Kidney Stone Cause: শীতকালত বৃদ্ধি পাই বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা! ৩টা ডাঙৰ কাৰণ জানক চিকিৎসকৰ পৰা…
Kidney Stone Cause: শীতকালত বিভিন্ন ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। বৃক্কত পাথৰ হোৱাৰ আশংকাও বৃদ্ধি পায়। ইয়াৰ আঁৰত থাকে কেইটামান বিশেষ কাৰণ। গতিকে এই দিশত সাৱধান হোৱা ভাল।

বৃক্কত পাথৰ
বৰ্তমান সময়ত বৃক্কত পাথৰ হোৱা এক ডাঙৰ সমস্যা। যেতিয়া বৃক্কৰ ভিতৰত জমা হোৱা খনিজ পদাৰ্থবোৰ একেলগে লগ লাগি সৰু বা ডাঙৰ আৰু কঠিন স্ফটিক গঠন কৰে, তেতিয়া ইয়াক বৃক্কত পাথৰ (Kidney stone)হোৱা বুলি কয়। এই টুকুৰাবোৰ যেতিয়া প্ৰস্ৰাৱ নলীৰ মাজেৰে গতি কৰে তেতিয়া তীব্ৰ বিষ, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা আদি বিভিন্ন সমস্যা হয়। বৃক্কৰ পাথৰ ৪ প্ৰকাৰৰ- কেলচিয়াম পাথৰ, ইউৰিক এচিড পাথৰ, ষ্ট্ৰুভাইট পাথৰ, চিষ্টিন পাথৰ।
শীতকালত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। অৱশ্যে ইয়াৰ কাৰণ থাকে। এই সন্দৰ্ভত সবিশেষ জনাইছে ছফদাৰজং হাস্পতালৰ নেফ্ৰ’লজী বিভাগৰ ডাঃ হিমাংশু বৰ্মাই। তলত সবিশেষ উল্লেখ কৰা হ’ল-
পানীৰ অভাৱঃ ঠাণ্ডাৰ দিনত প্ৰায়ভাগ মানুহৰ ডিহাইড্ৰেশ্যনৰ সমস্যা হয়। পানী কম খোৱা বাবে শৰীৰত পানীৰ অভাৱ হয়। ইয়াৰ ফলত প্ৰস্ৰাৱ গাঢ় হয় আৰু বৃক্কত পাথৰৰ সম্ভাৱনা বৃদ্ধি পায়। কম পানী খোৱাৰ ফলত প্ৰস্ৰাৱ গাঢ় হয় আৰু প্ৰস্ৰাৱত মিনাৰেল্স, নিমখ লগ খাই যায় আৰু গোট গঠন কৰে। যি পাছলৈ পাথৰ হয়।
শাৰীৰিক কাৰ্যকলাপঃ শীতকালত মানুহে শাৰীৰিক কাৰ্যকলাপ কমকৈ কৰে। বহুতে ব্যায়াম, খোজ কঢ়া আদি কমাই দিয়ে। বহু সময় ধৰি বহি খাকে। ইয়াৰ ফলত শৰীৰত কেলচিয়ামৰ স্তৰ প্ৰভাৱিত হয় আৰু ই বৃক্কত জমা হ’বলৈ ধৰে। এনেকৈ পাথৰ হয়।
চৰ্বিযুক্ত খাদ্যঃ শীতকালত সাধাৰণতে মানুহে বেছিকৈ খাদ্য খায়। ভজা, পোৰা, তেলযুক্ত খাদ্য় বেছিকৈ খোৱা দেখা যায়, যাৰ ফলত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰোপৰি বেছি নিমখযুক্ত খাদ্য়ই বৃক্কক প্ৰভাৱিত কৰে।
লক্ষণ
- তীব্ৰ পেটৰ বিষ
- কঁকাল, পেটৰ কাষতো হঠাতে বিষ হ’ব পাৰে।
- প্ৰস্ৰাৱত জলা-পোৰা
- বাৰে বাৰে প্ৰস্ৰাৱ
- প্ৰস্ৰাৱত তেজ
- প্ৰস্ৰাৱৰ দুৰ্গন্ধ
- বমি
- বমি ভাব আদি।
পৰিত্ৰাণৰ উপায়
- পৰ্যাপ্ত পৰিমাণৰ পানী খাব।
- সুষম খাদ্য খাওক।
- শাৰীৰিক কাৰ্যকলাপ কৰক।
- ওজন নিয়ন্ত্ৰণত ৰাখক।
- লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
অন্য খবৰ পঢ়কঃ সুৰাপান নকৰা লোকসকলৰ কিয় ফেটি লিভাৰ হয়? জানক ৫টা কাৰণ…