অপৰাজিতা ফুলৰ আছে যাদুকৰী গুণ, ছালৰ বাবেও ই মহৌষধ!

অপাৰাজিতাৰ গুণ যথেষ্ঠ বেছি। এই লতাজাতীয় ফুলে ঘৰটো শুৱনি কৰাৰ লগতে পৰিৱেশো শুদ্ধ কৰে। আজি জানো আহক এই উদ্ভিদে আমাৰ ছালৰ উপকাৰ কেনেকৈ সাধন কৰে।

অপৰাজিতা ফুলৰ আছে যাদুকৰী গুণ, ছালৰ বাবেও ই মহৌষধ!

অপৰাজিতা ফুলৰ আছে যাদুকৰী গুণ

Published: 

05 Aug 2025 17:02 PM

অপৰাজিতা ফুল প্ৰায় সকলোৰে ঘৰত থাকে। ই লতা জাতীয় উদ্ভিদ। এই উদ্ভিদৰ পাত, শিপা আৰু ফুল যথেষ্ঠ উপকাৰী। ই এবিধ অতি দৰকাৰী বনৌষধি লতা । বিভিন্ন ধৰণৰ ৰোগৰ ক্ষেত্ৰত ইয়াক মহৌষধ হিচাপে ক’ব পাৰি। এই লতাৰ গুটিৰো বিশেষ গুণ আছে। অপৰাজিতাৰ শিপা ব্যৱহাৰ কৰিলে প্ৰস্ৰাৱৰ সমস্যা ঠিক হয়। জ্বৰ, হুপিংকাহ, বহুদিনৰ পৰা হৈ থকা কাহ, আদি নোহোৱা কৰে।

কেৱল ঔষধি গুণেই নহয়, অপৰাজিতাই সৌন্দৰ্যৰ ক্ষেত্ৰতো অৰিহণা যোগায়। আজি জানক কিদৰে অপৰাজিতা ফুলে আপোনাৰ মুখৰ উজ্জ্বলতা বৃদ্ধি কৰে। প্ৰথমে, ৫-৬ টা সতেজ ফুল লওঁক আৰু সেইবোৰক পানীত উতলাওক। ঠাণ্ডা হোৱাৰ পিছত ইয়াক চেকি লওক। এই পানীৰে মুখখন ধুলে ছালখন জিলিকি থকাত সহায় হয়। আপুনি ইয়াক কপাহৰ সহায়ত মুখত প্ৰয়োগ কৰিব পাৰে। এইদৰে ব্যৱহাৰ কৰিলে মুখৰ দাগ আঁতৰিব আৰু উজ্জ্বলতা বৃদ্ধি হ’ব।

ইয়াৰোপৰি, অপৰাজিতা ফুলৰ ফেচ প্ৰস্তুত কৰিও লগাব পাৰে। ইয়াক বনাবলৈ, ১০ ৰ পৰা ১২ টা অপৰাজিতা ফুলৰ পাহি লওঁক। তাৰ পিছত এটা পাত্ৰত ফুলবোৰ ২ গিলাচ পানীত যোগ দিয়ক উতলাওক। তাৰ পিছত মিহি পেষ্ট প্ৰস্তুত কৰিবলৈ প্ৰয়োজন অনুসৰি ফুলৰ ৰস যোগ দিয়ক। এতিয়া পেকেটটো ১০ ৰ পৰা ১৫ মিনিটৰ বাবে মুখত প্ৰয়োগ কৰক আৰু কুহুমীয়া পানীৰে মুখখন ধুই দিয়ক।

ধনী হোৱাত বাধা দিয়ে এই ৪ অভ্যাসে! বাস্তু শাস্ত্ৰত আছে সবিশেষ...
কোনবোৰ খাদ্যত সৰ্বাধিক প্ৰটিন থাকে? চিকিৎসকৰ পৰা জানক...
১০০ বছৰ পাছত বিৰল সংযোগ! এইবাৰ ৰাখীবন্ধনত কপাল ফুলিব ৩ ৰাশিৰ লোকৰ...
বাৰিষা কিমান উষ্ণতাত ৰাখিব লাগে ফ্ৰীজ? সঠিককৈ নাজানে যদি এতিয়াই চাওক