শীতকালত বৃদ্ধি পায় নেকি মানসিক চাপ? কি কয় বিশেষজ্ঞই, চাওঁ আহক

শীতকালীন সময়ছোৱাত বহু লোক ডিপ্ৰেচন অৰ্থাৎ মানসিকভাৱে হতাশাগ্ৰস্ত হৈ পৰা দেখিবলৈ পোৱা যায়। মানসিক চাপৰ এই সমস্যাই বিশেষকৈ যুৱচাপক অধিক ভাৰাক্ৰান্ত কৰে। শীতকালত দেখা দিয়া এই সমস্যাৰ কোনো নিৰ্দিষ্ট কাৰণ আছেনে, এই বিষয়ত প্ৰশ্নৰ উদ্ৰেক হয়। এই প্ৰশ্ন উলাই কৰিব পৰা বিধৰ নহয়। ঠাণ্ডা দিনত হোৱা এই অৱস্থাৰ ভিত্তি আছে বুলি বিশেষজ্ঞসকলে জানিবলৈ দিছে।

শীতকালত বৃদ্ধি পায় নেকি মানসিক চাপ? কি কয় বিশেষজ্ঞই, চাওঁ আহক

প্ৰতিনিধিত্বমূলক ছবি

Published: 

11 Jan 2025 | 06:54 PM

শীতকালীন সময়ছোৱাত বহু লোক ডিপ্ৰেচন অৰ্থাৎ মানসিকভাৱে হতাশাগ্ৰস্ত হৈ পৰা দেখিবলৈ পোৱা যায়। মানসিক চাপৰ এই সমস্যাই বিশেষকৈ যুৱচাপক অধিক ভাৰাক্ৰান্ত কৰে। শীতকালত দেখা দিয়া এই সমস্যাৰ কোনো নিৰ্দিষ্ট কাৰণ আছেনে, এই বিষয়ত প্ৰশ্নৰ উদ্ৰেক হয়। এই প্ৰশ্ন উলাই কৰিব পৰা বিধৰ নহয়। ঠাণ্ডা দিনত হোৱা এই অৱস্থাৰ ভিত্তি আছে বুলি বিশেষজ্ঞসকলে জানিবলৈ দিছে। নৱ প্ৰজন্মৰ মাজত এই বিষয়টো ‘উইণ্টাৰ ব্লুজ’ নামেৰে জনাজাত। আনহাতে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ইয়াক ‘seasonal affective disorder’ (SAD) অৰ্থাৎ ‘ঋতুভিত্তিক আৱেগিক বিকাৰ’ বুলি কোৱা হয়।

এই সন্দৰ্ভত বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ মতামত আগবঢ়াইছে। বাংগালুৰুৰ এখন চিকিৎসালয়ৰ ক্লিনিকেল চাইক’লজিষ্ট ডাঃ শিল্পী সৰস্বতে উল্লেখ কৰা মতে ‘seasonal affective disorder’ (SAD) হৈছে বিশ্বৰ লাখ লাখ লোকক প্ৰভাৱিত কৰা এক স্বীকৃতিপ্ৰাপ্ত মানসিক স্বাস্থ্যৰ অৱস্থা। ইয়াৰ দ্বাৰা ব্যক্তিৰ মানসিক স্বাস্থ্য প্ৰভাৱিত হয়। শক্তিৰ মাত্ৰা কমি যায় আৰু লগতে মনত দুখী দুখী ভাৱে ক্ৰিয়া কৰে।

এই শীতকালীন সমস্যাৰ পৰা ওলাই অহাৰো নানা পথ সম্পৰ্কে বিশেষজ্ঞসকলে সন্ধান দিছে। এই পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ বিশেষজ্ঞসকলে কি পৰামৰ্শ আগবঢ়াইছে চাওক —

১/ যদি শীতকালত হতাশাত ভুগিছে তেন্তে ব্যক্তিজনে প্ৰাকৃতিক পোহৰত সময় কটাবলৈ চেষ্টা কৰিব লাগে। ঘৰত বা কোঠাত বহিলে হতাশাৰ মাত্ৰা বৃদ্ধি পায়।

২/ শাৰীৰিকভাৱে সক্ৰিয় হওক। নিয়মিতভাৱে ব্যায়াম কৰিব লাগে। বাহিৰত ঠাণ্ডাৰ প্ৰকোপ কম হ’লে পৰাপক্ষত বাহিৰতে ব্যায়াম কৰাটো ভাল। শীতকালত যদি শৰীৰ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহে তেন্তে মানসিক স্বাস্থ্যৰ উন্নতিৰো সম্ভাৱনা থাকে।

৩/ এক সুস্থ দৈনন্দিন ৰুটিনে শীতকালত ব্যক্তিৰ মানসিক অৱস্থা নিয়ন্ত্ৰণত ৰাখিব পাৰে। দৈনিক খাদ্যত ওমেগা-৩ ফেটি এচিড, ফলমূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে।

৪/ নিজকে ঘৰৰ কোঠাত আৱদ্ধ কৰি নাৰাখিব। সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিব পাৰে। ছ’চিয়েল মিডিয়াত সময় কটোৱাৰ পৰিৱৰ্তে পৰিয়াল, বন্ধু-বান্ধৱী, আত্মীয়ৰ সৈতে সময় কটাওক। কেতিয়াবা কাৰোবাৰ লগত নিজৰ অনুভৱবোৰ শ্বেয়াৰ কৰিলে মানসিক চাপ হ্ৰাস হয়।

৫/ শীতকালত হতাশাৰ অন্যতম প্ৰতিকাৰ হ’ল ধ্যান। নিয়মিত ধ্যান কৰিলে একাগ্ৰতা বৃদ্ধি পায়। মানসিকভাৱে ভাগি পৰাৰ সম্ভাৱনাও হ্ৰাস পায়।

৬/ এইসমূহ ঘৰুৱা বিধানে যদি কোনো সহায় নকৰে, তেতিয়া চিকিৎসকৰ কাষ চপা উচিত। চিকিৎসকে দিয়া পৰামৰ্শই এনে সমস্যা লাঘৱ কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...