চকু ৰঙা পৰা, খজুৱতি…ভুলতো নল’ব সাধাৰণভাৱে! হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ…
আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। ইয়াৰ ভিতৰত বৃক্কৰ সমস্যাও অন্যতম। যেতিয়া বৃক্কৰ সমস্যা হয় তেতিয়া চকুত কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

চকুৰ সমস্যা
আজিকালি মানুহৰ মাজত বৃক্কৰ লগত জড়িত সমস্যা বৃদ্ধি পোৱা দেখা গৈছে। যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে বিভিন্নজনে এই সমস্যাত ভোগা দেখা যায়। বৃক্ক আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰত ফিল্টাৰৰ দৰে কাম কৰি বেয়া পদাৰ্থবোৰ বাহিৰ কৰে। কিন্তু যেতিয়া বৃক্কই সঠিকভাৱে কাম নকৰে তেতিয়া এইবোৰ বাহিৰ কৰিব নোৱাৰে।
যেতিয়া মানুহৰ বৃক্কৰ সমস্যা হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। বহুতে এই লক্ষণবোৰ সাধাৰণ বুলি ভাবি আওকান কৰে। কিন্তু ইয়াক সময়মতে চিনাক্ত কৰা ভাল। স্বাস্থ্য বিশেষজ্ঞৰ মতে, বৃক্কৰ সমস্যাৰ আৰম্ভণি হ’লে চকুত কেইটামান লক্ষণে দেখা দিয়ে। এই লক্ষণসমূহ তলত উল্লেখ কৰা হ’ল-
চকু ফুলাঃ পুৱা শুই উঠাৰ পাছতে চকু ফুলা সাধাৰণ কথা। কিন্তু যদি এই সমস্যা বহু সময় ধৰি থাকে বা দিনটোৰ কেইবাঘন্টা সময় চকু ফুলি থাকে তেন্তে ই বৃক্কৰ লগত জড়িত সমস্যাৰ ইংগিত হ’ব পাৰে। এই সমস্যা বিশেষকৈ চকুৰ পতাৰ চাৰিওফালে হ’ব পাৰে। ই প্ৰটিন ইউৰিয়াৰ লক্ষণ হ’ব পাৰে। এই অৱস্থাত বৃক্কৰ সমস্যাৰ বাবে প্ৰস্ৰাৱত প্ৰটিন বাহিৰ হয়।
ধোঁৱা ধোঁৱা দেখাঃ হঠাতে চকুৰে ধোঁৱা ধোঁৱা দেখিব পাৰে। বা দুটা দুটা বস্তু দেখিব পাৰে। ইয়াৰোপৰি চকুৰ দৃষ্টিশক্তি কমিব পাৰে। এই অৱস্থাকহাইপাৰটেনচিভ বা ডায়েবেটিক ৰেটিনোপেথী বুলি কয়। উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ বৃক্কৰ সমস্যাৰ অন্যতম কাৰণ।
চকুত খজুৱতিঃ চকুত অনবৰতে খজুৱতি আৰু শুকান হৈ যোৱা বৃক্কৰ লগত জড়িত সমস্যাৰ লক্ষণ হ’ব পাৰে। বৃক্কৰ ৰোগৰ বাবে ডায়েলেছিচ কৰাসকলৰ চকু সাধাৰণতে শুকান হৈ যায়। কেলচিয়াম আৰু বেয়া পদাৰ্থ জমা হোৱাৰ বাবে এনে সমস্যা হয়।
চকুৰ ৰঙাঃ এলাৰ্জি, ভাগৰুৱা বা বিভিন্ন সংক্ৰমণ বাবে চকু ৰঙা পৰিব পাৰে। কিন্তু ই উচ্চ ৰক্তচাপ, ডায়েবেটিছ, বৃক্কৰ সমস্যাৰ লক্ষণো হ’ব পাৰে। ৰক্তবাহী নলীত চাপ বৃদ্ধি পোৱাৰ ফলত এনে সমস্যা হয়।
ৰং চিনাক্তঃ বৃক্কৰ সমস্যা হ’লে কিছুমান ৰোগীয়ে ৰং চিনাক্ত কৰাৰ সমস্যাত ভোগে। বিশেষকৈ নীলা আৰু সেউজীয়া ৰং চিনাক্ত কৰাত। চকুৰ স্নায়ুৰ ক্ষতিৰ ফলত বা ৰেটিনাৰ পৰিৱৰ্তনৰ ফলত এনে হ’ব পাৰে। যদি দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপ, ডায়েবেটিছ আদি হয় তেন্তে এই সমস্যা হ’ব পাৰে। সময়ৰ লগে লগে এই সমস্যা আৰু অধিক বৃদ্ধি পাবলৈ ধৰে।
অন্য লক্ষণ
বৃক্কৰ সমস্যা হলে আন কিছুমান লক্ষণেও দেখা দিয়ে। সেইবোৰ-
- প্ৰস্ৰাৱত ফেন অহা।
- প্ৰস্ৰাৱৰ ৰং সলনি।
- সঘনাই প্ৰস্ৰাৱ অহা।
- প্ৰস্ৰাৱত জলা পোৰা।
- ভাগৰুৱা।
- দুৰ্বলতা।
- পেট বিষ।
- ককালৰ বিষ আদি।
গতিকে যদি আপোনাৰ দীৰ্ঘদিন এই সমস্যাবোৰে দেখা দিয়ে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।
অন্য খবৰ পঢ়কঃ শৌচ কৰাৰ সময়ত মোবাইল ব্যৱহাৰ কৰাৰ অভ্যাস আছে নেকি? হ’ব পাৰে এইসমূহ ডাঙৰ ৰোগ…