দৈনিক ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ ওলাই নেকি? ইয়াৰ কাৰণ কি জানক

মুখৰ দুৰ্গন্ধ এনে এটা সমস্যা, যাৰ বাবে আনৰ সন্মুখত লাজ পাবলগীয়া হয়। বেছিভাগ মানুহেই ভাবে যে ব্ৰাছ নকৰাৰ বাবেই মুখৰ দুৰ্গন্ধ ওলাইছে, কিন্তু সেয়া নহয়।

দৈনিক ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ ওলাই নেকি? ইয়াৰ কাৰণ কি জানক

ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ ওলাই নেকি

Updated On: 

09 Jan 2025 | 07:24 PM

যদি মুখৰ দুৰ্গন্ধ ওলাই, তেন্তে সেয়া কেৱল মুখৰ বাবে নহয়। ইয়াৰ আঁৰত আন বহুতো গুৰুতৰ কাৰণ থাকিব পাৰে। যিবোৰ সময়মতে চিনাক্ত কৰিব লাগে। মুখৰ গোন্ধটো নিজেই পোৱা নাযায় যদিও আমাৰ ওচৰে পাজৰে থকা লোকসকলে ইয়াৰ বাবে বহুত সমস্যাৰ সন্মুখীন হয়। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে দাঁত আৰু মুখ ভালদৰে পৰিষ্কাৰ নকৰা। সাধাৰণতে দিনটোত ২ বাৰ ব্ৰাছ কৰাটো বাঞ্ছনীয়। যদি আপোনাৰ শৰীৰৰ কিছুমান অংগত কোনো সমস্যা হয়, তেন্তে ইয়াৰ ফলত মুখৰ দুৰ্গন্ধ হ’ব পাৰে।

মুখৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে মাউথ ফ্ৰেছনাৰ আৰু ঘৰুৱা উপায়, যেনে- ইলাচি খোৱা, তামোল খোৱাৰ অভ্যাস কৰে। কিন্তু এই সমস্যাৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাবলৈ হ’লে ইয়াৰ আঁৰৰ কাৰণ জনাটো অতি প্ৰয়োজনীয়। গতিকে ব্ৰাছ কৰাৰ পিছত কিয় মুখৰ দুৰ্গন্ধৰ সমস্যা হয় জানক।

কম পানী খোৱাৰ অভ্যাস

পানী কমকৈ খালেও মুখৰ দুৰ্গন্ধৰ সমস্যাই আমনি কৰিব পাৰে। আচলতে ডিহাইড্ৰেচন হ’লে মুখখন শুকান হ’বলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণে লালটিও কমি যায় আৰু মুখত বেক্টেৰিয়া বাঢ়িবলৈ আৰম্ভ কৰে যাৰ ফলত মুখৰ দুৰ্গন্ধৰ বাঢ়ে।

ভালকৈ মলত্যাগ নোহোৱা

যিসকল লোকৰ পেট ভালদৰে চাফা নহয়, অৰ্থাৎ কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলেও মুখৰ দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। ইয়াৰ উপৰিও অন্ত্ৰৰ সমস্যা হ’লেও মুখৰ দুৰ্গন্ধৰ হ’ব পাৰে, কাৰণ পাচনতন্ত্ৰ আৰু অন্ত্ৰত উপস্থিত বেক্টেৰিয়াৰ পৰা হাইড্ৰ’জেন ছালফাইড গঠন হোৱাৰ বাবে দুৰ্গন্ধ আৰম্ভ হয়। ইয়াৰ ফলত আন বহুতো সমস্যাও হ’ব পাৰে।

অত্যধিক কেফেইন সেৱন কৰিলে

যিসকল লোকে কফি, চাহ আদি বেছিকৈ সেৱন কৰে তেওঁলোকৰ মুখৰ দুৰ্গন্ধ হ’বলৈ আৰম্ভ কৰে। এই পানীয়বোৰত থকা কেফেইনে মুখৰ লালটি শুকুৱাই পেলাব পাৰে, যাৰ ফলত বেক্টেৰিয়াৰ বৃদ্ধি আৰু মুখৰ দুৰ্গন্ধ ওলোৱাৰ লগতে দাঁতৰ ইনামেলৰ ক্ষতিসাধন হয়। ইয়াৰ কাৰণে দাঁতৰ প্ৰাকৃতিক ৰঙো নাইকীয়া হৈ যাব পাৰে।

ভালদৰে টোপনি নাহিলে

যদি আপুনি নাক বজাই শোৱে বা এপনিয়াত ভুগিছে ​​তেন্তে মুখৰ দুৰ্গন্ধৰ হ’ব পাৰে। আচলতে বহুলোকে নাকৰ সলনি মুখেৰে উশাহ লয় আৰু যাৰ বাবে লালটি শুকাবলৈ আৰম্ভ কৰে।

ডায়েবেটিছ ৰোগীৰো সমস্যা হ’ব পাৰে

তেজত চেনিৰ পৰিমাণ বেছি হ’লে ডায়েবেটিছ ৰোগ হয় যাৰ ফলত মুখৰ দুৰ্গন্ধকে ধৰি বিভিন্ন সমস্যাই দেখা দিয়ে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...