Liver Cancer Symptoms: যকৃতৰ কৰ্কট ৰোগ কিয় হয়? ইয়াৰ লক্ষণ কি, জানক চিকিৎসকৰ পৰা…

Liver Cancer Symptoms: আজিকালি বহু মানুহে যকৃতৰ সমস্যাত ভোগা দেখা যায়। যকৃতৰ বিভিন্ন সমস্যাৰ ভিতৰত যকৃতৰ কৰ্কট ৰোগ অন্যতম। যেতিয়া এই ৰোগ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

Liver Cancer Symptoms: যকৃতৰ কৰ্কট ৰোগ কিয় হয়? ইয়াৰ লক্ষণ কি, জানক চিকিৎসকৰ পৰা...

যকৃত

Published: 

02 Dec 2025 16:52 PM

যকৃত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ, যি বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে।যকৃতে তেজ পৰিষ্কাৰ, পাচনত, শক্তি জমা, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী, ভিটামিন, খনিজ পদাৰ্থ জমা, হৰম’ন নিয়ন্ত্ৰণকে ধৰি বিভিন্ন কাম কৰে। যকৃত আমাৰ শৰীৰৰ ফিল্টাৰৰ দৰে। কিন্তু আজিকালি যকৃতৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়। ইয়াৰ ভিতৰত যকৃতৰ কৰ্কট ৰোগ (Liver Cancer) অন্যতম।

যকৃতৰ কৰ্কট ৰোগ হ’লে বিভিন্ন লক্ষণে দেখা দিয়ে। কিন্তু বহুতে এইবোৰ আওকাণ কৰি চলা দেখা যায়। দীৰ্ঘদিন এই লক্ষণ আওকাণ কৰিলে ই পাছলৈ ডাঙৰ সমস্যা কৰিব পাৰে। গতিকে লক্ষণবোৰ দেখা পালেই বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

কিয় হয়

যকৃতৰ কৰ্কট ৰোগ সন্দৰ্ভত সবিশেষ জনাইছে সফদাৰজং হাস্পতালৰ অংক’লজী বিভাগৰ ডাঃ মুকেশ নগৰে। তেওঁ কয় যে, দীৰ্ঘদিন খাদ্যভাস বেয়া হোৱাটো যকৃতৰ কৰ্কট ৰোগৰ অন্যতম প্ৰধান কাৰণ। ইয়ৰোপৰি দীৰ্ঘদিন হেপাটাইটিছ বি (Hepatitis B) আৰু চি (Hepatitis C) সংক্ৰমণকো এটা প্ৰধান কাৰক হিচাপে গণ্য কৰা হয়। এইবোৰে প্ৰথমে লিভাৰ চিৰ’চিছ আৰু পাছত কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। সংক্ৰমিত তেজৰ ফলত হেপাটাইটিছ হয়। ইয়াৰোপৰি দীৰ্ঘদিন সুৰা সেৱন কৰিলে যকৃতৰ কোষৰ সৃষ্টি হয় আৰু পাছলৈ কেন্সাৰ হয়।

যকৃতৰ কৰ্কট ৰোগৰ সাধাৰণ কাৰণ হ’ল ক্ৰনিক হেপাটাইটিছ বি বা চি ভাইৰাছৰ সংক্ৰমণ। অস্বাস্থ্যকৰ অৱস্থাৰ ফলত হোৱা হেপাটাইটিছ বি (Hepatitis B) ৰোগত ভাৰতত সৰ্বাধিক লোক আক্ৰান্ত হয়। ইয়াৰ ফলত যকৃতত দীৰ্ঘদিন ধৰি প্ৰদাহ হয়, যাৰ বাবে লিভাৰ চিৰ’চিছ হয়। ইয়াক সময়মতে চিকিৎসা নকৰিলে পাছলৈ কৰ্কট ৰোগ হ’ব পাৰে। ইয়াৰোপৰি জন্মৰ সময়ত বা শৈশৱত এইচ বি ভি সংক্ৰমণৰ ফলত যকৃতৰ কৰ্কট ৰোগৰ সম্ভাৱনা ৯০ শতাংশ বৃদ্ধি পায়।

লক্ষণ

যকৃতৰ কৰ্কট ৰোগ হ’লে বিভিন্ন লক্ষণে দেখা দিয়ে। কিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল-

  • পেট ফুলা
  • দ্ৰুতগতিত ওজন হ্ৰাস পোৱা
  • বেছি ভাগৰুৱা
  • দুৰ্বল
  • পেটৰ বিষ
  • গেছ বা বদহজম
  • জণ্ডিছ
  • ছালত খজুৱতি
  • আঘাত পোৱাৰ লগে লগে তেজ ওলোৱা আদি।

বিশেষজ্ঞই কয় যে, থাইৰয়ডৰ সমস্যা থাকিলেও ওজন দ্ৰুতগতিত হ্ৰাস পায়। দীৰ্ঘদিন এনে হৈ থাকিলে কেন্সাৰৰ পৰীক্ষা কৰাও দৰকাৰ। যকৃতৰ কৰ্কট হোৱাৰ ফলত পেট অবৰতে গধুৰ লাগি থাকিব পাৰে। যদি বহু দিন এই লক্ষণবোৰ দেখা দি থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

পৰিত্ৰাণৰ উপায়

  • জীৱনশৈলী আৰু খাদ্যভাস উন্নত কৰক।
  • হেপাটাইটিছ বিৰ পৰা ৰক্ষা কৰক।
  • সুৰাপান ত্যাগ কৰক।
  • ওজন নিয়ন্ত্ৰণ কৰক।
  • ফেটি লিভাৰৰ পৰা নিজকে ৰক্ষা কৰক।
  • অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ খাওক এই ৫ বিধ শাক-পাচলি…

বগা নে ব্ৰাউন ৰঙৰ কণী বেছি উপকাৰী ? বিশেষজ্ঞৰ মতে কোনটো খাব লাগে ? জানক
কেৱল জণ্ডিচ বা পেট ফুলাই নহয় ! লিভাৰৰ সমস্যা হ'লে হাত-ভৰিত কি কি লক্ষণ দেখা যায়? জানক
এসপ্তাহ নিমখ কমকৈ খালে শৰীৰত কি কি পৰিৱৰ্তন দেখিব? জানি হ'ব আচৰিত!
দৰিদ্ৰতা অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই ৩ সংকেত...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী