ভৰিৰ বিষ, সিৰা দেখা দিয়া…সহজভাৱে নল’ব! হ’ব পাৰে এই ৰোগৰ লক্ষণ, জানক…

Legs pain: আজিকালি মানুহৰ বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। কিন্তু ইয়াৰ লক্ষণেও দেখা দিয়ে। এই লক্ষণসমূহ সাধাৰণতে আওকান কৰা দেখা যায়। এনে লক্ষণ কিছুমান ভৰিতো দেখা দিয়ে।

ভৰিৰ বিষ, সিৰা দেখা দিয়া...সহজভাৱে নলব! হব পাৰে এই ৰোগৰ লক্ষণ, জানক...

ভৰি

Published: 

25 Sep 2025 17:30 PM

দিনক দিনে মানুহৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি হোৱা দেখা যায়। কিন্তু এয়া কথা ঠিক যে শৰীৰৰত হোৱা বহু সমস্যাৰ লক্ষণ পূৰ্বতে দেখা দিয়ে। কিন্তু মানুহে ইয়াক আওকান কৰি চলে। ভৰিতো এনে কিছুমান লক্ষণে দেখা দিয়ে যি বিভিন্ন সমস্যাৰ ইংগিত দিয়ে। তলত ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল-

ভৰিৰ ক্ৰেম্পঃ কিছুমান মানুহৰ হঠাতে ভৰিত ক্ৰেম্প বা খামুচি ধৰাৰ দৰে বিষ অনুভৱ হয়। যদি এই সমস্যা বাৰে বাৰে হয় তেন্তে ই ডিহাইড্ৰেশ্যন বা ভিটামিন বি ১২ৰ অভাৱৰ লক্ষণ হ’ব পাৰে। গৰ্ভৱতী, থাইৰয়ড, পেৰিফেৰল অৰ্টাৰি ডিজিজ, বৃক্ক আদিৰ সমস্যা হ’লে এই লক্ষণে দেখা দিয়ে। বিশেষকৈ নিশা বেছিকৈ এই সমস্যা হয়।

চেলুলাইটঃ এই সমস্যা পুৰুষ আৰু মহিলাৰ দেহত সমানে দেখা যায়। ওজন বৃদ্ধি,কম, বয়স আদিৰ ফলত এনে হ’ব পাৰে। কেতিয়াবা ই কোনো সমস্যাৰ লক্ষণ হ’ব পাৰে। কিন্তু এই চেলুলাইট বৃদ্ধি হ’লে সাধাৰণভাৱে ল’ব নালাগে। এনে অৱস্থাত ছালত বিষ, ছালখন হেঁচি দিলে সৰু সৰু চপৰা চপৰিৰ দৰে অংশ দেখা যায়।

ৰেষ্টলেছ লেগছ চিনড্ৰমঃ আইৰণৰ অভাৱৰ ফলত এই সমস্যা হয়। এই সময়চোৱাত ভৰিখন ইফাল-সিফাল কৰাত সমস্যা হয়। ই টোপনিত সমস্যাৰ সৃষ্টি কৰে। আয়ৰণ আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ। গতিকে দীৰ্ঘদিন ধৰি এই সমস্য়া দেখা দিলে ই আইৰণৰ অভাৱৰ লক্ষণ হ’ব পাৰে।

আঘাতৰ চিনঃ যদি কোনো কাৰণ নোহোৱাকৈ ভৰিত বাৰে বাৰে আঘাতৰ চিন দেখা যায় তেন্তে ই তেজৰ লগত জড়িত সমস্যা হ’ব পাৰে। ভিটামিন কে শৰীৰৰ তেজ জমা হোৱাৰ বাবে গুৰুত্বপূৰ্ণ। যেতিয়া ইয়াৰ অভাৱ হয় তেতিয়া এই সমস্যাই দেখা দিয়ে। কেতিয়াবা ই তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।

ভেৰিকোজ ভেইনঃ ভৰি বা আন অংশত যেতিয়া নীলা নীলা সিৰা দেখা যায় ই সমস্যাৰ কাৰণ হ’ব পাৰে। এই সমস্যাত ভৰিৰ গোৰোহাৰ চাৰিওফালে ফুলা, খজুৱতি, জ্বলা-পোৰা হ’ব পাৰে। ইয়াৰ অৰ্থ এয়াই যে, সিৰাৰ উপাদানবোৰ দুৰ্বল হয় তেতিয়া তেজ হৃদযন্ত্ৰলৈ যোৱাৰ পৰিবৰ্তে এনেকৈ জমা হয়। যাৰ ফলত এই সমস্যা হয়।

জিনজিননিঃ যদি ভৰিত বাৰে বাৰে জিনজিননি, অজ্ঞানতা আদিৰ সমস্যা হয় তেতিয়া ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে। অৱশ্যে ভিটামিন বি ই আৰু বি ১২ ৰ অভাৱত এনে সমস্যা হ’ব পাৰে। ইয়াৰোপৰি ই মেগমেছিয়াম, পোটেছিয়াম আদিৰ অভাৱৰ লক্ষণ হ’ব পাৰে। গতিকে দীৰ্ঘদিন এইসমূহ লক্ষণে দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

 

( এই লেখাটোত কিছুমান সাধাৰণ তথ্য আগবঢ়োৱা হৈছে। অধিক জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা প্ৰয়োজন)

 

অন্য খবৰ পঢ়কঃ ডিঙি, কঁকালত ক’লা দাগ পৰিছে নেকি? হ’ব পাৰে এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

প্ৰেমৰ উষ্ণতাৰ ‘লাভ বাইট’ প্ৰেয়সীৰ বাবে হ’ব পাৰে বিপদ! জানেনে কি ঘটিব পাৰে দেহত?
ছালখন কেনেকৈ ডিটক্স কৰিব জানেনে? জানক সহজ উপায়
অনলাইন বজাৰ কৰাৰ সময়ত মনত ৰাখিব এনে কথা, অন্যথা হ’ব পাৰে প্ৰৱঞ্চনাৰ চিকাৰ
আপুনিও খায় নেকি চেনিযুক্ত দৈ? কি হয় জানক...