Leftover Rice: বাহী ভাত খাই নেকি? ই স্বাস্থ্যৰ বাবে ভাল নে বেয়া, জানক…
Leftover Rice: বহুতো মানুহে বাহী ভাত খায়। কেতিয়াবা ৰৈ যায় বা কেতিয়াবা বেছিকৈ বনাই সংৰক্ষণ কৰি ৰখা হয়। আপুনিও বাহী ভাত খাই নেকি? ই ভাল নে বেয়া জানেনে?

ভাত
প্ৰায় বহুতৰে ঘৰত বাহী ভাত খোৱাৰ অভ্যাস আছে। খাদ্য খোৱাৰ পাছত বেছিভাগ সময় ভাত ৰৈ যোৱা দেখা যায়। এনে অৱস্থাত মানুহে সেয়া থৈ দিয়ে আৰু পাছত গৰম কৰি খায়। কিছুমানৰ মতে এয়া স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু কিছুমানৰ বাবে ভাল। কোনোৱে কয় বাহী ভাত খালে পেটৰ বিষ হয়, কিছুমানে আকৌ ঠাণ্ডা ভাত কোৱা উপকাৰী বুলি কয়। পিছে সত্য এয়াই যে, আপুনি কেনেকৈ ভাত সংৰক্ষণ কৰি খাইছে তাৰ ওপৰত স্বাস্থ্যৰ দিশতো নিৰ্ভৰ কৰে।
স্বাস্থ্য বিশেষজ্ঞই কি কয়
ব্ৰিটেইনৰ চাৰ্জন তথা কন্টেন্ট ক্ৰিয়েটৰ কৰণ ৰাজনে ২০২৫ চনৰ ৩১ ডিচেম্বৰত নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিছিল। এই ভিডিঅ’টোত তেওঁ বাহী ভাতৰ সংৰক্ষণ আৰু সঠিক খোৱা পদ্ধতিৰ বিষয়ে উল্লেখ কৰিছে। তেওঁৰ মতে, বাহী ভাত খোৱা উপকাৰী হ’ব পাৰে। কিন্তু ইয়াক কেনেকৈ গৰম কৰিব সেয়া জনা দৰকাৰ। অন্যথা পেটৰ সমস্যা বা খাদ্যত বিষক্ৰিয়া হ’ব পাৰে।
সংৰক্ষণ কিয় কৰিব লাগে?
ডাঃ ৰাজনে কয় যে, ভাত সঠিকভাৱে সংৰক্ষণ কৰাতো গুৰুত্বপূৰ্ণ। চাউলত কিছুমান বিশেষ বেক্টেৰিয়াৰ বিজাণু থাকিব পাৰে যিবোৰ সাধাৰণ ৰন্ধা-বঢ়াৰ সময়ত মৰি নাযায়। এনে অৱস্থাত ভাত কোঠাৰ উষ্ণতাত কেইবা ঘণ্টা ধৰি ৰাখিলে এই বিজাণুবোৰ পুনৰ সক্ৰিয় হৈ বেক্টেৰিয়ালৈ ৰূপান্তৰিত হ’ব পাৰে আৰু ভাতত বংশবৃদ্ধি হ’ব পাৰে। এনে ভাত খালে পেটৰ বিষ হ’ব পাৰে।
কেনেকৈ কৰিব?
ডাঃ ৰাজনে কয় যে, ভাত যেতিয়া ৫ ডিগ্ৰী চেলছিয়াছৰ পৰা ৬০ ডিগ্ৰী চেলছিয়াছ (৪০ ডিগ্ৰী ফাৰেনহাইট)ৰ ভিতৰত উষ্ণতাত বেছি সময় ৰখা হয় তেতিয়া সমস্যা আহিব পাৰে। কিয়নো এই পৰিসৰত বেক্টেৰিয়া দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত আপুনি এই পৰামৰ্শসমূহ মানি চলিব লাগে: উদাহৰণস্বৰূপে, এবাৰ ভাত বনোৱা এঘণ্টাৰ পৰা দুঘণ্টাৰ ভিতৰত ফ্ৰীজত থৈ দিব। ইয়াৰোপৰি কেইবাটাও পাত্ৰত সংৰক্ষণ কৰিব পাৰে। ফ্ৰীজত ৪০ ডিগ্ৰী ফাৰেনহাইট (প্ৰায় ৪ ডিগ্ৰী চেলছিয়াছ) বা তাৰ তলত ৩-৬ দিন নিৰাপদে ৰাখিব পাৰি।
কেনেকৈ পুনৰ গৰম কৰিব?
ডাঃ ৰাজনে কয় যে, ভাত পুনৰ গৰম কৰাৰ সময়ত ১৬৫ ডিগ্ৰী ফাৰেনহাইট (প্ৰায় ৭৪ ডিগ্ৰী চেলছিয়াছ)লৈকে গৰম কৰক। বাৰে বাৰে গৰম কৰিলে বেক্টেৰিয়া বৃদ্ধি হ’ব পাৰে।
উপকাৰী নেকি?
বিশেষজ্ঞগৰাকীয়ে কয় যে, বাহী ভাত স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে। তেওঁৰ মতে, এই ভাত নিয়মীয়া কাৰ্বহাইড্ৰেটৰ দৰে সোনকালে হজম নহয়। বৰঞ্চ ই ফাইবাৰৰ দৰে কাম কৰে। ঠাণ্ডা হ’লে ই প্ৰতিৰোধী ষ্টাৰচ গঠন কৰে, যিটো এটা প্ৰকাৰৰ ফাইবাৰ। ই অন্ত্ৰৰ বাবে ভাল।
অন্য খবৰ পঢ়কঃ ডায়েবেটিছ ৰোগীয়ে পুৱা খালী পেটত কি খাব লাগে কি নালাগে? জানক চিকিৎসকৰ পৰা…