Dark Spots: নেমুৰ ৰসে আঁতৰাব মুখৰ দাগ, এইদৰে কৰক ব্যৱহাৰ…

আজিকালি ছালৰ প্ৰতি সকলো সচেতন। বিশেষকৈ যিসকলৰ মুখত ক’লা দাগ থাকে তেওঁলোকৰ বাবে ই অতি ফলপ্ৰসূ। নেমুত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে ছালত ক’লা দাগ কমোৱাত সহায় কৰে।

Dark Spots: নেমুৰ ৰসে আঁতৰাব মুখৰ দাগ, এইদৰে কৰক ব্যৱহাৰ...

নেমুৰ ৰসে আঁতৰাব মুখৰ দাগ

Published: 

10 Jun 2025 21:10 PM

ছালত দাগ থাকিলে সৌন্দৰ্যত আঘাত কৰাই নহয়, আত্মবিশ্বাসো হ্ৰাস পায়। বেয়া জীৱনশৈলীৰ বাবে মানুহৰ মুখত প্ৰায়ে ক’লা দাগ দেখা যায়। ছালৰ বিশেষজ্ঞসকলৰ মতে ক’লা দাগ হোৱাৰ কাৰণ হ’ল টোপনিৰ অভাৱ। কিন্তু নেমুৰ সহায়ত মুখৰ ক’লা দাগ কম কৰিব পাৰি।

বিশেষকৈ যিসকলৰ মুখত ক’লা দাগ থাকে তেওঁলোকৰ বাবে ই অতি ফলপ্ৰসূ। নেমুত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে ছালত ক’লা দাগ কমোৱাত সহায় কৰে। ভিটামিন চিয়ে কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয় কলাজেন উৎপাদনৰ বাবেও ই অতি প্ৰয়োজনীয়।

নেমু ছালৰ সমস্যাৰ পৰা ৰক্ষা কৰে

নেমুত বেক্টেৰিয়া প্ৰতিৰোধী আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ আছে। ই ছালত থকা বেক্টেৰিয়া আৰু ভেঁকুৰবোৰ নাইকিয়া কৰে। ইয়াৰ উপৰিও নেমুই ছালৰ অন্যান্য সংক্ৰমণ ৰোধ কৰাত সহায় কৰে। যদি নেমুৰ ৰস ছালত ব্যৱহাৰ কৰা হয় তেন্তে ই ছালৰ মৃত কোষবোৰো আঁতৰাই পেলায়। ইয়াৰ উপৰিও ছালৰ ৰং পৰিষ্কাৰ কৰাত সহায়ক। ছালৰ যত্নত নেমু কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানক।

কেনেকৈ ব্যৱহাৰ কৰিব?

সতেজ নেমু এটা লৈ দুভাগ কৰি লওক। ইয়াৰ পিছত এটা বাটিত ইয়াৰ ৰস মিহলাই লওক। তাৰ পিছত কপাহৰ সৰু টুকুৰা এটা নেমুৰ ৰসত ডুবাই দিব। ইয়াৰ পিছত মুখৰ ক’লা দাগ থকা অংশত নেমুৰ ৰস লগাব লাগে। ইয়াৰ পিছত ১০ৰ পৰা ১৫ মিনিট মুখখন ধুব। এইটো আপুনি সপ্তাহত দুবাৰকৈ প্ৰয়োগ কৰিব পাৰে।

এইবোৰ কথা মনত ৰাখিব

কিন্তু নেমুৰ ৰস মুখত লগাওঁতে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ ফলত ৰ’দত পোৰাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ইয়াৰ বাহিৰেও নেমুৰ ৰস ব্যৱহাৰ কৰাৰ আগতে পেচ টেষ্ট কৰক। ইয়াৰ ফলত আপোনাৰ ছালে সহ্য কৰিব পাৰে নে নোৱাৰে সেই বিষয়ে জানিব পাৰিব। যদি ইয়াৰ পিছতো সুফল নাপায় তেন্তে ডাক্তৰৰ পৰামৰ্শ নিশ্বয় ল’ব।

ৰোহিত-কোহলীৰ পৰা ধাৱানলৈ, আহমেদাবাদ দুৰ্ঘটনা সন্দৰ্ভত এইদৰে শোক প্ৰকাশ কৰিলে ভাৰতীয় ক্ৰিকেটাৰে
টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ বিশেষ পৰিকল্পনা, দেখা যাব পাৰে এনে প্ৰস্তুতি…
শনিদেৱৰ পূজাত নকৰিব এইকেইটা ভুল, বিপদ অনিবাৰ্য!
কি বেমাৰৰ বাবে মুখত আৰু জিভাত বাৰে বাৰে ঘা হয়? জানক...