গৰমৰ দিনত দেহৰ বন্ধু অমিতাঃ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনি…

সাধাৰণতে গ্ৰীষ্মকালত শৰীৰত প্ৰায়ে পানীৰ অভাৱ হ’বলৈ আৰম্ভ কৰে। এনে অৱস্থাত দেহত পানী সঞ্চয় কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ লগতে কিছুমান ফল-মূলো আমি খোৱা উচিত। এইক্ষেত্ৰত উপকাৰী এবিধ ফল হৈছে অমিতা। জলসঞ্চিত কৰি ৰখাৰ লগতে অমিতাৰ আছে আন কিছুমান উপকাৰিতাও। জানো আহক এই বিষয়ে।

গৰমৰ দিনত দেহৰ বন্ধু অমিতাঃ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনি...

অমিতাৰ উপকাৰিতা

Published: 

14 Apr 2025 21:03 PM

শীতৰ বিদায়ৰ পিছত এতিয়া বৃদ্ধি পাইছে তাপমাত্ৰা। কিছু কিছু স্থানত অত্যধিক গৰমে ইতিমধ্যেই জলাকলা খুৱাইছে মানুহক। এনে পৰিস্থিতিত এইবাৰ গৰমৰ মাত্ৰা অধিক হোৱাৰ আশংকা কৰা হৈছে। সাধাৰণতে গ্ৰীষ্মকালত শৰীৰত প্ৰায়ে পানীৰ অভাৱ হ’বলৈ আৰম্ভ কৰে। এনে অৱস্থাত দেহত পানী সঞ্চয় কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ লগতে কিছুমান ফল-মূলো আমি খোৱা উচিত। এইক্ষেত্ৰত উপকাৰী এবিধ ফল হৈছে অমিতা। অমিতা খালে শৰীৰত দীৰ্ঘসময় ধৰি জলসঞ্চিত হৈ থাকে।

অমিতাত প্ৰাকৃতিক চেনি উপলব্ধ, এই প্ৰাকৃতিক চেনী শৰীৰৰ বাবে অতি উপকাৰী। গ্ৰীষ্মকালৰ উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে হজম শক্তি লেহেমীয়া হয়। এইক্ষেত্ৰতো অমিতা যথেষ্ট উপকাৰী বিবেচিত হ’ব পাৰে। ইয়াত পেপেইন নামৰ এবিধ প্ৰাকৃতিক এনজাইম থাকে, যি পাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই এনজাইমে প্ৰটিন ভাঙি হজম কৰাত সহায় কৰে আৰু লগতে শৰীৰৰ প্ৰদাহ কমায়।

তদুপৰি অমিতাত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। কলাজেনৰ ক্ষেত্ৰতো ই অতি উপকাৰী। সমান্তৰালকৈ অমিতাত প্ৰচুৰ পৰিমাণে বিটা-কেৰটিন, ভিটামিন এ আৰু এণ্টিঅক্সিডেন্ট আৰু পুষ্টিকৰ উপাদান থাকে। ই বয়স বৃদ্ধিৰ ফলত ছালত পৰা প্ৰভাৱ লেহেমীয়া কৰে আৰু ছালখনক UV ৰশ্মিৰ পৰা ৰক্ষা কৰে।

সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰতো অমিতা যথেষ্ট সহায়ক। অমিতা মুখত লগালে ৰ’দত পোৰা দূৰ কৰাৰ লগতে ছালৰ ৰং উজ্জল কৰাত সহায় কৰে। ইয়াৰ দ্বাৰা কোনো ৰসায়নিক সামগ্ৰী মিশ্ৰিত দ্ৰৱ্য ব্যৱহাৰ নকৰাকৈ্যে প্ৰাকৃতিকভাৱে ছালৰ যত্ন ল’ব পাৰে। অমিতা মিঠা হ’লেও ইয়াত কেলৰি আৰু চৰ্বি কম। গতিকে অমিতা খালে শৰীৰত গধুৰ অনুভৱ নকৰে। অমিতাৰ সৈতে পদিনা, তিয়ঁহ, দৈ আদি আন ঠাণ্ডা বস্তু মিহলাই খাব পাৰে।

গৰমৰ দিনত খালী পেটত অমিতা খালে যথেষ্ট উপকাৰিতা পোৱা যায়। অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এণ্টিঅক্সিডেন্ট থাকে। যাৰ বাবে ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে বহুতো গুৰুতৰ ৰোগৰ পৰাও ৰক্ষা কৰে। যদি গৰমৰ দিনত অমিতাক আপোনাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি ল’লে স্বাস্থ্যৰ বহু দিশত উপকাৰিতা লাভ কৰিব।

শীতত অসহ্যকৰ গাঁঠিৰ বিষ কেনেকৈ কৰিব দূৰ, জানক টিপচ!
আলুৰ উপকাৰিতাই আচৰিত কৰিব আপোনাক, খাবলৈ এৰি কৰিব এই কাম!
উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি ? ষ্ট্ৰোকৰ পূৰ্বে দেখা দিয়া ৫ টা লক্ষণ...
পালেঙৰ এনে গুণৰ কথা জানেনে? জানিলে বজাৰত দেখিলেই পালেং ক্ৰয় কৰিব আপুনি
জনজাতিৰ লোকসকলে পাব বনভূমিৰ পট্টা, মুখ্য়মন্ত্ৰীৰ ঘোষণা
কংগ্ৰেছৰ প্ৰতিটো টিকটৰ দাম ৩ ৰ পৰা ৪ কোটি: মুখ্যমন্ত্ৰী
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...