ট্ৰাইগ্লিচাৰাইডে কিদৰে শিশু আৰু কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত বৃদ্ধি কৰিছে হৃদৰোগৰ সমস্যা? জানক সবিশেষ
Triglyceride: সৰু ল’ৰা-ছোৱালী আৰু কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত এটা নতুন সমস্যা দেখা গৈছে, য’ত ৫ৰ পৰা ১৯ বছৰ বয়সৰ ভিতৰত তেজত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে। তেজত চৰ্বি জমা হ’লে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। শিশুৰ ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা কিয় বৃদ্ধি পাইছে জানি লওক।

প্ৰতীকী ছবি
দুৰ্বল জীৱনশৈলী আৰু দুৰ্বল খাদ্যাভ্যাসৰ বাবে আজি শিশুসকলে বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাত ভুগিবলগীয়া হৈছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় পুষ্টি সমীক্ষাৰ ২০২৫ চনৰ শিশু প্ৰতিবেদনত (National Nutrition Survey 2025 Child Report) প্ৰকাশ পাইছে যে ভাৰতৰ প্ৰায় ১৬% কিশোৰ-কিশোৰীৰ (১০ৰ পৰা ১৯ বছৰ বয়সৰ) ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা স্বাভাৱিকতকৈ অধিক। ট্ৰাইগ্লিচাৰাইড হৈছে তেজত পোৱা এক প্ৰকাৰৰ চৰ্বি যাৰ মাত্ৰা অত্যধিক হ’লে হৃদযন্ত্ৰ আৰু ধমনীসমূহৰ বাবে বিপদজনক হ’ব পাৰে।
এই সমস্যা সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। ৫ৰ পৰা ৯ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত এই সমস্যা চিন্তনীয় মাত্ৰাত থাকে। দৰাচলতে প্ৰতিবেদনত দেখা গৈছে যে পশ্চিম বংগত এই বয়সৰ প্ৰায় ৬৭% শিশুৰ দেহত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বৃদ্ধি পোৱা দেখা গৈছে। ইয়াৰ পিছত ছিকিমৰ ৬৪.৬%, অসমৰ ৫৭%, নাগালেণ্ডৰ ৫৫.৫% আৰু মণিপুৰৰ ৫৪.৭% শিশুৰ দেহত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বৃদ্ধি পোৱা দেখা গৈছে। সৰ্বনিম্ন সংখ্যক ৰোগী কেৰালাত পোৱা গৈছে য’ত এই সমস্যা ১৬.৬% শিশুৰ ক্ষেত্ৰত দেখা গৈছিল।
দিল্লীৰ ৰাজীৱ গান্ধী হাস্পতালৰ হৃদৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনে কয় যে ১০ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত উচ্চ ট্ৰাইগ্লিচাৰাইড বিশেষভাৱে চিন্তনীয়। কাৰণ ইয়াৰ ফলত ধমনীত প্লেক জমা হ’ব পাৰে। ইয়াৰ ফলত ধমনীবোৰ সংকুচিত হৈ হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। যদি এই সমস্যা আগতীয়াকৈ ধৰা নপৰে আৰু উপযুক্ত ব্যৱস্থা, যেনে খাদ্যাভাস সলনি কৰা আদি গ্ৰহণ নকৰিলে স্বাস্থ্যজনিত গুৰুতৰ জটিলতাৰ সৃষ্টি হ’ব পাৰে।
১০ৰ পৰা ১৯ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ দেহত ট্ৰাইগ্লিচাৰাইড
১০ৰ পৰা ১৯ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা ইমান দেখা নাযায়। ভাৰতত এই বয়সৰ মাত্ৰ ১৬% কিশোৰ-কিশোৰীৰ ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা অধিক আছিল, আৰু ৪%তকৈ কম সংখ্যকৰ এল ডি এল কলেষ্টেৰল বেছি আছিল। এই বয়সৰ গোটত গোৱা আৰু কেৰালাত সৰ্বাধিক ক্ৰমে ১৫.৩% আৰু ১৪.৯% এল ডি এল কলেষ্টেৰল থকা শিশু পোৱা গৈছে।
কিশোৰ-কিশোৰীৰ কথা ক’বলৈ গ’লে পশ্চিম বংগত সৰ্বাধিক ট্ৰাইগ্লিচাৰাইড আছিল। ১০-১৯ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ ভিতৰত ৪২.৫% ৰ ট্ৰাইগ্লিচাৰাইড বেছি আছিল। ইয়াৰ পিছতে ছিকিম (৩৯.৪%) আৰু মণিপুৰ (৩৮%), আনহাতে মহাৰাষ্ট্ৰত সৰ্বনিম্ন ৬.৪%।
কিয় বাঢ়িছে ট্ৰাইগ্লিচাৰাইডৰ সমস্যা?
- দুৰ্বল খাদ্যাভ্যাস
- কম পৰিমাণৰ শাৰীৰিক কাৰ্যকলাপ
- ভজা খাদ্যৰ প্ৰতি আসক্তি
- চেনিযুক্ত পানীয় আৰু পেকেটত ভৰোৱা খাদ্য
- খেলাৰ সময়ত মোবাইল ফোনত আসক্তি
- শাৰীৰিক কাৰ্যকলাপৰ পৰা বিচ্ছিন্ন হোৱা
ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি
ডাঃ জৈনৰ মতে, ট্ৰাইগ্লিচাৰাইডৰ ক্ৰমবৰ্ধমান সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞসকলে সকীয়াই দিছে যে পিতৃ-মাতৃ আৰু পৰিয়ালৰ সদস্যসকলে শিশুৰ মাজত স্বাস্থ্যসন্মত খাদ্যাভ্যাস শিশুকালৰ পৰাই গঢ়ি তুলিব লাগিব। সতেজ ফল-মূল, শাক-পাচলি, বাদাম, আৰু নিয়মীয়া শাৰীৰিক কাৰ্যকলাপ তেওঁলোকৰ জীৱনশৈলীত অন্তৰ্ভুক্ত কৰা উচিত। এই পৰিৱৰ্তন যিমান সোনকালে হ’ব সিমান সোনকালে শিশুৱে সুস্থ জীৱন যাপন কৰিব পাৰিব, যাৰ ফলত বয়স বৃদ্ধিৰ লগে লগে ৰোগৰ সম্ভাৱনাও কমি যাব।