হাত-ভৰি ফুলা, প্ৰস্ৰাৱৰ ৰং সলনি, ই কি ৰোগৰ লক্ষণ জানেনে? জানক চিকিৎসকৰ পৰা…

মানুহৰ শৰীৰত বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। বহু ৰোগ হ'লে ইয়াৰ পূৰ্বে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। যেনে প্ৰস্ৰাৱৰ ৰং সলনি, বমি আদি। গতিকে ই কোনো ৰোগৰ লক্ষণ হ'ব পাৰে।

হাত-ভৰি ফুলা, প্ৰস্ৰাৱৰ ৰং সলনি, ই কি ৰোগৰ লক্ষণ জানেনে? জানক চিকিৎসকৰ পৰা...

ভৰি ফুলা

Published: 

13 Jul 2025 22:58 PM

যদি হঠাতে হাত-ভৰি ফুলিবলৈ আৰম্ভ কৰে বা প্ৰস্ৰাৱৰ ৰং অস্বাভাৱিক হয়, তেন্তে ই কোনো ৰোগৰ লক্ষণ হ’ব পাৰে। এই লক্ষণসমূহে বৃক্কৰ গুৰুতৰ সমস্যাৰ ইংগিত দিয়ে। বৃক্কই যেতিয়া সঠিকভাৱে কাম নকৰে তেতিয়া শৰীৰত পানী আৰু বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে। যাৰ ফলত প্ৰথম অৱস্থাত হাত-ভৰি ফুলা আৰু প্ৰস্ৰাৱৰ ৰং সলনি হোৱা দেখা যায়। স্বাভাৱিক অৱস্থাত বৃক্কই শৰীৰৰ পৰা বিষাক্ত উপাদান আৰু অতিৰিক্ত পানী আঁতৰাই পেলায়।

বৃক্ক হৈছে আমাৰ শৰীৰৰ ফিল্টাৰিং ব্যৱস্থা, যিয়ে তেজ পৰিষ্কাৰ কৰি প্ৰস্ৰাৱৰ জৰিয়তে বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়। যেতিয়া ই সঠিকভাৱে কাম নকৰে তেতিয়া শৰীৰত বিষাক্ত পদাৰ্থ আৰু পানী জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত ফুলা, উচ্চ ৰক্তচাপ আৰু দুৰ্বলতা আদি সমস্যাৰ সৃষ্টি হয়। বৃক্কৰ ৰোগে কেৱল প্ৰস্ৰাৱতে নহয়, সমগ্ৰ শৰীৰৰ কাৰ্যক্ষমতাতো প্ৰভাৱ পেলায়। ই হাড়ৰ শক্তি হ্ৰাস কৰিব পাৰে, ৰক্তহীনতা সৃষ্টি কৰিব পাৰে আৰু লগতে হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে।

যদি ই গুৰুতৰ হৈ পৰে তেন্তে ব্যক্তিজনক ডায়েলাইছিছ কৰিব লগা হয় বা আনকি কিডনী ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজনো হ’ব পাৰে। সেয়ে সময়মতে ৰোগ চিনাক্ত কৰি চিকিৎসা কৰিব লাগে।

কিডনী ৰোগৰ লক্ষণসমূহ কি কি?

ছফদাৰজং হাস্পতালৰ নেফ্ৰ’লজী বিভাগৰ ডাঃ হিমাংশু বাৰ্মাই কয় যে বৃক্কৰ ৰোগ লাহে লাহে বিকশিত হয় আৰু ইয়াৰ লক্ষণসমূহ আৰম্ভণিতে অতি সাধাৰণ যেন লাগিব পাৰে। প্ৰায়ে মানুহে ইয়াক ভাগৰ, পানীলগা বা দুৰ্বলতা বুলি ভাবি আওকাণ কৰে।

  • সাধাৰণ লক্ষণ হ’ল হাত, ভৰি আৰু মুখমণ্ডল ফুলা।
  • ইয়াৰ উপৰিও প্ৰস্ৰাৱৰ ৰং ক’লা হোৱা।
  • ফেনাযুক্ত প্ৰস্ৰাৱ বা সঘনাই প্ৰস্ৰাৱ কৰাৰ প্ৰয়োজন অনুভৱ।
  • কিছুমান ক্ষেত্ৰত কম প্ৰস্ৰাৱ বা প্ৰস্ৰাৱ সম্পূৰ্ণ বন্ধ হোৱা।
  • ভোকহীনতা।
  • সঘনাই বমি হোৱাৰ দৰে অনুভৱ।
  • ভাগৰুৱা।
  •  উশাহ-নিশাহ লোৱাত কষ্ট ।
  • শৰীৰত খজুৱতি।
  • উচ্চ ৰক্তচাপ আৰু মনোযোগৰ অভাৱ  আদি।

ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

  • প্ৰচুৰ পৰিমাণে পানী খাব লাগে ।
  • নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰক।
  • বেছিকৈ নিমখ, ভজা বা পেকেটত থকা খাদ্য খোৱাৰ পৰা বিৰত থাকক।
  • ধূমপান আৰু মদৰ পৰা আঁতৰি থাকক।
  • প্ৰতিদিনে কিছু সময় ব্যায়াম বা খোজ কঢ়া।
  • চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ কোনো ঔষধ গ্ৰহণ নকৰিব।

যদি আপোনাৰ শৰীৰত এই লক্ষণসমূহে দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

চন্দ্ৰগ্ৰহণত দুৰ্লভ সংযোগ, এই ৩ ৰাশিৰ উদয় হ’ব ভাগ্য!
এই মাৰাত্মক ভুলবোৰ নকৰিব ! সাপে কামোৰাৰ পাছত প্ৰথম ১০ মিনিটত কি কৰিব লাগে? জানক
ভগৱান বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশিৰ লোক, কেতিয়াও নহয় ধনৰ অভাৱ!
হঠাৎ কিয় ছ'চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ ৰাজীৱ কলিতাই ল'লে চৰম পন্থা?