কঁকালৰ কাষত নে পেটত? বৃক্কত পাথৰ হ’লে ক’ত বিষ হয়, জানক কি কয় বিশেষজ্ঞই…

Kidney stone: আজিকালি বৃক্কত পাথৰ হোৱা এটা সাধাৰণ সমস্যা। এই পাথৰ হোৱাৰ সময়ত শৰীৰত বহু লক্ষণে দেখা দিয়ে। কিন্তু বহুতে ইয়াক আওকান কৰি চলে যাৰ ফলত সমস্যা গুৰুত্বৰ হৈ পৰে।

কঁকালৰ কাষত নে পেটত? বৃক্কত পাথৰ হলে কত বিষ হয়, জানক কি কয় বিশেষজ্ঞই...

বৃক্কত পাথৰৰ লক্ষণ

Published: 

03 Feb 2025 18:09 PM

আজিকালি কিডনীত পাথৰ হোৱা এক সাধাৰণ সমস্যা হৈ পৰিছে। বেয়া খাদ্যভাস, জীৱনশৈলী, পানী কমকৈ খোৱা আদিকে ধৰি বিভিন্ন কাৰণত বৃক্কত পাথৰ হয়। এই পাথৰ হোৱাৰ ফলত কিছু লক্ষণে দেখা দিয়ে। কিন্তু সাধাৰণ লক্ষণ বুুলি বহু সময়ত মানুহে এইবোৰক আওকান কৰি চলে। যাৰ ফলত পাথৰ ডাঙৰ হোৱাৰ পাছতহে মানুহে গম পায়।  বৃক্কত পাথৰ হোৱাৰ ফলত কত বিষ হয়? এই বিষ পেটত হয় নে কঁকালত হয় বহুতে বুজি নাপায়। গতিকে এই লেখাটোক বৃক্কৰ পাথৰৰ সৈতে জড়িত কিছু তথ্য উল্লেখ কৰা হ’ল।

বৃক্কত পাথৰ হোৱাৰ ফলত বিষ কঁকালৰ পৰা আৰম্ভ কৰি পেট আৰু উৰুলৈ বিয়পি পৰে। বিষ কিমান তীব্ৰ হ’ব সেয়া পাথৰৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। যদি বিষ তীব্ৰ হয় বা সঘনাই হয় তেন্তে ইয়াক আওকাণ নকৰিব আৰু লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব ।

বৃক্কৰ পাথৰৰ বিষ ক’ত হয়?

বৃক্কৰ পাথৰৰ বিষ সাধাৰণতে কঁকালৰ কাষত বা পিঠিৰ তলৰ অংশত হয়। কিন্তু পাথৰ তললৈ অৰ্থাৎ প্ৰস্ৰাৱৰ নলী পোৱাৰ লগে লগে বিষৰ স্থানো সলনি হ’ব পাৰে। এই সময়ছোৱাত ৰোগীয়ে অসহ্যকৰ বিষ অনুভৱ কৰিবলৈ আৰম্ভ কৰে।

পিঠি আৰু কঁকালৰ বিষ

যেতিয়া পাথৰ বৃক্কত থাকে তেতিয়া কঁকালৰ কাষত বা পিঠিৰ তলত বিষ অনুভৱ হয়। যদি পাছৰ বৃক্কৰ পৰা প্ৰস্ৰাৱৰ নলীত যায় তেতিয়া বিষ বৃদ্ধি হয়। এই সময়চোৱাত ৰোগীয়ে পেটৰ তলৰ অংশ বা কঁকালৰ কাষৰ অংশত বিষ অনুভৱ কৰে। পাথৰ তললৈ নামি যোৱাৰ সময়ত উৰুত আনকি প্ৰস্ৰাৱ নলীতো বিষ অনুভৱ কৰে ৰোগীয়ে।

বিষ কেনেকুৱা

বৃক্কত পাথৰ হ’লে বিষ তীব্ৰ হয় । হঠাতে এই বিষ আৰম্ভ হয় আৰু ক্ৰমান্বয়ে ই বৃদ্ধি পাবলৈ ধৰে। ইয়াৰোপৰি বিষ কেৱল এটা ঠাইতে সীমাবদ্ধ নাথাকে। ই শৰীৰৰ অন্য অংশলৈও বিয়পি পৰে। বিষ বৃদ্ধি হোৱাৰ ফলত ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটে। কেতিয়াবা বমি হয়। আৰু এনেকুৱা অৱস্থা হ’লে হাস্পাতালত ভৰ্তি কৰিব লাগে।

প্ৰস্ৰাৱত অসুবিধা

বৃক্কত পাছৰ হ’লে প্ৰস্ৰাৱ কৰাত অসুবিধাৰ সন্মুখীন হয়। এই সময়চোৱাত ৰোগীয়ে প্ৰস্ৰাৱ নলীত জ্বলা-পোৰা বা বিষ অনুভৱ কৰিব পাৰে। কেতিয়া তেজ ওলাবও পাৰে। বৃক্কত পাথৰ হ’লে সঘনাই প্ৰস্ৰাৱ লাগি থাকে যদিও প্ৰস্ৰাৱ নহয়।

পৰিত্ৰাণ

পাথৰৰ পৰা পৰিত্ৰাণ পাবলৈ বা এই সমস্যাৰ পৰা আঁতৰি থাকিবলৈ পানী প্ৰচুৰ পৰিমাণে খাব লাগে। দৈনিক কমেও ৮-১০ গিলাচ পানী খাব লাগে। নিমখ আৰু প্ৰটিনযুক্ত খাদ্য কমকৈ খাব লাগে। পালেং, চাহ, চকলেট আৰু বিলাহী আদি কমকৈ খাব। কিয়নো এই খাদ্যই পাথৰ গঠন হোৱাত সহায় কৰিব পাৰে।নেমুৰ পানী আৰু নাৰিকল পানী খাব লাগে, এইবোৰে বৃক্ক পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...