Cold Legs: মোজা পিন্ধাৰ পাছতো ভৰি ঠাণ্ডা হৈ থাকে নেকি? হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ…

Legs Cold: শীতকালত ভৰি ঠাণ্ডা হৈ থকা সাধাৰণ কথা। কিন্তু গৰম কাপোৰ পৰিধান কৰাৰ পাছতো যদি ভৰি ঠাণ্ডা হৈ থাকে তেন্তে ইয়াক সহজভাৱে ল'ব নালাগে। কিয়নো ইয়াৰ আঁৰত থাকিব পাৰে অন্য কাৰণ।

Cold Legs: মোজা পিন্ধাৰ পাছতো ভৰি ঠাণ্ডা হৈ থাকে নেকি? হব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ...

ভৰি ঠাণ্ডা

Updated On: 

29 Dec 2025 | 09:48 AM

শীতকালত মানুহৰ হাত-ভৰি ঠাণ্ডা হৈ থাকে। এয়া সাধাৰণ কথা। কিন্তু গৰম কাপোৰ পৰিধান কৰা, কম্বলৰ তলত থকাৰ পাছতো যদি অনবৰত ভৰি ঠাণ্ডা হৈ থাকে তেন্তে ই আন সমস্যাৰ কাৰণ হ’ব পাৰে। দীৰ্ঘদিন ধৰি এনে হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল। অনবৰত ভৰি ঠাণ্ডা হৈ থকাৰ কাৰণ কি হ’ব পাৰে, ইয়াৰ আঁৰত কি ৰোগৰ কাৰণ থাকিব পাৰে এই সন্দৰ্ভত সবিশেষ তলত উল্লেখ কৰা হ’ল।

ভৰি ঠাণ্ডা হোৱাৰ কাৰণ

ভৰি ঠাণ্ডা হৈ থকা সকলো সময়তে বতৰৰ কাৰণ নহ’ব পাৰে। ই চাইলেন্ট কিলাৰ হ’ব পাৰে। শৰীৰত তেজৰ বেয়া চলাচল, পেশীৰ দুৰ্বলতা,ডায়েবেটিছৰ দৰে ডাঙৰ ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। যেতিয়া হৃদযন্ত্ৰই শৰীৰৰ আন অংশলৈ তেজ সঠিকভাৱে প্ৰেৰণ কৰিব নোৱাৰে তেতিয়া প্ৰথমে ভৰি ঠাণ্ডা হবলৈ ধৰে।

ভৰি ঠাণ্ডা হৈ থকা কলেষ্টেৰল (High Cholesterol) বৃদ্ধিৰ সংকেত হ’ব পাৰে, যাৰ ফলত বহু বেমাৰ হ’ব পাৰে। হাই কলেষ্টেৰলক চাইলেন্ট কিলাৰ বুলি কোৱা হয়। কিয়নো ইয়াৰ লক্ষণবোৰ লাহে লাহে দেখা যায়। যেতিয়া সমস্য গুৰুতৰ হৈ পৰে তেতিয়া লক্ষণবোৰ স্পষ্ট হৈ পৰে। যদি ভৰিখন অনবৰত ঠাণ্ডা হৈ থাকে তেন্তে তেজৰ চলাচল বেয়া হোৱাৰ লক্ষণ হ’ব পাৰে। বেয়া LDL ৰ বাবে হাৰ্ট এটেক, হাৰ্ট ফেইল পৰ্যন্ত হ’ব পাৰে।

পেৰিফেৰল অৰ্টাৰী ডিজিজ

এন এছ এছৰ তথ্য অনুসৰি, যেতিয়া ৰক্তকণিকাত প্লেক জমা হয়, তেতিয়া তেজৰ চলাচলত সমস্যা আহে। এনে অৱস্থাক পেৰিফেৰল অৰ্টাৰি ডিজিজ (PAD) ক বুলি কোৱা হয়। এনে অৱস্থাত ভৰিত তেজৰ চলাচল কম হয়, যাৰ ফলত ভৰি ঠাণ্ডা হোৱাৰ লগতে অন্য লক্ষণ দেখা দিব পাৰে। ঠাণ্ডা হোৱাৰ লগতে ভৰিত বিষ, অজ্ঞানতা, ছালৰ ৰং পৰিবৰ্তন আদি হ’ব পাৰে। যেতিয়া তেজৰ চলাচল কম হয় তেতিয়া ভৰিৰ কলাত অক্সিজেন আৰু পুষ্টিকৰ উপাদানৰ অভাৱ যাৰ ফলত এইবোৰ লক্ষণ হয়।

নিয়ন্ত্ৰণ উপায়

মিৰৰৰ তথ্য অুসৰি, বেয়া তেজ চলাচলৰ বাবে হাৰ্ট এটেক,ষ্ট্ৰোক আদি হ’ব পাৰে। হাই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাৰ দৰে পিএডি নিয়ন্ত্ৰণ কৰিব পাৰি।

  • ব্যায়াম কৰক
  • ধূমপান ত্যাগ কৰক।
  • ভাল খাদ্য গ্ৰহণ কৰক।
  • মানসিক চাপ কম কৰক।
  • অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

(এই লেখাটোত কিছুমান  সাধাৰণ দিশ উল্লেখ কৰা হৈছে। এনে ক্ষেত্ৰত অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে। ইয়াৰোপৰি দীৰ্ঘদিন কিবা লক্ষণে দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।)

 

অন্য খবৰ পঢ়কঃ ডিঙিৰ বিষ হৈ থাকে নেকি? হ’ব পাৰে এই সমস্যাৰ লক্ষণ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...