতত ফাইব্ৰ’ছিছ গঠন হয় তেন্তে এই কামবোৰ ভালদৰে কৰিব নোৱাৰে।
কাৰণ
- দীৰ্ঘদিন আৰু অত্যধিক মদ্যাপান কৰা লিভাৰ চিৰ’চিছৰ অন্যতম কাৰণ।
- হেপাটাইটিছ বি আৰু চি সংক্ৰমণৰ ফলত এই ৰোগ হ’ব পাৰে।
- মেদবহুলতা আৰু ফেটি লিভাৰৰ ফলত এনে হ’ব পাৰে।
- চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ সেৱন কৰিলে এই সমস্যা হ’ব পাৰে।
- পাৰিবাৰিক ইতিহাস থাকিলেও এই ৰোগ হয়।
লক্ষণ
লিভাৰ চিৰ’চিছৰ লক্ষণসমূহৰ বিষয়ে জনাইছে দিল্লীৰ এইমছৰ গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগৰ প্ৰাক্তন মুৰব্বী ডাঃ অনুপ চৰাইয়াই। এই লক্ষণসমূহ হ’ল-
- ভাগৰুৱা,
- পেটৰ বিষ,
- ভোক নলগা
- দুৰ্বলতা
- ওজন হ্ৰাস পোৱা
- পেট ফুলা
- বাৰে বাৰে গেছ হোৱা
- ছাল আৰু চকু হালধীয়া হোৱা
- ভৰি ফুলা
- বমি বা বমি ভাব
- মনোযোগত অসুবিধা আদি।
এই লক্ষণসমূহ দীৰ্ঘদিন ধৰি দেখা দি থাকিলে এই সন্দৰ্ভত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
প্ৰতিৰোধৰ উপায়
- জীৱনশৈলী উন্নত
- সুৰা ত্যাগ কৰিব
- পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক
- ওজন নিয়ন্ত্ৰণ কৰক
- ব্যায়াম কৰক
- চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ ঔষধ নাখাব।
অন্য খবৰ পঢ়কঃ নিশা শুৱাৰ পূৰ্বে গা ধুৱাৰ অভ্যাস আছে নেকি? ইয়াৰ ফলত কি হ’ব পাৰে, জানক…